--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উদযাপনৰ সময়ত লালকিল্লাত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজত সাক্ষাৎ হয়। এই সাক্ষাৎ এনেদৰে সংঘটিত হৈছিল যে ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। সেই ভিডিঅ’টোক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন আলোচনা চলিছে। আচলতে অমিত শ্বাহ আৰু চি জে আই চন্দ্ৰচুড়ৰ সাক্ষাৎকাৰৰ দুটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল আছে। এটা ভিডিঅ' ১১ ছেকেণ্ডৰ আৰু আনটো ৯ ছেকেণ্ডৰ। দুয়োটা ভিডিঅ’ আহিছে এ এন আইৰ তৰফৰ পৰা।

১১ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি এএনআইয়ে কয় যে লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ সময়ত চিজেআই ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইজনে সিজনক সম্ভাষণ জনায়।

এই ভিডিঅ’টোৰ পৰা এক বা দুছেকেণ্ড কাটি এটা সুকীয়া ভিডিঅ’ তৈয়াৰ কৰা হৈছিল, যিটো ভিডিঅ’ বহু ব্যৱহাৰকাৰীয়ে বিভিন্ন বাৰ্তাৰে শ্বেয়াৰ কৰি আছে। ছ’চিয়েল মিডিয়াত কোৱা হৈছে যে অমিত শ্বাহে চিজেআই চন্দ্ৰচুড়ৰ শুভেচ্ছাৰ কোনো সঁহাৰি নিদি তেওঁক আওকাণ কৰে। 

একাংশ ব্যৱহাৰকাৰীয়ে ইয়াক সংবিধান আৰু গণতন্ত্ৰৰ শক্তি বুলিও অভিহিত কৰে। একাংশ ব্যৱহাৰকাৰীয়ে ইয়াক ভাৰতীয় গণতন্ত্ৰৰ সুন্দৰ ছবি বুলি অভিহিত কৰিছে। লিখা হৈছে যে এনে এখন ছবি মাজে মাজে আহি থাকিব লাগে। মুঠৰ ওপৰত চন্দ্ৰচুড় আৰু অমিত শ্বাহৰ সাক্ষাৎ ছ’চিয়েল মিডিয়াত চৰ্চাৰ এক কেন্দ্ৰবিন্দু। 


উল্লেখযোগ্য যে অমিত শ্বাহে পত্নী সোনল শ্বাহৰ সৈতে লালকিল্লাৰ অনুষ্ঠানত উপস্থিত হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে চি জে আই চন্দ্ৰচুড়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফালে আগবাঢ়ি যায়। সেই সময়ত অমিত শ্বাহৰ হাতত এটা খাম আছিল। অমিত শ্বাহে সেই খামটো খালী চকী এখনত থৈ ​​চি জে আই চন্দ্ৰচুড়ক সম্ভাষণ জনাই হাত মিলাইছে। ইয়াৰ পাছত তেওঁ পাছলৈ ঘূৰি যায়। এই সময়ত চন্দ্ৰচুড়ে অমিত শ্বাহৰ লগত অহা পত্নী সোণাল শ্বাহক সম্ভাষণ জনায়। এই শুভেচ্ছা গৃহমন্ত্ৰীৰ পত্নীৰ বাবে আছিল অমিত শ্বাহৰ বাবে নহয়। চি জে আইৰ শুভেচ্ছাৰ উত্তৰ দিলে অমিত শ্বাহৰ পত্নীয়ে। এইখিনিতে ছ’চিয়েল মিডিয়াৰ “পণ্ডিতসকলে” নিজৰ শিল্পকলা প্ৰদৰ্শন কৰিলে। শেষৰ দুটা চেকেণ্ড কাটি পেলোৱাৰ ফলত দেখা গ’ল যে অমিত শ্বাহে চি জে আইৰ শুভেচ্ছাৰ প্ৰতি কোনো সঁহাৰি নিদি তেওঁক আওকাণ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী