--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে উচ্চতম ন্যায়ালয়ে মণিপুৰত সংঘটিত জনগোষ্ঠীয় হিংসা সন্দৰ্ভত চিবিআইৰ তদন্তৰ তদাৰক কৰিবলৈ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত দত্তত্ৰায় পদছালগিকক আৰু মানৱীয় দিশসমূহ চাবলৈ জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ গীতা মিত্তলৰ নেতৃত্বত গঠিত তিনিজনীয়া কমিটী নিযুক্তি দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।

“তদন্তৰ ওপৰত সামগ্ৰিকভাৱে নিৰীক্ষণ কৰা এজন প্ৰাক্তন আৰক্ষী বিষয়া হ’ব দত্তত্ৰয় পদছালগিকাৰ, যি এজন অতি সজ্জিত বিষয়া। এন আই এত কাৰ্যনিৰ্বাহ কৰিছিল, চোৰাংচোৱা ব্যুৰোত কাৰ্যনিৰ্বাহ কৰিছিল আৰু নব্বৈৰ দশকত নাগালেণ্ডত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মহাৰাষ্ট্ৰ কেডাৰৰ এজন বিষয়া আছিল।’ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত চলা বিচাৰপীঠে এইদৰে কয়।

ন্যায়াধীশ মিত্তল কমিটীৰ আন সদস্য হিচাপে থাকিব ন্যায়াধীশ শলিনী ফানছাক্লাৰ যোশী আৰু আশা মেনন। তদন্তৰ সন্দৰ্ভত আদালতে কয় যে ই “চিবিআইক সলনি কৰিবলৈ যোৱা নাই কাৰণ আমাৰ এটা তদন্তকাৰী সংস্থা আছে যিয়ে তদন্ত চোৱাচিতা কৰি আছে”।

চিবিআইয়ে তদন্ত কৰি থকা গোচৰসমূহৰ তদাৰক কৰাৰ বাবে অন্য ৰাজ্যৰ পৰা অন্ততঃ DySP বা SP ৰেংকৰ পাঁচজন বিষয়াক ডেপুটেচনত অনা হ’ব বুলি আদালতে জনায়। চিবিআইৰ আন্তঃগাঁথনিগত আৰু প্ৰশাসনিক ব্যৱস্থাৰ চাৰিটা চুকত তেওঁলোকে কাম কৰিব বুলিও লগতে কয়। তদন্তৰ অতিৰিক্ত স্তৰ হিচাপে আদালতে কয় যে, “তদন্তৰ ব্যাপক অভিজ্ঞতা থকা প্ৰাক্তন আই পি এছ বিষয়া পদছালগিকাৰে...তদন্তৰ প্ৰকৃতি চোৱাচিতা কৰিব”।

চিবিআইলৈ বদলি নোহোৱা এফআইআৰসমূহ ৪২টা বিশেষ তদন্তকাৰী দলে চাব বুলিও উল্লেখ কৰি আদালতে কয় যে এছআইটিসমূহে আন ৰাজ্যৰ পৰাও এজন পৰিদৰ্শকক ডেপুটেচনত আনিব। এছ পি ৰেংকৰ তলত নথকা এজন বিষয়াৰ নেতৃত্বত গঠিত এই এছ আই টিসমূহৰ তত্বাৱধানত মণিপুৰৰ বাহিৰৰ পৰা অহা ছয়জন ডি আই জি ৰেংকৰ বিষয়াই তদাৰক কৰিব। আদালতে সন্ধিয়াৰ পিছত বিশদ আদেশ জাৰি কৰিব বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন