--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তামিলনাডুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ইয়াত চেংগলপট্টি জিলাত এটা ঘৰত ফ্ৰীজ বিস্ফোৰণ ঘটিছিল। বিস্ফোৰণৰ শব্দ ইমানেই জোৰেৰে যে শব্দটো গোটেই কলনীটোত বিয়পি পৰিছিল। ফ্ৰীজ বিস্ফোৰণ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক বেয়াকৈ আহত হৈছে। গোচৰটো চেংগালপেট জিলাৰ গুডুভাঞ্চেৰী চহৰৰ, আৰ আৰ বৃন্দাবন এপাৰ্টমেণ্টত সংঘটিত হয় এই ভয়াৱহ ঘটনা। 

ঘটনা সংঘটিত হোৱা পৰিয়ালটিৰ ৬৩ বছৰীয়া পত্নীকে ধৰি সমগ্ৰ পৰিয়ালটো ডুবাইত থাকে। এক বাৰ্ষিক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে তেওঁলোক তামিলনাডুলৈ উভতি আহোঁতে এই দুৰ্ঘটনা সংঘটিত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়ত গিৰিজা, তেওঁৰ ৫৫ বছৰীয়া ভগ্নী ৰাধা, তেওঁৰ ৪৭ বছৰীয়া ভাতৃ ৰাজকুমাৰ আৰু তেওঁৰ ৩৫ বছৰীয়া পত্নী ভাৰ্গৱী আৰু তেওঁলোকৰ ৬ বছৰীয়া কন্যা আৰাধনা ঘৰত আছিল। প্ৰতিবেদন অনুসৰি, ২ নৱেম্বৰত আটাইকেইজনেই ডুবাইৰ পৰা উভতি আহিছিল।

জানিব পৰা গৈছে যে শুকুৰবাৰে পুৱা ৪ বজাত ঘৰটোত ৰখা ফ্ৰীজটো হঠাতে বিস্ফোৰণ ঘটি গোটেই ঘৰটো ধোঁৱাৰে ভৰি পৰে। কোৱা হয় যে ফ্ৰীজৰ তাঁৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈছিল। ঘটনাৰ সময়ত ঘৰত ভিতৰৰ পৰা তলা লগোৱা আছিল আৰু ঘৰৰ ধোঁৱাই ভৰি পৰাৰ বাবে ঘৰৰ সদস্যসকলে দুৱাৰখন খুলিব পৰা নাছিল। বিস্ফোৰণৰ শব্দ শুনি তেওঁৰ ওচৰ-চুবুৰীয়াই তেওঁৰ ঘৰত উপস্থিত হৈ দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ধোঁৱাখিনি ইমানেই বিষাক্ত হৈ পৰিছিল যে ঘৰৰ মানুহবোৰ অজ্ঞান হৈ পৰিছিল। পৰিযলটিৰ গিৰিজা, ৰাধা আৰু ৰাজকুমাৰৰ থিতাতে মৃত্যু হয়।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি গুডুভাঞ্চেৰী আৰক্ষী আৰু মৰাইমলাইনগৰৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যায়। ঘৰৰ আন সদস্য ভাৰ্গৱী আৰু আৰাধনাক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁলোকক চিকিৎসাৰ বাবে ক্ৰম্পেট চৰকাৰী হাস্পতাল কলেজত ভৰ্তি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক