--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বডিগাৰ্ড অবিহনে চলা-ফিৰা অচল বলিউডৰ ছুপাৰষ্টাৰসকলৰ। এই তালিকাত কেইজনমান জনপ্ৰিয় তথা চহকী বডিগাৰ্ডৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে।

শ্বেৰা হৈছে ছলমান খানৰ ব্যক্তিগত দেহৰক্ষী। অভিনেতাজনে তেওঁক পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে।  শ্বেৰাই ছলমানৰ বিষয়ে যিখিনি জানে, সেয়া তেওঁৰ পৰিয়ালেও নাজানে। শ্বেৰাৰ জনপ্ৰিয়তাও কম নহয়। শ্বেৰা ছলমানৰ সৈতে ২৯ বছৰ ধৰি আছে। সূত্ৰ অনুসৰি তেওঁ প্ৰতিমাহে ১৫ লাখ টকা উপাৰ্জন কৰে। শ্বেৰাৰ বাৰ্ষিক আয় দুই কোটি টকা।

শ্বাহৰুখৰ ব্যক্তিগত দেহৰক্ষী ৰবি সিং। ছবিৰ প্ৰচাৰ হওক বা জন্মদিনৰ পাৰ্টি - ৰবিয়ে কেতিয়াও অভিনেতাজনক এক মুহূৰ্তৰ বাবেও অকলে এৰি নাযায়। ৰবিয়ে কেৱল শ্বাহৰুখকে নহয়, খান পৰিয়ালৰ সদস্যসকলকো নিৰাপত্তা প্ৰদান কৰে। শ্বেৰাতকৈ ৰবিয়ে বেছি দৰমহা পোৱা বুলি চৰ্চা চলিছে। যদিও মাহিলী দৰমহা জানিব পৰা হোৱা নাই, সূত্ৰ অনুসৰি তেওঁ বছৰি ডেৰ-দুই নিযুততকৈ অধিক টকা লাভ কৰে।

পাৰিশ্ৰমিকৰ ক্ষেত্ৰত অমিতাভ বচ্চনৰ নিৰাপত্তাৰক্ষী জিতেন্দ্ৰ শিণ্ডেও বহু পিছ পৰি থকা নাই। ২০২১ চনৰ আগষ্ট পৰ্যন্ত অমিতাভৰ অহৰহ সংগী আছিল জিতেন্দ্ৰ। পিছত অৱশ্যে নিয়ম ভংগ কৰাৰ বাবে তেওঁক নিলম্বন কৰা হয়। জিতেন্দ্ৰই ২০১৫ চনত অমিতাভৰ ‘চিকিউৰিটি কভাৰ’ হিচাপে কাম আৰম্ভ কৰিছিল। তেওঁ মুম্বাই আৰক্ষীত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। জীতেন্দ্ৰক অভিনেতাৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী পদত পদোন্নতি দিয়া হয়। সূত্ৰ অনুসৰি জিতেন্দ্ৰই নিৰাপত্তাৰক্ষী হিচাপে প্ৰতি বছৰে ডেৰ কোটি টকা উপাৰ্জন কৰিছিল। বৰ্তমান তেওঁ নিজাকৈ এটা চোৰাংচোৱা সংস্থা খুলিছে।

অক্ষয় কুমাৰৰ বডীগাৰ্ডৰ নাম শ্ৰেশে থালে। অভিনেতাজনে ঘৰৰ বাহিৰলৈ এবাৰ খোজ দিলেই তেওঁৰ সুৰক্ষাৰ দায়িত্ব তেওঁৰ। অনুৰাগীয়ে ৰাজহুৱা সমাৱেশত অক্ষয়ক ঘেৰি ধৰিলেও শ্ৰেশে দুয়োপক্ষৰ মাজত দেৱাল হিচাপে থিয় হৈ থাকে। শ্ৰেশে কেৱল অক্ষয়ৰ নিৰাপত্তাৰ বাবেই নহয় অভিনেতাৰ পুত্ৰ আৰৱৰ নিৰাপত্তাৰ দায়িত্বও লয়। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি তেওঁ প্ৰতি বছৰে ১ কোটি ২০ লাখ টকাৰ দৰমহা পায়।

যুৱৰাজ ঘোৰপাদে হৈছে আমিৰ খানৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী। যুৱৰাজক আমিৰৰ অহৰহ সংগী হিচাপে কেৱল ভাৰততে নহয়, বিদেশতো দেখা যায়। সূত্ৰ অনুসৰি তেওঁ প্ৰতি বছৰে ২ কোটি টকা দৰমহা পায়।

দীপিকা পাডুকনত কোনো ৰাজহুৱা সমাৱেশত উপস্থিত থাকিলে জালালক লগত দেখা যায়। তেওঁ অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী। জলালে বহু বছৰ ধৰি দীপিকাৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আহিছে। সূত্ৰ অনুসৰি তেওঁ বছৰি ১ কোটি ২০ লাখ টকাৰ মাচুল লাভ কৰে।

অনুষ্কা শৰ্মাৰ নিৰাপত্তাৰক্ষী সোণুৱেও জালালৰ সমানেই দৰমহা পায়। যদিও তেওঁৰ প্ৰকৃত নাম প্ৰকাশ সিং। অভিনেত্ৰী পৰিয়ালটো ওলাই গ’লে বিৰাট কোহলী আৰু অনুষ্কাৰ কন্যা ভামিকাৰ নিৰাপত্তাৰ দায়িত্বও প্ৰকাশৰ দায়িত্বত থাকে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি তেওঁ প্ৰতি বছৰে ১ কোটি ২০ লাখ টকাৰ দৰমহা পায়

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান