--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাৰ বিখ্যাত লুলু মলৰ পৰা পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ, য’ত আই টি কোম্পানীত কৰ্মৰত এজন যুৱকে এনে ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল, যিটো ঘটনাই আপোনাক আচৰিত কৰি তুলিব। যুৱকজনে বোৰ্খা পিন্ধি মহিলাৰ বাথৰুমত প্ৰৱেশ কৰি মোবাইলৰ সহায়ত মহিলাকেইগৰাকীৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে। এই ঘটনা চৰ্চালৈ অহাৰ পাছত লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে আই পি চি ধাৰা ৩৫৪, ছদ্মবেশৰ ৪১৯ ধাৰা আৰু লুকাই চুৰকৈ চোৱাৰ বাবে ধাৰা ৩৬৪-ই আৰু আই টি আইনৰ ৩৬৪-ই ধাৰাত গোচৰ ৰুজু কৰিছে। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি যুৱকজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে আৰু কয় যে যুৱকজনে ইনকোপাৰ্কত অৱস্থিত এটা সুনাম থকা আই টি কোম্পানীত কাম কৰি আছে। বুধবাৰে এই ঘটনা সংঘটিত কৰে অভিযুক্তই। অভিযুক্তই স্বীকাৰোক্তি দিয়ে যে তেওঁ বাথৰুমত সৰু কাৰ্ড বৰ্ড এখনত মোবাইলটো ৰাখিছিল৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জব্দ কৰিছে যুৱকজনৰ ফোন। অভিযুক্তই লগতে কয় যে তেওঁ আগতেও এনে কাম কৰিছিল আৰু ইয়াৰ পূৰ্বেও তেওঁক এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।




এই ঘটনাৰ সৈতে জড়িত এটা ভিডিঅ’ও ভাইৰেল হৈ আছে, য’ত যুৱকজনক বোৰ্খা পিন্ধা অৱস্থাত দেখা গৈছে। ভিডিঅ'টোত দেখিব যে বহু লোকে অভিযুক্তক ধৰিছে। এনে ঘটনাৰ পাছত নাৰীৰ সুৰক্ষাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। মল হৈছে মহিলাসকলে বজাৰ কৰিবলৈ যোৱা ঠাই আৰু এনে ঠাইত এনে ভুল হোৱাটোৱে স্বাভাৱিকতে জোকাৰণিৰ সৃষ্টি কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস