--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলক লিংগ পৰিৱৰ্তনৰ অনুমতি প্ৰদান কৰা হৈছে৷মঙলবাৰে এগৰাকী শীর্ষ বিষয়াই জনোৱা মতে, ৰাজ্য প্রশাসনে মধ্য প্রদেশৰ এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ লিংগ সলনিৰ চিকিৎসাত অনুমোদন জনাইছে৷

এইদৰে ৰাটলাম জিলাত নিয়োজিত দীপিকা কোথাৰীয়েই হৈছে ৰাজ্যৰ দ্বিতীয়গৰাকী মহিলা কনিষ্টবল যিয়ে লিংগ পৰিৱৰ্তনৰ অনুমতি লাভ কৰিছে বুলি অতিৰিক্ত মুখ্য সচিব (গৃহ) ৰাজেশ ৰাজোৰাই জানিবলৈ দিয়ে।

সোমবাৰে প্ৰকাশিত এক নিৰ্দেশত ৰাজ্যৰ গৃহ বিভাগে ঘোষণা কৰে যে কোথাৰীৰ ‘লিংগ পৰিচয়ৰ সমস্যা’ আছে আৰু চিকিৎসাৰ প্ৰমাণৰ ভিত্তিত তেওঁক লিংগ পৰিৱৰ্তন কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।এই আদেশত উল্লেখ কৰা হৈছে যে বৰ্তমান চৰকাৰী কৰ্মচাৰীৰ বাবে লিংগ পৰিৱৰ্তন অনুমোদন দিয়াৰ কোনো স্পষ্ট নিয়ম নাই।

ইয়াত উল্লেখ কৰা হৈছে যে এই বিষয়ত আইন বিভাগৰ পৰা মতামত লাভ কৰাৰ পাছত আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পৰৱৰ্তী সময়তহে অনুমোদন দিয়া হৈছে।এই নিৰ্দেশৰ পাছত লিংগ সলনি কৰাৰ পাছত মহিলা কৰ্মচাৰীৰ বাবে সংৰক্ষিত সুবিধাৰ বাবে আৰু যোগ্য নহ’ব।

বিষয়াসকলৰ মতে, ২০২১ চনত আৰতী যাদৱ নামৰ আন এগৰাকী মহিলা কনিষ্টবলে একেধৰণৰ অনুমতি পত্ৰ লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস