--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজিৰ পৰা ৮বছৰ পূৰ্বে ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে। এশটা শতকীয় ইনিংছেৰে বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হোৱা মহাতাৰকা গৰাকীয়ে সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আকৰ্ষণীয় ব্যক্তিত্ব, মাৰ্জিত আচৰণ আৰু স্বভাৱসুলভ হাঁহিটোৰ বাবে শচীনৰ প্ৰতি মানুহৰ মৰম আগৰ দৰেই বৈ আছে-নিৰৱধি। ক্ৰিকেট পিটছত প্ৰতিপক্ষৰ খেলুৱৈক ব্যতিবস্ত কৰা মহাতাৰকা জনলৈ আহিছে আন এক সুখ বাৰ্তা। ভাৰতীয় মহানতাৰকা বেটছমেন শচীন তেণ্ডুলকাৰক ২০২১ চনৰ ইংলেণ্ডৰ এটা জৰীপ প্ৰতিষ্ঠানৰ জৰীপত বিশ্বৰ আটাইতকৈ প্ৰশংসিত আৰু সন্মানীয় পুৰুষসকলৰ ভিতৰত দ্বাদশ স্থান দিয়া হৈছে।

অৱশ্যে, আটাইতকৈ প্ৰভাৱশালী খেলুৱৈ হিচাপে শচীনৰ স্থান তৃতীয়। আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছী আৰু পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় স্থানত আছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। মাইক্ৰ’ছ’ফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ আছে তালিকাৰ দ্বিতীয় স্থানত। আনহাতে, চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে বিগত বৰ্ষৰ দৰে এইবাৰো তালিকাৰ তৃতীয় স্থানত আছে। তেনেদৰে, লিঅ’নেল মেছী তালিকাৰ সপ্তম আৰু ৰোনাল্ডো তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে।
স্মৰ্তব্য যে, বিগত বৰ্ষৰ জৰীপৰ শীৰ্ষ-২০ত নাছিল শচীনৰ নাম। কিন্তু চলিত বৰ্ষৰ অন্তত তালিকাৰ শীৰ্ষ ৫জনৰ ভিতৰত আমেৰিকাৰ ধনাঢ্য ব্যক্তি ৱাৰেন বাফেটৰ পাছতে আছে শচীনৰ নাম। এই জৰীপত বিগ-বি অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানকো অতিক্ৰম কৰিছে ক্ৰিকেটৰ ভগৱানে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু