--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০২১ চনৰ ১৫ আগষ্টত দ্বিতীয়বাৰৰ বাবে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তালিবান প্ৰশাসনে নিজৰ বৰ্বৰতা প্ৰদৰ্শন কৰিলে। ৰাজহুৱাভাৱে মৃত্যুদণ্ড প্ৰদান কৰিলে হত্যাৰ অভিযোগত অভিযুক্ত এগৰাকী লোকক।

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে জনায় যে মৃত্যুদণ্ডেৰে দণ্ডিত লোকজন পশ্চিম আফগানিস্তানৰ ফাৰাহ প্ৰদেশৰ বাসিন্দা। লোকজনৰ নাম তাজমিৰ। তেওঁৰ বিৰুদ্ধে ২০১৭ চনত এজন লোকক চুৰিকাঘাত কৰি হত্যা কৰাৰ অভিযোগ আছিল।

মৃত্যুদণ্ড দিয়াৰ সময়ত স্থানীয় তালিবান নেতৃত্ব উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ১৯৯০ ৰ দশকত যেতিয়া তালিবানে প্ৰথমবাৰৰ বাবে আফগানিস্তানত ক্ষমতা দখল কৰিছিল, তেতিয়াও অপৰাধীক ৰাজহুৱাভাৱে শাস্তি দিয়া হৈছিল। কিন্তু ২০২১ চনত আফগানিস্তান দখলৰ পাছত তালিবানে কৈছিল যে এইবাৰ তেওঁলোকৰ শাসনপদ্ধতি পৃথক হ’ব। কিন্তু তাৰপাছতো এইদৰে ৰাজহুৱাকৈ মৃত্যুদণ্ড প্ৰদান কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া চলিছে।

মূলতঃ তালিবানে শ্ব’ৰিয়া আইনমতেই আফগানিস্তান শাসন কৰিব, এই মৃত্যুদণ্ডৰ দ্বাৰা সেয়াই বাৰ্তা দিছে বুলি পৰ্যবেক্ষকসকলে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী