--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মূলৰ বিজ্ঞানী জয়ীতা গুপ্তাই ডাচ্চ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান স্পিনোজা বঁটা লাভ কৰিছে৷এই সন্মানক ‘ডাচ্চ নোবেল বঁটা’ বুলিও কোৱা হয় বুলিও এক বিবৃতিত প্ৰকাশ পাইছে। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে তেওঁক ন্যায়সংগত আৰু বহনক্ষম পৃথিৱীৰ ওপৰত গুৰুত্ব আৰোপ কৰা অসাধাৰণ, অগ্ৰণী আৰু প্ৰেৰণাদায়ক বৈজ্ঞানিক কামৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। 

এই বটাঁত গুপ্তাই লাভ কৰিব ১৫ লাখ ইউৰো যিসমূহ ধন বৈজ্ঞানিক গৱেষণা আৰু জ্ঞান ব্যৱহাৰৰ সৈতে জড়িত কাৰ্য্যকলাপত ব্যয় কৰিবলৈ দিয়া হ’ব। ৪ অক্টোবৰত এই বটাঁৰ আনুষ্ঠানিক উপস্থাপন হ’ব বুলিও জানিব পৰা গৈছে। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ গ্ল’বেল চাউথৰ পৰিৱেশ আৰু উন্নয়নৰ অধ্যাপক গুপ্তা ধৰিত্ৰী আয়োগৰ সহ-অধ্যক্ষও। বিবৃতিটোত কোৱা হৈছে যে ২০১৪ চনত তেওঁৰ উদ্বোধনী বক্তৃতাত উপস্থাপন কৰা ধাৰণাসমূহ কাৰ্যকৰী কৰাৰ দিশত কাম কৰিবলৈ তেওঁ এই পুৰস্কাৰৰ ধন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে৷ 

বিশ্বজুৰি ‘ইক’-স্পেচ’ (পৰিৱেশ ব্যৱহাৰৰ স্থান) ভাগ-বতৰা কৰাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে তথা ইয়াৰ বাবে এখন বিশ্বব্যাপী পৰিৱেশ সংবিধানৰ প্ৰয়োজন হ’ব বুলিও ঘোষণা কৰিছে৷ এনে সংবিধানৰ লক্ষ্য হ’ব সাংবিধানিক আইন ব্যৱহাৰ কৰি বিশ্বজুৰি পৰিৱেশৰ অৱস্থাক ন্যায্যভাৱে সুৰক্ষিত কৰা আৰু ই বিশ্বৰ পৰিৱেশ আৰু উন্নয়নমূলক বিষয়সমূহক একত্ৰিত কৰাৰ এক উপযুক্ত উপায় হ’ব বুলিও গুপ্তাৰ দ্বাৰা কোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ