--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে মঙলবাৰে (১৫ আগষ্ট) ভাষণৰ সময়ত ‘স্বেচ্ছাচাৰী গ্ৰেপ্তাৰ আৰু সম্পত্তি ধ্বংস’ৰ বিষয়টোৰ কথা উল্লেখ কৰে। তেওঁ কয় যে শাৰীত থিয় হৈ থকা প্ৰতিজন ব্যক্তিৰ ওচৰলৈ ন্যায় পোৱাটো প্ৰয়োজনীয়। ইয়াৰ সমান্তৰালকৈ তেওঁ দেশৰ ন্যায়িক আন্তঃগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, "ন্যায় ব্যৱস্থাৰ শক্তি হৈছে ন্যায় প্ৰদান কৰা। যদি কোনো ব্যক্তিক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ, হত্যাৰ ভাবুকি, সম্পত্তিৰ অবৈধ ধ্বংস কৰা হয়, তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰা সান্ত্বনা লাভ কৰিব লাগে।"

নতুন দিল্লীত অধিবক্তাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এইসমূহ কথা সকলোৰে সন্মুখত ৰাখিছিল ডি ৱাই চন্দ্ৰচুড়ে। এই সময়ত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালো উপস্থিত থাকে। তেওঁ আৰু কয় যে দেশৰ আগশাৰীৰ বাৰ হিচাপে উচ্চতম ন্যায়ালয়ৰ বাৰখনে আইনৰ শাসনৰ সুৰক্ষাৰ বাবে থিয় দিছে।

চি জে আইয়ে কয়, "আমাৰ সংবিধানে ন্যায়পালিকাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা কল্পনা কৰিছে যাতে শাসন ব্যৱস্থাৰ প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰিত সাংবিধানিক সীমাৰ ভিতৰত কাম কৰে। ন্যায়পালিকাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ন্যায় লাভৰ ক্ষেত্ৰত বাধাসমূহ দূৰ কৰা। আদালতৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়োজন আছে।" 

চি জে আই চন্দ্ৰচুড়ে কয় যে, "আমি আদালতৰ ন্যায় প্ৰদানৰ ক্ষমতাৰ ওপৰত আস্থা জগাই তুলিব লাগিব। আমি নিশ্চিত কৰিব লাগিব যে প্ৰতিজন ব্যক্তিয়ে ন্যায় লাভ কৰে। আমি আদালতৰ আন্তঃগাঁথনি উন্নত কৰিব লাগিব। তিনিওটা অংগ, ন্যায়পালিকা, বিধানসভা আৰু কাৰ্যপালিকাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উমৈহতীয়া কামত নিয়োজিত হৈছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস