--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম স্বৰ্গীয়। এই কথা সময়ে সময়ে প্ৰমাণ দি আহিছে বহু প্ৰেম কাহিনীয়ে। মৃত্যুমুখী প্ৰেমিকাক বিয়া পাতি এজন যুৱকে দেখুৱাই দিলে প্ৰকৃত প্ৰেম কি...কাক কয় সঁচা ভালপোৱা। প্ৰেমিকৰ নাম মাহমুদুল হাচান আৰু প্ৰেমিকাৰ নাম ফাহমিদা কামাল। দুয়ো সপোন দেখিছিল নিজাকৈ ঘৰখন পতাৰ। সপোন দেখিছিল জীৱনৰ বাটত একেলগে আগুৱাই যোৱাৰ। কিন্তু ভাগ্যৰ কি পৰিহাস! যোৱা বছৰ জানুৱাৰী মাহত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয় ফাহমিদা। [caption id="attachment_138626" align="aligncenter" width="266"] ফাহমিদা কামাল[/caption] বহু চিকিৎসা কৰা হৈছে যদিও ফাহমিদা সুস্থ হৈ উঠাৰ একো লক্ষণ নাই। সুন্দৰী যুৱতীগৰাকী শুকাই-ক্ষীণাই লাহে লাহে ক'লা পৰি আহিল। চিকিৎসকে ঘোষণা কৰিলে এই পৃথিৱীত ফাহমিদা আৰু বেছি দিনৰ আলহী নহয়। প্ৰিয়তমাৰ সৈতে বিচ্ছেদ কেনেকৈ সহিব মাহমুদুলে। ২৬ বছৰীয়া যুৱতীগৰাকীৰ এই মৃত্যুমুখী বাতৰিয়ে শোকবিহ্বল কৰি তোলে পৰিয়ালক।   মাহমুদুলে ফাহমিদাক বিয়া পতাৰ সিদ্ধান্ত লয়। এদিন মাহমুদুলে ফাহমিদাৰ পৰিয়ালৰ সন্মুখত বিয়াৰ প্ৰস্তাৱ দিয়ে। প্ৰথমে সকলোৱে এই প্ৰস্তাৱ শুনি আচৰিত হয় যদিও নিজৰ সিদ্ধান্তত অটল মাহমুদুলে অৱশেষত সৈমান কৰাবলৈ সক্ষম হয় দুয়োটা পৰিয়ালক। ফাহমিদাই মাহমুদুলক এনে নকৰিবলৈ কয়। কিন্তু নিজৰ সিদ্ধান্তত অটল হৈ থাকিল মাহমুদুল। তেওঁ ক'লে যে ''জীৱনে-মৰণে এক হৈ থাকিম বুলি ভাবিছিলো যেতিয়া এই বিয়া হ'বই লাগিব।'' অৱশেষত প্ৰেমিকৰ সিদ্ধান্তৰ ওচৰত হাৰ মানি ফাহমিদাই বিয়া পাতিম বুলি সন্মত হয়। তাৰপাছতে হাস্পতালত সম্পন্ন হয় মাহমুদুল আৰু ফাহমিদাৰ বিবাহ। ৰঙা এসাজ কাপোৰ পিন্ধি কইনা ফাহমিদাই হাস্পতালৰ বিচনাতে উদযাপন কৰে জীৱনৰ বিশেষ দিনটো। ফাহমিদাৰ মুখত বিৰিঙি উঠে মিচিকিয়া হাঁহি। সেই হাঁহি আছিল প্ৰকৃত প্ৰেমে দিয়া পবিত্ৰ উপহাৰ। ছ'চিয়েল মিডিয়াত ইতিমধ্যে ফাহমিদা আৰু মাহমুদুলৰ বিবাহৰ ফটো ভাইৰেল হৈ পৰিছে। এই প্ৰেম কাহিনীয়ে সকলোকে আবেগিক কৰি তুলিছে। সকলোৱে ফাহমিদা সোনকালে সুস্থ হৈ উঠাৰ প্ৰাৰ্থনা জনাইছে আৰু দুয়োকে যুগ্ম জীৱনৰ শুভকামনা জনাইছে। এই প্ৰেম কাহিনী বাংলাদেশৰ চিটাগং চহৰৰ। আৰু পঢ়কঃ এইবাৰ হোলীত ৰঙীন হ’ব এই পাঁচ ৰাশিৰ লোকৰ জীৱন! খুলিব সৌভাগ্যৰ দুৱাৰ BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক