--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০১২ চনত সংঘটিত হৈছিল দেশ কঁপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ড। শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰটো দেশৰ ভিতৰতে চৰ্চিত হত্যাকাণ্ডৰ অন্যতম। কন্যা শ্বীনা বৰাৰ হত্যাকাণ্ডৰ অপৰাধত ছবছৰৰো অধিক কাৰাদণ্ড কটাবলগীয়া হোৱা প্ৰাক্তন মিডিয়া হাউছৰ কাৰ্যবাহী বিষয়া ইন্দ্ৰাণী মুখাৰ্জীয়ে আত্মজীৱনীত দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱা ব্যক্তিজন "জীৱিত"।মুখাৰ্জী দীৰ্ঘদিন ধৰি কাৰাগাৰত আছে আৰু ইমান সোনকালে গোচৰৰ শুনানি সমাপ্ত নহ’ব বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ ১৮ মে’ত জামিন মঞ্জুৰ কৰিছিল। হত্যাৰ অভিযোগক স্পষ্টভাৱে অস্বীকাৰ কৰিছে মুখাৰ্জীয়ে।

মুখাৰ্জীয়ে তেওঁৰ ‘অনব্ৰকেন: দ্য আনটল্ড ষ্ট’ৰী’ নামৰ গ্ৰন্থখনত কৈছে যে তেওঁ আৰু শ্বীনাৰ আচলতে দেখাত একে আছিল আৰু আনকি একে খাদ্যও ভাল পাইছিল, কিন্তু তেওঁলোকৰ মাজত কোনো পৰম্পৰাগত মাতৃ-সন্তানৰ সম্পৰ্ক নাছিল। হাৰ্পাৰকলিন্স ইণ্ডিয়াই প্ৰকাশ কৰা কিতাপখনত মুখাৰ্জীয়ে লিখিছে, "শ্বীনাৰ স্বভাৱ মই ১৫ বছৰ বয়সতহে জানিছিলোঁ। আৰম্ভণিৰে পৰাই আমি বন্ধু হিচাপে সংযোগ স্থাপন কৰিছিলোঁ।"

কিতাপখনৰ লিখিছে “শ্বীনাই মোৰ মাক পিতৃ-মাতৃ বুলি গণ্য কৰিছিল, মাক-দেউতাকৰ লগত ডাঙৰ হোৱাৰ লগে লগে মোক ভাই-ভনী হিচাপে দেখিছিল। দুয়োৰে মাজৰ সম্পৰ্কৰ শক্তিৰ কথা উল্লেখ কৰি তাই নিজৰ কিতাপখনত কয়,বছৰ বছৰ ধৰি আমাৰ সম্পৰ্ক শক্তিশালী হৈ আহিছিল। আমি খাদ্যৰ পৰা আৰম্ভ কৰি গহনা আৰু কাপোৰলৈকে সকলো ভাগ কৰিছিলো, কিন্তু, দুৰ্ভাগ্যজনকভাৱে, সেয়া অল্পকালীন আছিল।"

মুখাৰ্জীয়ে লিখিছে যে মই ২১ বছৰীয়া ছোৱালী এজনীৰ মাতৃ হোৱাৰ প্ৰত্যাহ্বানৰ বিষয়ে নাজানিছিলো, শান্ত মাতৃৰ চৰিত্ৰত অভিনয় বন্ধ কৰি কঠোৰ অভিভাৱক হোৱাৰ লগে লগে কথাবোৰ সলনি হৈ গ’ল। মুখাৰ্জীয়ে দাবী কৰে যে, "তেওঁ কেতিয়াও শ্বীনাৰ সন্মুখত নিজৰ ক্ষোভ প্ৰকাশ কৰা নাছিল। ২০১৫ চনৰ ২৫ আগষ্টত মুম্বাই আৰক্ষীৰ এটা দলে শ্বীনাক হত্যা কৰাৰ অভিযোগত মুখাৰ্জীক গ্ৰেপ্তাৰ কৰিছিল।"

কিতাপখনত লিখিছে, "যেতিয়া মই জেলত আছিলো, তেতিয়া বাইকুলা জেলৰ এগৰাকী কয়দীয়েও দাবী কৰিছিল যে তেওঁ শ্বীনাক কাশ্মীৰত দেখা পাইছিল। তেওঁ আছিল এগৰাকী লেডী চৰকাৰী বিষয়া। মই মোৰ উকীল ছানা (ৰইছ খানৰ)ৰ জৰিয়তে শ্বীনাক বিচৰাত গুৰুত্ব দিছিলোঁ।" উল্লেখ্য যে, মুম্বাইৰ এখন বিশেষ আদালতে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক গুৱাহাটী বিমানবন্দৰৰ চিচিটিভি ফুটেজ সংৰক্ষণ কৰিবলৈ আৰু শ্বীনাৰ দৰে দেখা পোৱা বুলি অভিযোগ উত্থাপন কৰা ছোৱালীজনীৰ পৰিচয় জানিবলৈ অনুৰোধ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস