--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত সম্প্ৰতি বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই  লিভ-ইন সম্পৰ্ক বজাই ৰাখিছে। এই সম্পৰ্কত বিবাহৰ কোনো কথা নাথাকে। বহু সময়ত  লিভ-ইন সম্পৰ্ক বজাই ৰখা বহু মহিলা-যুৱতীয়ে ঘৰুৱা হিংসাৰ বলি হয়। দিল্লীৰ শ্ৰদ্ধা কাণ্ডই এনে নিৰ্যাতনৰ কথা অধিক স্পষ্ট হৈ পৰিছে। 

এতিয়াৰে পৰা লিভ-ইন সম্পৰ্কত থাকিলেও ঘৰুৱা হিংসাৰ বিৰুদ্ধে মহিলা-যুৱতীয়ে গোচৰ ৰুজু কৰিব পাৰিব। ইয়াৰ  বাবে বিবাহৰ স্বীকৃতিৰ প্ৰয়োজন নাই। এটা গোচৰৰ পৰিপ্ৰেক্ষিতত কেৰালা উচ্চ ন্যায়ালয়ে এই ৰায় দিয়ে। আদালতে কয়  যে যিকোনো মহিলাই ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰিব পাৰে। তেওঁ বিয়া নহ’লেও কোনো কথা নাই। 

উল্লেখ্য এনে অভিযোগ উত্থাপন হোৱা এজন লোকে  লিভ-ইন সম্পৰ্কত আছিল বুলি স্বীকাৰ কৰি  কৈছিল যে  ঘৰুৱা হিংসা আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ প্ৰত্যাহাৰ কৰিব লাগে। কাৰণ তেওঁ বিয়া নকৰোৱাকৈয়ে লিভ ইনতহে আছিল। তেওঁ পাৰিবাৰিক আদালতত গোচৰটোৰ শুনানিৰ পিছত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। অৱশ্যে আদালতে লোকজনৰ  দাবী  খাৰিজ কৰে।

বিচাৰকে  লক্ষ্য কৰে  যে যদি এগৰাকী মহিলাই কোনো  পুৰুষৰ সৈতে লিভ ইন  সম্পৰ্কত থাকে, তেন্তে তেওঁ সেই পুৰুষজনৰ দ্বাৰা সংঘটিত  যিকোনো ধৰণৰ হিংসাৰ বিৰুদ্ধে ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰিব পাৰে। অভিযোগ উত্থাপন হোৱা লোক জনক   ঘৰুৱা হিংসা আইনৰ ধাৰা ১২ ৰ অধীনত অভিযুক্ত কৰা হৈছে।  











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস