--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে মঙলবাৰে (১৫ আগষ্ট) ভাষণৰ সময়ত ‘স্বেচ্ছাচাৰী গ্ৰেপ্তাৰ আৰু সম্পত্তি ধ্বংস’ৰ বিষয়টোৰ কথা উল্লেখ কৰে। তেওঁ কয় যে শাৰীত থিয় হৈ থকা প্ৰতিজন ব্যক্তিৰ ওচৰলৈ ন্যায় পোৱাটো প্ৰয়োজনীয়। ইয়াৰ সমান্তৰালকৈ তেওঁ দেশৰ ন্যায়িক আন্তঃগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, "ন্যায় ব্যৱস্থাৰ শক্তি হৈছে ন্যায় প্ৰদান কৰা। যদি কোনো ব্যক্তিক স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ, হত্যাৰ ভাবুকি, সম্পত্তিৰ অবৈধ ধ্বংস কৰা হয়, তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰা সান্ত্বনা লাভ কৰিব লাগে।"

নতুন দিল্লীত অধিবক্তাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এইসমূহ কথা সকলোৰে সন্মুখত ৰাখিছিল ডি ৱাই চন্দ্ৰচুড়ে। এই সময়ত কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালো উপস্থিত থাকে। তেওঁ আৰু কয় যে দেশৰ আগশাৰীৰ বাৰ হিচাপে উচ্চতম ন্যায়ালয়ৰ বাৰখনে আইনৰ শাসনৰ সুৰক্ষাৰ বাবে থিয় দিছে।

চি জে আইয়ে কয়, "আমাৰ সংবিধানে ন্যায়পালিকাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা কল্পনা কৰিছে যাতে শাসন ব্যৱস্থাৰ প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰিত সাংবিধানিক সীমাৰ ভিতৰত কাম কৰে। ন্যায়পালিকাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ন্যায় লাভৰ ক্ষেত্ৰত বাধাসমূহ দূৰ কৰা। আদালতৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়োজন আছে।" 

চি জে আই চন্দ্ৰচুড়ে কয় যে, "আমি আদালতৰ ন্যায় প্ৰদানৰ ক্ষমতাৰ ওপৰত আস্থা জগাই তুলিব লাগিব। আমি নিশ্চিত কৰিব লাগিব যে প্ৰতিজন ব্যক্তিয়ে ন্যায় লাভ কৰে। আমি আদালতৰ আন্তঃগাঁথনি উন্নত কৰিব লাগিব। তিনিওটা অংগ, ন্যায়পালিকা, বিধানসভা আৰু কাৰ্যপালিকাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উমৈহতীয়া কামত নিয়োজিত হৈছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী