--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছত পদক নিশ্চিত হ’ল ভাৰতীয় এথলিট নীৰজ চোপ্ৰাৰ৷ পাকিস্তানৰ আৰ্শ্বাদ নাদীম আঘাতৰ বাবে এছিয়ান গেমছৰ পৰা আঁতৰি আহিছে। আচলতে বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা নাদীমে শেষ মুহূৰ্তত নিজৰ নাম প্ৰত্যাহাৰ কৰে। অনুমান কৰা হৈছে যে পাকিস্তানৰ নাদীমে আঘাতৰ বাবে নাম প্ৰত্যাহাৰ কৰাৰ পাছত ভাৰতীয় কিংবদন্তি নীৰজ চোপ্ৰাৰ বাবে জয়ৰ পথটো সহজ হৈ পৰিছে।

আচলতে শেহতীয়াকৈ নীৰজ চোপ্ৰাই ডাইমণ্ড লীগত স্বৰ্ণ পদক লাভ কৰিছিল। আনহাতে, পাকিস্তানৰ নাদীমে ৰূপৰ পদক লাভ কৰিছিল। নীৰজ চোপ্ৰাক নাদীমে কঠোৰ প্ৰত্যাহ্বান প্ৰদান কৰিছিল। অৱশ্যে ভাৰতীয় প্ৰবীণ খেলুৱৈগৰাকীক স্বৰ্ণ পদক লাভ কৰাত বাধা দিব নোৱাৰিল নাদীমে। ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাক অহৰহ কঠোৰ প্ৰত্যাহ্বান জনাই আহিছে নাদীমে। অৱশ্যে বেছিভাগ সময়তে নীৰজ চোপ্ৰাই জয়লাভ কৰিছে।

অৱশ্যে এতিয়া বুধবাৰে যেতিয়া নীৰজ চোপ্ৰাই খেলপথাৰত নামিব তেতিয়া ভাৰতীয় অনুৰাগীয়ে সোণৰ পদক লাভৰ আশাত অৱতীৰ্ণ হ’ব। ইয়াৰ বাহিৰেও নীৰজ চোপ্ৰাৰ পৰিসংখ্যাই দেখুৱাইছে যে এই খেলুৱৈগৰাকীয়ে বেছিভাগ সময়তে অনুৰাগীক নিৰাশ কৰা নাই। এতিয়া আকৌ এবাৰ ভাৰতৰ আশা নীৰজ চোপ্ৰাৰ ওপৰত। উল্লেখযোগ্য যে শেহতীয়াকৈ হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত নীৰজ চোপ্ৰাই পুৰুষৰ জেভেলিন প্ৰতিযোগিতাত ৮৮.১৭ মিটাৰ শ্ৰেষ্ঠ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল। আনহাতে পাকিস্তানৰ আৰ্শ্বাদ নাদীমে ৰূপৰ পদক লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু