--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাংহাইৰ এটা শ্বপিং মলৰ চিৰিৰ তলত ৬ মাহ বাস কৰিছিল এজন যুৱকে। শ্বপিং মলটোৰ এজন নিৰাপত্তাৰক্ষীয়ে ছমাহৰ পিছত এই বিষয়টো আৱিষ্কাৰ কৰে। সেই শ্বপিং মলটোৰ এটা মহলাত দোকান নাই। দ্বিতীয় মহলাৰ পৰা আৰম্ভ হৈছে দোকানসমূহ। তলৰ মহলাটো খালী। শ্বপিং মলৰ কৰ্মচাৰীৰ কোনো গতিবিধি নহয় কাক। দ্বিতীয় মহলালৈ যোৱা চিৰিৰ তলৰ অংশটো জনশূন্য। সেই উপলক্ষে যুৱকজনে তালৈ আহি নিজাববীয়াকৈ থাকিবলৈ আৰম্ভ কৰিলে।

কিন্তু শ্বপিং মলটোৰ এজন নিৰাপত্তাৰক্ষীয়ে বিশেষ অভিযানত চিৰিৰ কাষ চাপিবলগা হ’ল। তালৈ গৈ থাকোঁতে তেওঁ অবাক হ’ল। এগালমান বস্তু তাত পৰি আছে। কাপোৰ-কানি, কিতাপ সিঁচৰতি হৈ আছে। কাষতে থকা সৰু টেবুলখনত পানীৰ গিলাচ ৰখা হৈছে। টেবুলৰ সন্মুখত ইজি চকী এখনত হেলান দি কিতাপ পঢ়াত নিমগ্ন এজন যুৱক!

প্ৰথমতে আচৰিত হোৱাৰ পিছত শ্বপিং মলৰ কৰ্মীজনে যুৱকজনক সুধিলে, ইয়াত কি কৰি আছা? যুৱকজনে কি ক’লে, আচৰিত হ’বলগা একো নাই। কিছুদিন আগতে চাকৰি এটা লৈ এই চহৰলৈ আহিছিল। নতুন ঠাইখনত থাকিবলৈ ঠাই বিচাৰি নাপালে। এদিন তেওঁ শ্বপিং মললৈ আহিছিল কিছু বস্তু কিনিবলৈ। চিৰিৰ তলৰ অংশ খালী পৰি থকা দেখি সি তাতেই থকাৰ পৰিকল্পনা কৰিলে। ৬ মাহ আগতে তেওঁ প্ৰয়োজনীয় সামগ্ৰীৰে ঠাইখন বসবাসযোগ্য কৰি তুলিছিল। অৱশ্যে যুৱকজনৰ কথা শুনি শ্বপিং মল কৰ্তৃপক্ষৰ হৃদয় বিদাৰি গ’ল। যুৱকজনক তাত থাকিবলৈ দিলে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ