--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ বিজ্ঞানী জয়ীতা গুপ্তাই ডাচ্চ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান স্পিনোজা বঁটা লাভ কৰিছে৷এই সন্মানক ‘ডাচ্চ নোবেল বঁটা’ বুলিও কোৱা হয় বুলিও এক বিবৃতিত প্ৰকাশ পাইছে। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে তেওঁক ন্যায়সংগত আৰু বহনক্ষম পৃথিৱীৰ ওপৰত গুৰুত্ব আৰোপ কৰা অসাধাৰণ, অগ্ৰণী আৰু প্ৰেৰণাদায়ক বৈজ্ঞানিক কামৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। 

এই বটাঁত গুপ্তাই লাভ কৰিব ১৫ লাখ ইউৰো যিসমূহ ধন বৈজ্ঞানিক গৱেষণা আৰু জ্ঞান ব্যৱহাৰৰ সৈতে জড়িত কাৰ্য্যকলাপত ব্যয় কৰিবলৈ দিয়া হ’ব। ৪ অক্টোবৰত এই বটাঁৰ আনুষ্ঠানিক উপস্থাপন হ’ব বুলিও জানিব পৰা গৈছে। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ গ্ল’বেল চাউথৰ পৰিৱেশ আৰু উন্নয়নৰ অধ্যাপক গুপ্তা ধৰিত্ৰী আয়োগৰ সহ-অধ্যক্ষও। বিবৃতিটোত কোৱা হৈছে যে ২০১৪ চনত তেওঁৰ উদ্বোধনী বক্তৃতাত উপস্থাপন কৰা ধাৰণাসমূহ কাৰ্যকৰী কৰাৰ দিশত কাম কৰিবলৈ তেওঁ এই পুৰস্কাৰৰ ধন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে৷ 

বিশ্বজুৰি ‘ইক’-স্পেচ’ (পৰিৱেশ ব্যৱহাৰৰ স্থান) ভাগ-বতৰা কৰাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে তথা ইয়াৰ বাবে এখন বিশ্বব্যাপী পৰিৱেশ সংবিধানৰ প্ৰয়োজন হ’ব বুলিও ঘোষণা কৰিছে৷ এনে সংবিধানৰ লক্ষ্য হ’ব সাংবিধানিক আইন ব্যৱহাৰ কৰি বিশ্বজুৰি পৰিৱেশৰ অৱস্থাক ন্যায্যভাৱে সুৰক্ষিত কৰা আৰু ই বিশ্বৰ পৰিৱেশ আৰু উন্নয়নমূলক বিষয়সমূহক একত্ৰিত কৰাৰ এক উপযুক্ত উপায় হ’ব বুলিও গুপ্তাৰ দ্বাৰা কোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস