--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ধৰ্মীয় স্বাধীনতাক লৈ আকৌ এবাৰ মুখ খুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । যুক্তৰাষ্ট্ৰৰ ষ্টেট ডিপাৰ্টমেণ্টৰ মুখপাত্ৰ নেড প্ৰাইছে কয় যে, “ভাৰত ভিন্ন ধৰ্মীয় লোকৰ বাসস্থান। বাইডেন প্ৰশাসনে ভাৰত চৰকাৰক সেই দেশত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ প্ৰতিশ্ৰুতি বজাই ৰাখিবলৈ উৎসাহিত কৰি যাব।”

 “আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কে আমাৰ বাৰ্ষিক প্ৰতিবেদনত আমি ভাৰতৰ কিছুমান চিন্তনীয় পৰিস্থিতি লক্ষ্য কৰিছোঁ।” মুখপাত্ৰগৰাকীয়ে কয়- “ভাৰতকে ধৰি প্ৰতিখন দেশতে ধৰ্মীয় স্বাধীনতাৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিছো।”

উল্লেখ্য যে যোৱা সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ধৰ্মীয় স্বাধীনতা উলংঘন কৰা ১২ খন দেশক ‘কন্ট্ৰীজ অৱ পাৰ্টিকুলাৰ কনচাৰ্ণ’ হিচাপে তালিকাভুক্ত কৰিছিল।  চীন, পাকিস্তান, ম্যানমাৰ আদি দেশৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

এই তালিকাখনৰ সন্দৰ্ভত প্ৰাইছে কয় যে ভাৰতৰ পৰিস্থিতি তালিকাভুক্ত ১২খন দেশৰ দৰে আতংকজনক নহয়। বৰঞ্চ ভাৰতৰ ধৰ্মীয় স্বাধিনতা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিডেন প্ৰশাসনে সহযোগ কৰি যাব বুলিহে তেওঁ মন্তব্য প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী