--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উদযাপনৰ সময়ত লালকিল্লাত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজত সাক্ষাৎ হয়। এই সাক্ষাৎ এনেদৰে সংঘটিত হৈছিল যে ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। সেই ভিডিঅ’টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন আলোচনা চলিছে। আচলতে অমিত শ্বাহ আৰু চি জে আই চন্দ্ৰচুড়ৰ সাক্ষাৎকাৰৰ দুটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল আছে। এটা ভিডিঅ' ১১ ছেকেণ্ডৰ আৰু আনটো ৯ ছেকেণ্ডৰ। দুয়োটা ভিডিঅ’ আহিছে এ এন আইৰ তৰফৰ পৰা।

১১ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি এএনআইয়ে কয় যে লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ সময়ত চিজেআই ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইজনে সিজনক সম্ভাষণ জনায়।

এই ভিডিঅ’টোৰ পৰা এক বা দুছেকেণ্ড কাটি এটা সুকীয়া ভিডিঅ’ তৈয়াৰ কৰা হৈছিল, যিটো ভিডিঅ’ বহু ব্যৱহাৰকাৰীয়ে বিভিন্ন বাৰ্তাৰে শ্বেয়াৰ কৰি আছে। ছ’চিয়েল মিডিয়াত কোৱা হৈছে যে অমিত শ্বাহে চিজেআই চন্দ্ৰচুড়ৰ শুভেচ্ছাৰ কোনো সঁহাৰি নিদি তেওঁক আওকাণ কৰে। 

একাংশ ব্যৱহাৰকাৰীয়ে ইয়াক সংবিধান আৰু গণতন্ত্ৰৰ শক্তি বুলিও অভিহিত কৰে। একাংশ ব্যৱহাৰকাৰীয়ে ইয়াক ভাৰতীয় গণতন্ত্ৰৰ সুন্দৰ ছবি বুলি অভিহিত কৰিছে। লিখা হৈছে যে এনে এখন ছবি মাজে মাজে আহি থাকিব লাগে। মুঠৰ ওপৰত চন্দ্ৰচুড় আৰু অমিত শ্বাহৰ সাক্ষাৎ ছ’চিয়েল মিডিয়াত চৰ্চাৰ এক কেন্দ্ৰবিন্দু। 


উল্লেখযোগ্য যে অমিত শ্বাহে পত্নী সোনল শ্বাহৰ সৈতে লালকিল্লাৰ অনুষ্ঠানত উপস্থিত হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে চি জে আই চন্দ্ৰচুড়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফালে আগবাঢ়ি যায়। সেই সময়ত অমিত শ্বাহৰ হাতত এটা খাম আছিল। অমিত শ্বাহে সেই খামটো খালী চকী এখনত থৈ ​​চি জে আই চন্দ্ৰচুড়ক সম্ভাষণ জনাই হাত মিলাইছে। ইয়াৰ পাছত তেওঁ পাছলৈ ঘূৰি যায়। এই সময়ত চন্দ্ৰচুড়ে অমিত শ্বাহৰ লগত অহা পত্নী সোণাল শ্বাহক সম্ভাষণ জনায়। এই শুভেচ্ছা গৃহমন্ত্ৰীৰ পত্নীৰ বাবে আছিল অমিত শ্বাহৰ বাবে নহয়। চি জে আইৰ শুভেচ্ছাৰ উত্তৰ দিলে অমিত শ্বাহৰ পত্নীয়ে। এইখিনিতে ছ’চিয়েল মিডিয়াৰ “পণ্ডিতসকলে” নিজৰ শিল্পকলা প্ৰদৰ্শন কৰিলে। শেষৰ দুটা চেকেণ্ড কাটি পেলোৱাৰ ফলত দেখা গ’ল যে অমিত শ্বাহে চি জে আইৰ শুভেচ্ছাৰ প্ৰতি কোনো সঁহাৰি নিদি তেওঁক আওকাণ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস