--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলক লিংগ পৰিৱৰ্তনৰ অনুমতি প্ৰদান কৰা হৈছে৷মঙলবাৰে এগৰাকী শীর্ষ বিষয়াই জনোৱা মতে, ৰাজ্য প্রশাসনে মধ্য প্রদেশৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ লিংগ সলনিৰ চিকিৎসাত অনুমোদন জনাইছে৷

এইদৰে ৰাটলাম জিলাত নিয়োজিত দীপিকা কোথাৰীয়েই হৈছে ৰাজ্যৰ দ্বিতীয়গৰাকী মহিলা কনিষ্টবল যিয়ে লিংগ পৰিৱৰ্তনৰ অনুমতি লাভ কৰিছে বুলি অতিৰিক্ত মুখ্য সচিব (গৃহ) ৰাজেশ ৰাজোৰাই জানিবলৈ দিয়ে।

সোমবাৰে প্ৰকাশিত এক নিৰ্দেশত ৰাজ্যৰ গৃহ বিভাগে ঘোষণা কৰে যে কোথাৰীৰ ‘লিংগ পৰিচয়ৰ সমস্যা’ আছে আৰু চিকিৎসাৰ প্ৰমাণৰ ভিত্তিত তেওঁক লিংগ পৰিৱৰ্তন কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।এই আদেশত উল্লেখ কৰা হৈছে যে বৰ্তমান চৰকাৰী কৰ্মচাৰীৰ বাবে লিংগ পৰিৱৰ্তন অনুমোদন দিয়াৰ কোনো স্পষ্ট নিয়ম নাই।

ইয়াত উল্লেখ কৰা হৈছে যে এই বিষয়ত আইন বিভাগৰ পৰা মতামত লাভ কৰাৰ পাছত আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পৰৱৰ্তী সময়তহে অনুমোদন দিয়া হৈছে।এই নিৰ্দেশৰ পাছত লিংগ সলনি কৰাৰ পাছত মহিলা কৰ্মচাৰীৰ বাবে সংৰক্ষিত সুবিধাৰ বাবে আৰু যোগ্য নহ’ব।

বিষয়াসকলৰ মতে, ২০২১ চনত আৰতী যাদৱ নামৰ আন এগৰাকী মহিলা কনিষ্টবলে একেধৰণৰ অনুমতি পত্ৰ লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ