--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ছাত্ৰৰ বাবে পুনৰ এবাৰ অসুৰক্ষিত বুলি প্ৰমাণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ৷যোৱা ২৯ অক্টোবৰত আমেৰিকাৰ ইণ্ডিয়ানা ৰাজ্যৰ ফিটনেছ চেণ্টাৰত ছুৰীৰে আঘাত কৰা এজন ২৪ বছৰীয়া ভাৰতীয় ছাত্ৰই বুধবাৰে এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। আৰক্ষীয়ে জনোৱা মতে, ভালপাৰাইছ’ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ বৰুণ ৰাজ পুচ্ছাক মূৰত ছুৰীৰে আঘাত কৰি জৰ্ডান আন্দ্ৰেড নামৰ এজন ব্যক্তিয়ে হত্যা কৰে৷

অভিযুক্ত আন্দ্ৰেডে আৰক্ষীক জনাইছে যে আক্ৰমণৰ পূৰ্বে বৰুণ আৰু তেওঁ কেতিয়াও কথা পতা নাছিল যদিও আন্দ্ৰেডে কয় যে "কোনোবাই" আন্দ্ৰেডক কৈছিল যে বৰুণে তেওঁক "ভাবুকি" দিছে।

আৰক্ষীয়ে কয় যে, “অফিচাৰসকলে প্লেনেট ফিটনেছৰ কৰ্মচাৰীসকলৰ সৈতেও কথা পাতি জানিব পাৰিছিল যে আন্দ্ৰেড জিমৰ এজন নিয়মীয়া সদস্য আৰু সাধাৰণতে নিজৰ মাজতে থাকিছিল কোনো কথা বা ঘটনাই জৰ্ডানক ‘উগ্ৰ প্ৰবৃত্তি’ৰ বুলি ইংগিত দিয়া নাছিল।”

আৰক্ষীয়ে জনোৱা মতে, আন্দ্ৰেডে আৰক্ষীক জনাই যে তেওঁ জিমৰ এটা কক্ষত সোমাই বৰুণক পাইছিল৷জৰ্ডানে বৰুণৰ পৰা ভাবুকি অনুভৱ কৰা বুলি কৈছিল আৰু সেই অনুসৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷অভিযুক্তই কয় যে সমগ্ৰ কাজিয়াৰ সময়ছোৱাত বৰুণ বহি আছিল আৰু কোনো ধৰণৰ শাৰীৰিক সংস্পৰ্শ কৰা নাছিল। 

উল্লেখ্য যে, মৃত ভাৰতীয় ছাত্ৰজনৰ স্মৃতিত অহা ১৬ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ কেম্পাছত  স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব৷বিশ্ববিদ্যালয়খনে কয় যে, "আমাৰ বিশ্ববিদ্যালয়ে বৰুণ ৰাজ পুচ্ছাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।"

স্মৰ্তব্য যে, তেলেংগানাৰ খাম্মাম জিলাৰ বাসিন্দা বৰুণে কম্পিউটাৰ বিজ্ঞানত এম এছ কৰি আছিল। ২০২২ চনৰ আগষ্ট মাহত তেওঁ আমেৰিকাত পঢ়া-শুনা আৰম্ভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন