--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ দেশত নেতা-মন্ত্ৰী দুৰ্নীতি এটা সাধাৰণ কথাত পৰিণত হৈছে। কোনে কিমান বেছি দুৰ্নীতি সংঘটিত কৰিব পাৰে তাৰেই যেন প্ৰতিযোগিতা চলিছে দেশত। আৰু দুৰ্নীতিগ্ৰস্ত নেতা-মন্ত্ৰীয়ে শাস্তি লাভ কৰাৰ উদাহৰণো আঙুলিৰ মূৰত লেখিব পৰা হৈ ৰৈছে। আইনৰ সুৰুঙা তথা তদন্তকাৰীৰ অসাধুতাৰ সুযোগ লৈ সাৰি গৈছে দুৰ্নীতিগ্ৰস্ত লোকসকল। কিন্তু বিশ্বত এনে দেশো আছে যিয়ে দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নিজ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিকেই কাৰাগাৰলৈ নিক্ষেপ কৰিছে। আইনৰ শাসনৰ এনে শক্তিশালী নিদৰ্শন দাঙি ধৰিছে দক্ষিণ আফ্ৰিকাই। দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণেৰে বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দক্ষিণ আফ্ৰিকাৰ উচ্চ ন্যায়ালয়ে।


কাৰাগাৰেই ঠিকনা হৈ ৰ’ব দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ। দেশখনৰ উচ্চ ন্যায়ালয়ে তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিছে। মেডিকেল পেৰ’লত তেওঁক মুকলি কৰি দিয়াৰ পূৰ্বৰ এটা নিৰ্দেশ একাষৰীয়া কৰি ন্যয়ালয়ে তেওঁক পুনৰ কাৰাগাৰলৈ যোৱাৰ নিৰ্দেশ দিয়ে। যোৱা বুধবাৰে এই নিৰ্দেশ দিয়ে ন্যায়ালয়ে। ৭৯বছৰ বয়সীয়া জেকব জুমাই ১৫ মাহৰ কাৰাবাসৰ শাস্তি ভুগি আছে। ন্যায়ালয়ক অৱমাননা কৰা এটা গোচৰত তেওঁক কাৰাবাসৰ শাস্তি বিহিছিল ন্যায়ালয়ে। উল্লেখ্য যে, দুৰ্নীতিৰ এটা গোচৰৰ তদন্তত তেওঁক অংশগ্ৰহণৰ বাবে দিয়া নিৰ্দেশ অৱমাননা কৰা অভিযোগতে তেওঁক কাৰাদণ্ড দিয়া হৈছিল। বিগত ছেপ্টেম্বৰ মাহত তেওঁ স্বাস্থ্যজনিত কাৰণত পেৰ’লত মুকলি হৈছিল।

সেই মাহতে তেওঁ দেশখনৰ শীৰ্ষ আদালতখনত তেওঁৰ কাৰাদণ্ড প্ৰত্যাহাৰ কৰাৰ বাবে আবেদন জনাইছিল যদিও সেই আবেদনত অগ্ৰাহ্য কৰিছিল ন্যায়ালয়ে। ৰাষ্ট্ৰপতি জুমাৰ ৯বছৰীয়া কাৰ্যকালত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে দেশখনৰ ন্যায়পালিকাই গ্ৰহণ কৰা স্থিতি বিশ্বৰ বাবেই এক অনুকৰণীয় নিদৰ্শনত পৰিণত হৈছে। দেশখনত আইনৰ শাসন শক্তিশালীভাৱে বলৱৎ কৰাৰ ই এক প্ৰক্ৰিয়া হিচাপে চিহ্নিত হৈছে।


উল্লেখ্য যে, বিগত ৭ জুলাইত তেওঁৰ কাৰাবাসৰ শাস্তি মূৰ পাতি লৈছিল। তাৰ পাছতে দেশখনত তেওঁৰ সমৰ্থকসকলে ৰাজপথত হিংসাত্মক প্ৰতিবাদ সৃষ্টি কৰিছিল। এই প্ৰতিবাদৰ তীব্ৰতা ইমানেই বেছি আছিল যে, ই পৰৱৰ্তী সময়ত লুটপাত আৰু হত্যালীলাৰ ৰূপ লয় আৰু ৩০০ৰো অধিক লোকে এই প্ৰতিবাদত প্ৰাণ হেৰুৱায়। মন কৰিবলগীয়া যে, ২০০৯চনৰ পৰা ২০১৮চনলৈ জুমা ৰাষ্ট্ৰপতি থকা সময়ছোৱাত তেওঁৰ বিৰুদ্ধে ব্যাপক ঘোচ লোৱা আৰু বহু অকৰণীটয় কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। আনকি ২০০৫চনত তেওঁ উপ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তো ২০০কোটি ডলাৰৰ এক অস্ত্ৰ চুক্তিত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ