--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বডিগাৰ্ড অবিহনে চলা-ফিৰা অচল বলিউডৰ ছুপাৰষ্টাৰসকলৰ। এই তালিকাত কেইজনমান জনপ্ৰিয় তথা চহকী বডিগাৰ্ডৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে।

শ্বেৰা হৈছে ছলমান খানৰ ব্যক্তিগত দেহৰক্ষী। অভিনেতাজনে তেওঁক পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে।  শ্বেৰাই ছলমানৰ বিষয়ে যিখিনি জানে, সেয়া তেওঁৰ পৰিয়ালেও নাজানে। শ্বেৰাৰ জনপ্ৰিয়তাও কম নহয়। শ্বেৰা ছলমানৰ সৈতে ২৯ বছৰ ধৰি আছে। সূত্ৰ অনুসৰি তেওঁ প্ৰতিমাহে ১৫ লাখ টকা উপাৰ্জন কৰে। শ্বেৰাৰ বাৰ্ষিক আয় দুই কোটি টকা।

শ্বাহৰুখৰ ব্যক্তিগত দেহৰক্ষী ৰবি সিং। ছবিৰ প্ৰচাৰ হওক বা জন্মদিনৰ পাৰ্টি - ৰবিয়ে কেতিয়াও অভিনেতাজনক এক মুহূৰ্তৰ বাবেও অকলে এৰি নাযায়। ৰবিয়ে কেৱল শ্বাহৰুখকে নহয়, খান পৰিয়ালৰ সদস্যসকলকো নিৰাপত্তা প্ৰদান কৰে। শ্বেৰাতকৈ ৰবিয়ে বেছি দৰমহা পোৱা বুলি চৰ্চা চলিছে। যদিও মাহিলী দৰমহা জানিব পৰা হোৱা নাই, সূত্ৰ অনুসৰি তেওঁ বছৰি ডেৰ-দুই নিযুততকৈ অধিক টকা লাভ কৰে।

পাৰিশ্ৰমিকৰ ক্ষেত্ৰত অমিতাভ বচ্চনৰ নিৰাপত্তাৰক্ষী জিতেন্দ্ৰ শিণ্ডেও বহু পিছ পৰি থকা নাই। ২০২১ চনৰ আগষ্ট পৰ্যন্ত অমিতাভৰ অহৰহ সংগী আছিল জিতেন্দ্ৰ। পিছত অৱশ্যে নিয়ম ভংগ কৰাৰ বাবে তেওঁক নিলম্বন কৰা হয়। জিতেন্দ্ৰই ২০১৫ চনত অমিতাভৰ ‘চিকিউৰিটি কভাৰ’ হিচাপে কাম আৰম্ভ কৰিছিল। তেওঁ মুম্বাই আৰক্ষীত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। জীতেন্দ্ৰক অভিনেতাৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী পদত পদোন্নতি দিয়া হয়। সূত্ৰ অনুসৰি জিতেন্দ্ৰই নিৰাপত্তাৰক্ষী হিচাপে প্ৰতি বছৰে ডেৰ কোটি টকা উপাৰ্জন কৰিছিল। বৰ্তমান তেওঁ নিজাকৈ এটা চোৰাংচোৱা সংস্থা খুলিছে।

অক্ষয় কুমাৰৰ বডীগাৰ্ডৰ নাম শ্ৰেশে থালে। অভিনেতাজনে ঘৰৰ বাহিৰলৈ এবাৰ খোজ দিলেই তেওঁৰ সুৰক্ষাৰ দায়িত্ব তেওঁৰ। অনুৰাগীয়ে ৰাজহুৱা সমাৱেশত অক্ষয়ক ঘেৰি ধৰিলেও শ্ৰেশে দুয়োপক্ষৰ মাজত দেৱাল হিচাপে থিয় হৈ থাকে। শ্ৰেশে কেৱল অক্ষয়ৰ নিৰাপত্তাৰ বাবেই নহয় অভিনেতাৰ পুত্ৰ আৰৱৰ নিৰাপত্তাৰ দায়িত্বও লয়। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি তেওঁ প্ৰতি বছৰে ১ কোটি ২০ লাখ টকাৰ দৰমহা পায়।

যুৱৰাজ ঘোৰপাদে হৈছে আমিৰ খানৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী। যুৱৰাজক আমিৰৰ অহৰহ সংগী হিচাপে কেৱল ভাৰততে নহয়, বিদেশতো দেখা যায়। সূত্ৰ অনুসৰি তেওঁ প্ৰতি বছৰে ২ কোটি টকা দৰমহা পায়।

দীপিকা পাডুকনত কোনো ৰাজহুৱা সমাৱেশত উপস্থিত থাকিলে জালালক লগত দেখা যায়। তেওঁ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী। জলালে বহু বছৰ ধৰি দীপিকাৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আহিছে। সূত্ৰ অনুসৰি তেওঁ বছৰি ১ কোটি ২০ লাখ টকাৰ মাচুল লাভ কৰে।

অনুষ্কা শৰ্মাৰ নিৰাপত্তাৰক্ষী সোণুৱেও জালালৰ সমানেই দৰমহা পায়। যদিও তেওঁৰ প্ৰকৃত নাম প্ৰকাশ সিং। অভিনেত্ৰী পৰিয়ালটো ওলাই গ’লে বিৰাট কোহলী আৰু অনুষ্কাৰ কন্যা ভামিকাৰ নিৰাপত্তাৰ দায়িত্বও প্ৰকাশৰ দায়িত্বত থাকে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি তেওঁ প্ৰতি বছৰে ১ কোটি ২০ লাখ টকাৰ দৰমহা পায়

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement