--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াডত আজি স্বৰ্ণপদকৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব লৌহকন্যা লাভলীনা বৰগোহাঁই৷আজি এছিয়ান গেমছৰ মিডলৱেট শাখাৰ (৭৫ কেজি) ফাইনেলত চীনৰ লী কিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বক্সাৰ লাভলীনা বৰগোহাঁই-এ। এতিয়ালৈকে লাভলীনাই স্থিৰতাৰে যুঁজিছে আৰু মঙলবাৰে থাইলেণ্ডৰ বেইছন মানীকণক ৫-০ত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে  পেৰিছ অলিম্পিকৰ যোগ্যতাও নিশ্চিত কৰিছে।

চলিত বৰ্ষতে মাৰ্চ মাহত বিশ্ব চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত লাভলীনাই কিয়ানক কৌশলগত পদ্ধতিৰে স্তম্ভিত কৰি তুলিছিল। হাংঝৌত ইয়াৰ সম্পূৰ্ণ বিপৰীত হ’ব আৰু এইবাৰ কিয়ানে ঘৰতে প্ৰতিশোধৰ পূৰ্ণ চেষ্টা চলাব। চীনা বক্সাৰগৰাকীয়ে দুটা অলিম্পিক আৰু তিনিটা বিশ্ব চেম্পিয়নশ্বিপৰ পদক লাভ কৰা এজন ভয়ংকৰ মিডলৱেট যুঁজাৰু। 

উল্লেখ্য যে ছেমি ফাইনেলত লাভলীনাৰ ষ্ট্ৰেইট পাঞ্চে প্ৰথম ৰাউণ্ডত বেছিভাগ স্ক’ৰ কৰিছিল আৰু যেতিয়া মানিকনে দ্বিতীয় ৰাউণ্ডত ঘূৰি আহিবলৈ বিচাৰিছিল, তেতিয়া লাভলীনাই ডিফেণ্ড কৰিছিল। ইপিনে বুধবাৰে পাৰবীন হুডাই (৫৭ কেজি)ও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, ছেমি ফাইনেলত চীনা টাইপেইৰ টু টিং লিঙৰ বিৰুদ্ধে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ