--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সম্প্ৰতি বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই  লিভ-ইন সম্পৰ্ক বজাই ৰাখিছে। এই সম্পৰ্কত বিবাহৰ কোনো কথা নাথাকে। বহু সময়ত  লিভ-ইন সম্পৰ্ক বজাই ৰখা বহু মহিলা-যুৱতীয়ে ঘৰুৱা হিংসাৰ বলি হয়। দিল্লীৰ শ্ৰদ্ধা কাণ্ডই এনে নিৰ্যাতনৰ কথা অধিক স্পষ্ট হৈ পৰিছে। 

এতিয়াৰে পৰা লিভ-ইন সম্পৰ্কত থাকিলেও ঘৰুৱা হিংসাৰ বিৰুদ্ধে মহিলা-যুৱতীয়ে গোচৰ ৰুজু কৰিব পাৰিব। ইয়াৰ  বাবে বিবাহৰ স্বীকৃতিৰ প্ৰয়োজন নাই। এটা গোচৰৰ পৰিপ্ৰেক্ষিতত কেৰালা উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে। আদালতে কয়  যে যিকোনো মহিলাই ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰিব পাৰে। তেওঁ বিয়া নহ’লেও কোনো কথা নাই। 

উল্লেখ্য এনে অভিযোগ উত্থাপন হোৱা এজন লোকে  লিভ-ইন সম্পৰ্কত আছিল বুলি স্বীকাৰ কৰি  কৈছিল যে  ঘৰুৱা হিংসা আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ প্ৰত্যাহাৰ কৰিব লাগে। কাৰণ তেওঁ বিয়া নকৰোৱাকৈয়ে লিভ ইনতহে আছিল। তেওঁ পাৰিবাৰিক আদালতত গোচৰটোৰ শুনানিৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে আদালতে লোকজনৰ  দাবী  খাৰিজ কৰে।

বিচাৰকে  লক্ষ্য কৰে  যে যদি এগৰাকী মহিলাই কোনো  পুৰুষৰ সৈতে লিভ ইন  সম্পৰ্কত থাকে, তেন্তে তেওঁ সেই পুৰুষজনৰ দ্বাৰা সংঘটিত  যিকোনো ধৰণৰ হিংসাৰ বিৰুদ্ধে ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰিব পাৰে। অভিযোগ উত্থাপন হোৱা লোক জনক   ঘৰুৱা হিংসা আইনৰ ধাৰা ১২ ৰ অধীনত অভিযুক্ত কৰা হৈছে।  











FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ