--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স’তে বৈঠকত মিলিত হয় ভাৰতীয় সেনা প্ৰধান৷ দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে বাংলাদেশত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে। তাৰপাছতে ভাৰতীয় সেনা প্ৰধানগৰাকী মঙলবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে এক বৈঠকত মিলিত হয়।

এই বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ আৰু ভাৰতীয় সেনাৰ সহযোগিতা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা অভিযানক দ্বিপাক্ষিক সহযোগিতাৰ নতুন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে।

জেনেৰেল মনোজ পাণ্ডেৰ সৈতে হোৱা বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বাংলাদেশৰ স্বাধীনতা যুঁজত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাৰ সমৰ্থন তথা ভূমিকাৰ বিষয়েও বৈঠকত স্মৰণ কৰে।

এই সৌহাদ্যমূলক বৈঠকত ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰতিৰক্ষা উদ্যোগ খণ্ডত বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতা ভালদৰে আগবাঢ়িছে বুলি অৱগত কৰে।

উল্লেখ্য যে, সোমবাৰে ভাৰতীয় সেনাপ্ৰধান গৰাকীয়ে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল এছ এম ছফিউদ্দিন আহমেদক সাক্ষাৎ কৰিছিল। সামৰিক বিবৃতি অনুসৰি দুয়োগৰাকী সেনা প্ৰধানে বৰ্তমানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভৱিষ্যতৰ সহযোগিতাৰ বিষয়ে বৈঠকত আলোচনা কৰে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ