--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৭০ নং অনুচ্ছেদ বিলুপ্ত হোৱাৰ পাছত ইয়াক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি চলি আছে। ১৭ আগষ্ট বৃহস্পতিবাৰে অনুষ্ঠিত শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ৩৭০ নং অনুচ্ছেদৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ে কয় যে সংবিধানত ৩৭০ অনুচ্ছেদে স্থায়ী মৰ্যাদা পাইছে বুলি কোৱাটো শুদ্ধ নহয়। সাংবিধানিক কাঠামোত ইয়াৰ স্থিৰতা ধৰি ল’ব নোৱাৰি। আবেদনকাৰীয়ে দিয়া যুক্তিৰ সৈতে মতানৈক্য প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে এই উত্তৰ প্ৰদান কৰে।

চি জে আই ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সূৰ্য কান্তৰ সংবিধান বিচাৰপীঠত ৩৭০ নং অনুচ্ছেদৰ শুনানি চলি আছে। এই বিচাৰপীঠৰ সন্মুখত যুক্তি দি জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানে কয় যে ৰাজ্যসমূহৰ স্বায়ত্তশাসন আমাৰ সংবিধানৰ বাবে মৌলিক। তেওঁ কয় যে এই বিশেষ ব্যৱস্থা কেৱল জম্মু-কাশ্মীৰৰ বাবেই নহয়, আন বহু ৰাজ্যৰো এই অধিকাৰ আছে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত তেওঁ কয় যে এই বিষয়ত ৰাজ্যপালৰ প্ৰতিবেদন সংসদৰ সন্মুখত দাখিল কৰা হোৱা নাই, সংসদ আৰু ৰাইজৰ আগত প্ৰকাশ কৰাটো প্ৰয়োজনীয়। সেইবাবেই ৰাষ্ট্ৰপতিৰ শাসনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ তদন্ত কৰা উচিত।

এই সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে ৩৫৬ নং অনুচ্ছেদৰ অধীনত সংবিধানৰ কিছুমান বিধান স্থগিত ৰখাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে। বিচাৰপীঠখনে কয় যে ১৯৫৭ চনৰ জানুৱাৰী মাহত জম্মু-কাশ্মীৰৰ সংবিধান সভাৰ ভংগ হোৱাৰ পাছত কেৱল ৩৭০ অনুচ্ছেদ বাতিলৰ ব্যৱস্থা অস্তিত্বহীন বুলি গণ্য কৰিব নোৱাৰি। ৩৭০ নং অনুচ্ছেদৰ কিছু অংশ পৰৱৰ্তী ৬২ বছৰলৈকে কাৰ্যকৰী হৈ থাকিল।

জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত দেৱে আবেদনকাৰীসকলৰ এজন ৰিফাত আৰা বাটৰ হৈ হাজিৰ হৈ যুক্তি আগবঢ়ায় যে জম্মু-কাশ্মীৰৰ সংবিধান সভাই জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ পৰিৱৰ্তে ৩৭০ অনুচ্ছেদ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে, ইয়াৰ পাছত এই ব্যৱস্থা কোনোৱে বাতিল কৰিব নোৱাৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই যুক্তিৰ সৈতে একমত হোৱা দেখা নগ’ল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস