--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম স্বৰ্গীয়। এই কথা সময়ে সময়ে প্ৰমাণ দি আহিছে বহু প্ৰেম কাহিনীয়ে। মৃত্যুমুখী প্ৰেমিকাক বিয়া পাতি এজন যুৱকে দেখুৱাই দিলে প্ৰকৃত প্ৰেম কি...কাক কয় সঁচা ভালপোৱা। প্ৰেমিকৰ নাম মাহমুদুল হাচান আৰু প্ৰেমিকাৰ নাম ফাহমিদা কামাল। দুয়ো সপোন দেখিছিল নিজাকৈ ঘৰখন পতাৰ। সপোন দেখিছিল জীৱনৰ বাটত একেলগে আগুৱাই যোৱাৰ। কিন্তু ভাগ্যৰ কি পৰিহাস! যোৱা বছৰ জানুৱাৰী মাহত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয় ফাহমিদা। [caption id="attachment_138626" align="aligncenter" width="266"] ফাহমিদা কামাল[/caption] বহু চিকিৎসা কৰা হৈছে যদিও ফাহমিদা সুস্থ হৈ উঠাৰ একো লক্ষণ নাই। সুন্দৰী যুৱতীগৰাকী শুকাই-ক্ষীণাই লাহে লাহে ক'লা পৰি আহিল। চিকিৎসকে ঘোষণা কৰিলে এই পৃথিৱীত ফাহমিদা আৰু বেছি দিনৰ আলহী নহয়। প্ৰিয়তমাৰ সৈতে বিচ্ছেদ কেনেকৈ সহিব মাহমুদুলে। ২৬ বছৰীয়া যুৱতীগৰাকীৰ এই মৃত্যুমুখী বাতৰিয়ে শোকবিহ্বল কৰি তোলে পৰিয়ালক।   মাহমুদুলে ফাহমিদাক বিয়া পতাৰ সিদ্ধান্ত লয়। এদিন মাহমুদুলে ফাহমিদাৰ পৰিয়ালৰ সন্মুখত বিয়াৰ প্ৰস্তাৱ দিয়ে। প্ৰথমে সকলোৱে এই প্ৰস্তাৱ শুনি আচৰিত হয় যদিও নিজৰ সিদ্ধান্তত অটল মাহমুদুলে অৱশেষত সৈমান কৰাবলৈ সক্ষম হয় দুয়োটা পৰিয়ালক। ফাহমিদাই মাহমুদুলক এনে নকৰিবলৈ কয়। কিন্তু নিজৰ সিদ্ধান্তত অটল হৈ থাকিল মাহমুদুল। তেওঁ ক'লে যে ''জীৱনে-মৰণে এক হৈ থাকিম বুলি ভাবিছিলো যেতিয়া এই বিয়া হ'বই লাগিব।'' অৱশেষত প্ৰেমিকৰ সিদ্ধান্তৰ ওচৰত হাৰ মানি ফাহমিদাই বিয়া পাতিম বুলি সন্মত হয়। তাৰপাছতে হাস্পতালত সম্পন্ন হয় মাহমুদুল আৰু ফাহমিদাৰ বিবাহ। ৰঙা এসাজ কাপোৰ পিন্ধি কইনা ফাহমিদাই হাস্পতালৰ বিচনাতে উদযাপন কৰে জীৱনৰ বিশেষ দিনটো। ফাহমিদাৰ মুখত বিৰিঙি উঠে মিচিকিয়া হাঁহি। সেই হাঁহি আছিল প্ৰকৃত প্ৰেমে দিয়া পবিত্ৰ উপহাৰ। ছ'চিয়েল মিডিয়াত ইতিমধ্যে ফাহমিদা আৰু মাহমুদুলৰ বিবাহৰ ফটো ভাইৰেল হৈ পৰিছে। এই প্ৰেম কাহিনীয়ে সকলোকে আবেগিক কৰি তুলিছে। সকলোৱে ফাহমিদা সোনকালে সুস্থ হৈ উঠাৰ প্ৰাৰ্থনা জনাইছে আৰু দুয়োকে যুগ্ম জীৱনৰ শুভকামনা জনাইছে। এই প্ৰেম কাহিনী বাংলাদেশৰ চিটাগং চহৰৰ। আৰু পঢ়কঃ এইবাৰ হোলীত ৰঙীন হ’ব এই পাঁচ ৰাশিৰ লোকৰ জীৱন! খুলিব সৌভাগ্যৰ দুৱাৰ BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি