--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ছাত্ৰৰ বাবে পুনৰ এবাৰ অসুৰক্ষিত বুলি প্ৰমাণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ৷যোৱা ২৯ অক্টোবৰত আমেৰিকাৰ ইণ্ডিয়ানা ৰাজ্যৰ ফিটনেছ চেণ্টাৰত ছুৰীৰে আঘাত কৰা এজন ২৪ বছৰীয়া ভাৰতীয় ছাত্ৰই বুধবাৰে এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। আৰক্ষীয়ে জনোৱা মতে, ভালপাৰাইছ’ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ বৰুণ ৰাজ পুচ্ছাক মূৰত ছুৰীৰে আঘাত কৰি জৰ্ডান আন্দ্ৰেড নামৰ এজন ব্যক্তিয়ে হত্যা কৰে৷

অভিযুক্ত আন্দ্ৰেডে আৰক্ষীক জনাইছে যে আক্ৰমণৰ পূৰ্বে বৰুণ আৰু তেওঁ কেতিয়াও কথা পতা নাছিল যদিও আন্দ্ৰেডে কয় যে "কোনোবাই" আন্দ্ৰেডক কৈছিল যে বৰুণে তেওঁক "ভাবুকি" দিছে।

আৰক্ষীয়ে কয় যে, “অফিচাৰসকলে প্লেনেট ফিটনেছৰ কৰ্মচাৰীসকলৰ সৈতেও কথা পাতি জানিব পাৰিছিল যে আন্দ্ৰেড জিমৰ এজন নিয়মীয়া সদস্য আৰু সাধাৰণতে নিজৰ মাজতে থাকিছিল কোনো কথা বা ঘটনাই জৰ্ডানক ‘উগ্ৰ প্ৰবৃত্তি’ৰ বুলি ইংগিত দিয়া নাছিল।”

আৰক্ষীয়ে জনোৱা মতে, আন্দ্ৰেডে আৰক্ষীক জনাই যে তেওঁ জিমৰ এটা কক্ষত সোমাই বৰুণক পাইছিল৷জৰ্ডানে বৰুণৰ পৰা ভাবুকি অনুভৱ কৰা বুলি কৈছিল আৰু সেই অনুসৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷অভিযুক্তই কয় যে সমগ্ৰ কাজিয়াৰ সময়ছোৱাত বৰুণ বহি আছিল আৰু কোনো ধৰণৰ শাৰীৰিক সংস্পৰ্শ কৰা নাছিল। 

উল্লেখ্য যে, মৃত ভাৰতীয় ছাত্ৰজনৰ স্মৃতিত অহা ১৬ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ কেম্পাছত  স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব৷বিশ্ববিদ্যালয়খনে কয় যে, "আমাৰ বিশ্ববিদ্যালয়ে বৰুণ ৰাজ পুচ্ছাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।"

স্মৰ্তব্য যে, তেলেংগানাৰ খাম্মাম জিলাৰ বাসিন্দা বৰুণে কম্পিউটাৰ বিজ্ঞানত এম এছ কৰি আছিল। ২০২২ চনৰ আগষ্ট মাহত তেওঁ আমেৰিকাত পঢ়া-শুনা আৰম্ভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ