--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছত পদক নিশ্চিত হ’ল ভাৰতীয় এথলিট নীৰজ চোপ্ৰাৰ৷ পাকিস্তানৰ আৰ্শ্বাদ নাদীম আঘাতৰ বাবে এছিয়ান গেমছৰ পৰা আঁতৰি আহিছে। আচলতে বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা নাদীমে শেষ মুহূৰ্তত নিজৰ নাম প্ৰত্যাহাৰ কৰে। অনুমান কৰা হৈছে যে পাকিস্তানৰ নাদীমে আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰাৰ পাছত ভাৰতীয় কিংবদন্তি নীৰজ চোপ্ৰাৰ বাবে জয়ৰ পথটো সহজ হৈ পৰিছে।

আচলতে শেহতীয়াকৈ নীৰজ চোপ্ৰাই ডাইমণ্ড লীগত স্বৰ্ণ পদক লাভ কৰিছিল। আনহাতে, পাকিস্তানৰ নাদীমে ৰূপৰ পদক লাভ কৰিছিল। নীৰজ চোপ্ৰাক নাদীমে কঠোৰ প্ৰত্যাহ্বান প্ৰদান কৰিছিল। অৱশ্যে ভাৰতীয় প্ৰবীণ খেলুৱৈগৰাকীক স্বৰ্ণ পদক লাভ কৰাত বাধা দিব নোৱাৰিল নাদীমে। ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাক অহৰহ কঠোৰ প্ৰত্যাহ্বান জনাই আহিছে নাদীমে। অৱশ্যে বেছিভাগ সময়তে নীৰজ চোপ্ৰাই জয়লাভ কৰিছে।

অৱশ্যে এতিয়া বুধবাৰে যেতিয়া নীৰজ চোপ্ৰাই খেলপথাৰত নামিব তেতিয়া ভাৰতীয় অনুৰাগীয়ে সোণৰ পদক লাভৰ আশাত অৱতীৰ্ণ হ’ব। ইয়াৰ বাহিৰেও নীৰজ চোপ্ৰাৰ পৰিসংখ্যাই দেখুৱাইছে যে এই খেলুৱৈগৰাকীয়ে বেছিভাগ সময়তে অনুৰাগীক নিৰাশ কৰা নাই। এতিয়া আকৌ এবাৰ ভাৰতৰ আশা নীৰজ চোপ্ৰাৰ ওপৰত। উল্লেখযোগ্য যে শেহতীয়াকৈ হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত নীৰজ চোপ্ৰাই পুৰুষৰ জেভেলিন প্ৰতিযোগিতাত ৮৮.১৭ মিটাৰ শ্ৰেষ্ঠ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল। আনহাতে পাকিস্তানৰ আৰ্শ্বাদ নাদীমে ৰূপৰ পদক লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ