--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স’তে বৈঠকত মিলিত হয় ভাৰতীয় সেনা প্ৰধান৷ দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে বাংলাদেশত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে। তাৰপাছতে ভাৰতীয় সেনা প্ৰধানগৰাকী মঙলবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে এক বৈঠকত মিলিত হয়।

এই বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ আৰু ভাৰতীয় সেনাৰ সহযোগিতা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা অভিযানক দ্বিপাক্ষিক সহযোগিতাৰ নতুন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে।

জেনেৰেল মনোজ পাণ্ডেৰ সৈতে হোৱা বৈঠকত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বাংলাদেশৰ স্বাধীনতা যুঁজত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাৰ সমৰ্থন তথা ভূমিকাৰ বিষয়েও বৈঠকত স্মৰণ কৰে।

এই সৌহাদ্যমূলক বৈঠকত ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰতিৰক্ষা উদ্যোগ খণ্ডত বাংলাদেশ আৰু ভাৰতৰ মাজত সহযোগিতা ভালদৰে আগবাঢ়িছে বুলি অৱগত কৰে।

উল্লেখ্য যে, সোমবাৰে ভাৰতীয় সেনাপ্ৰধান গৰাকীয়ে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল এছ এম ছফিউদ্দিন আহমেদক সাক্ষাৎ কৰিছিল। সামৰিক বিবৃতি অনুসৰি দুয়োগৰাকী সেনা প্ৰধানে বৰ্তমানৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু ভৱিষ্যতৰ সহযোগিতাৰ বিষয়ে বৈঠকত আলোচনা কৰে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস