--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজিৰ পৰা ৮বছৰ পূৰ্বে ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে। এশটা শতকীয় ইনিংছেৰে বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হোৱা মহাতাৰকা গৰাকীয়ে সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আকৰ্ষণীয় ব্যক্তিত্ব, মাৰ্জিত আচৰণ আৰু স্বভাৱসুলভ হাঁহিটোৰ বাবে শচীনৰ প্ৰতি মানুহৰ মৰম আগৰ দৰেই বৈ আছে-নিৰৱধি। ক্ৰিকেট পিটছত প্ৰতিপক্ষৰ খেলুৱৈক ব্যতিবস্ত কৰা মহাতাৰকা জনলৈ আহিছে আন এক সুখ বাৰ্তা। ভাৰতীয় মহানতাৰকা বেটছমেন শচীন তেণ্ডুলকাৰক ২০২১ চনৰ ইংলেণ্ডৰ এটা জৰীপ প্ৰতিষ্ঠানৰ জৰীপত বিশ্বৰ আটাইতকৈ প্ৰশংসিত আৰু সন্মানীয় পুৰুষসকলৰ ভিতৰত দ্বাদশ স্থান দিয়া হৈছে।

অৱশ্যে, আটাইতকৈ প্ৰভাৱশালী খেলুৱৈ হিচাপে শচীনৰ স্থান তৃতীয়। আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছী আৰু পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় স্থানত আছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। মাইক্ৰ’ছ’ফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ আছে তালিকাৰ দ্বিতীয় স্থানত। আনহাতে, চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে বিগত বৰ্ষৰ দৰে এইবাৰো তালিকাৰ তৃতীয় স্থানত আছে। তেনেদৰে, লিঅ’নেল মেছী তালিকাৰ সপ্তম আৰু ৰোনাল্ডো তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে।
স্মৰ্তব্য যে, বিগত বৰ্ষৰ জৰীপৰ শীৰ্ষ-২০ত নাছিল শচীনৰ নাম। কিন্তু চলিত বৰ্ষৰ অন্তত তালিকাৰ শীৰ্ষ ৫জনৰ ভিতৰত আমেৰিকাৰ ধনাঢ্য ব্যক্তি ৱাৰেন বাফেটৰ পাছতে আছে শচীনৰ নাম। এই জৰীপত বিগ-বি অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানকো অতিক্ৰম কৰিছে ক্ৰিকেটৰ ভগৱানে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ