--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ দেশত নেতা-মন্ত্ৰী দুৰ্নীতি এটা সাধাৰণ কথাত পৰিণত হৈছে। কোনে কিমান বেছি দুৰ্নীতি সংঘটিত কৰিব পাৰে তাৰেই যেন প্ৰতিযোগিতা চলিছে দেশত। আৰু দুৰ্নীতিগ্ৰস্ত নেতা-মন্ত্ৰীয়ে শাস্তি লাভ কৰাৰ উদাহৰণো আঙুলিৰ মূৰত লেখিব পৰা হৈ ৰৈছে। আইনৰ সুৰুঙা তথা তদন্তকাৰীৰ অসাধুতাৰ সুযোগ লৈ সাৰি গৈছে দুৰ্নীতিগ্ৰস্ত লোকসকল। কিন্তু বিশ্বত এনে দেশো আছে যিয়ে দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নিজ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিকেই কাৰাগাৰলৈ নিক্ষেপ কৰিছে। আইনৰ শাসনৰ এনে শক্তিশালী নিদৰ্শন দাঙি ধৰিছে দক্ষিণ আফ্ৰিকাই। দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণেৰে বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দক্ষিণ আফ্ৰিকাৰ উচ্চ ন্যায়ালয়ে।


কাৰাগাৰেই ঠিকনা হৈ ৰ’ব দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ। দেশখনৰ উচ্চ ন্যায়ালয়ে তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিছে। মেডিকেল পেৰ’লত তেওঁক মুকলি কৰি দিয়াৰ পূৰ্বৰ এটা নিৰ্দেশ একাষৰীয়া কৰি ন্যয়ালয়ে তেওঁক পুনৰ কাৰাগাৰলৈ যোৱাৰ নিৰ্দেশ দিয়ে। যোৱা বুধবাৰে এই নিৰ্দেশ দিয়ে ন্যায়ালয়ে। ৭৯বছৰ বয়সীয়া জেকব জুমাই ১৫ মাহৰ কাৰাবাসৰ শাস্তি ভুগি আছে। ন্যায়ালয়ক অৱমাননা কৰা এটা গোচৰত তেওঁক কাৰাবাসৰ শাস্তি বিহিছিল ন্যায়ালয়ে। উল্লেখ্য যে, দুৰ্নীতিৰ এটা গোচৰৰ তদন্তত তেওঁক অংশগ্ৰহণৰ বাবে দিয়া নিৰ্দেশ অৱমাননা কৰা অভিযোগতে তেওঁক কাৰাদণ্ড দিয়া হৈছিল। বিগত ছেপ্টেম্বৰ মাহত তেওঁ স্বাস্থ্যজনিত কাৰণত পেৰ’লত মুকলি হৈছিল।

সেই মাহতে তেওঁ দেশখনৰ শীৰ্ষ আদালতখনত তেওঁৰ কাৰাদণ্ড প্ৰত্যাহাৰ কৰাৰ বাবে আবেদন জনাইছিল যদিও সেই আবেদনত অগ্ৰাহ্য কৰিছিল ন্যায়ালয়ে। ৰাষ্ট্ৰপতি জুমাৰ ৯বছৰীয়া কাৰ্যকালত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে দেশখনৰ ন্যায়পালিকাই গ্ৰহণ কৰা স্থিতি বিশ্বৰ বাবেই এক অনুকৰণীয় নিদৰ্শনত পৰিণত হৈছে। দেশখনত আইনৰ শাসন শক্তিশালীভাৱে বলৱৎ কৰাৰ ই এক প্ৰক্ৰিয়া হিচাপে চিহ্নিত হৈছে।


উল্লেখ্য যে, বিগত ৭ জুলাইত তেওঁৰ কাৰাবাসৰ শাস্তি মূৰ পাতি লৈছিল। তাৰ পাছতে দেশখনত তেওঁৰ সমৰ্থকসকলে ৰাজপথত হিংসাত্মক প্ৰতিবাদ সৃষ্টি কৰিছিল। এই প্ৰতিবাদৰ তীব্ৰতা ইমানেই বেছি আছিল যে, ই পৰৱৰ্তী সময়ত লুটপাত আৰু হত্যালীলাৰ ৰূপ লয় আৰু ৩০০ৰো অধিক লোকে এই প্ৰতিবাদত প্ৰাণ হেৰুৱায়। মন কৰিবলগীয়া যে, ২০০৯চনৰ পৰা ২০১৮চনলৈ জুমা ৰাষ্ট্ৰপতি থকা সময়ছোৱাত তেওঁৰ বিৰুদ্ধে ব্যাপক ঘোচ লোৱা আৰু বহু অকৰণীটয় কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনকি ২০০৫চনত তেওঁ উপ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তো ২০০কোটি ডলাৰৰ এক অস্ত্ৰ চুক্তিত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু