--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাৰ বিখ্যাত লুলু মলৰ পৰা পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ, য’ত আই টি কোম্পানীত কৰ্মৰত এজন যুৱকে এনে ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল, যিটো ঘটনাই আপোনাক আচৰিত কৰি তুলিব। যুৱকজনে বোৰ্খা পিন্ধি মহিলাৰ বাথৰুমত প্ৰৱেশ কৰি মোবাইলৰ সহায়ত মহিলাকেইগৰাকীৰ ভিডিঅ’ বনাবলৈ আৰম্ভ কৰে। এই ঘটনা চৰ্চালৈ অহাৰ পাছত লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে আই পি চি ধাৰা ৩৫৪, ছদ্মবেশৰ ৪১৯ ধাৰা আৰু লুকাই চুৰকৈ চোৱাৰ বাবে ধাৰা ৩৬৪-ই আৰু আই টি আইনৰ ৩৬৪-ই ধাৰাত গোচৰ ৰুজু কৰিছে। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি যুৱকজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে আৰু কয় যে যুৱকজনে ইনকোপাৰ্কত অৱস্থিত এটা সুনাম থকা আই টি কোম্পানীত কাম কৰি আছে। বুধবাৰে এই ঘটনা সংঘটিত কৰে অভিযুক্তই। অভিযুক্তই স্বীকাৰোক্তি দিয়ে যে তেওঁ বাথৰুমত সৰু কাৰ্ড বৰ্ড এখনত মোবাইলটো ৰাখিছিল৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জব্দ কৰিছে যুৱকজনৰ ফোন। অভিযুক্তই লগতে কয় যে তেওঁ আগতেও এনে কাম কৰিছিল আৰু ইয়াৰ পূৰ্বেও তেওঁক এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।




এই ঘটনাৰ সৈতে জড়িত এটা ভিডিঅ’ও ভাইৰেল হৈ আছে, য’ত যুৱকজনক বোৰ্খা পিন্ধা অৱস্থাত দেখা গৈছে। ভিডিঅ'টোত দেখিব যে বহু লোকে অভিযুক্তক ধৰিছে। এনে ঘটনাৰ পাছত নাৰীৰ সুৰক্ষাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। মল হৈছে মহিলাসকলে বজাৰ কৰিবলৈ যোৱা ঠাই আৰু এনে ঠাইত এনে ভুল হোৱাটোৱে স্বাভাৱিকতে জোকাৰণিৰ সৃষ্টি কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা