--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তামিলনাডুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ইয়াত চেংগলপট্টি জিলাত এটা ঘৰত ফ্ৰীজ বিস্ফোৰণ ঘটিছিল। বিস্ফোৰণৰ শব্দ ইমানেই জোৰেৰে যে শব্দটো গোটেই কলনীটোত বিয়পি পৰিছিল। ফ্ৰীজ বিস্ফোৰণ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক বেয়াকৈ আহত হৈছে। গোচৰটো চেংগালপেট জিলাৰ গুডুভাঞ্চেৰী চহৰৰ, আৰ আৰ বৃন্দাবন এপাৰ্টমেণ্টত সংঘটিত হয় এই ভয়াৱহ ঘটনা। 

ঘটনা সংঘটিত হোৱা পৰিয়ালটিৰ ৬৩ বছৰীয়া পত্নীকে ধৰি সমগ্ৰ পৰিয়ালটো ডুবাইত থাকে। এক বাৰ্ষিক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে তেওঁলোক তামিলনাডুলৈ উভতি আহোঁতে এই দুৰ্ঘটনা সংঘটিত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়ত গিৰিজা, তেওঁৰ ৫৫ বছৰীয়া ভগ্নী ৰাধা, তেওঁৰ ৪৭ বছৰীয়া ভাতৃ ৰাজকুমাৰ আৰু তেওঁৰ ৩৫ বছৰীয়া পত্নী ভাৰ্গৱী আৰু তেওঁলোকৰ ৬ বছৰীয়া কন্যা আৰাধনা ঘৰত আছিল। প্ৰতিবেদন অনুসৰি, ২ নৱেম্বৰত আটাইকেইজনেই ডুবাইৰ পৰা উভতি আহিছিল।

জানিব পৰা গৈছে যে শুকুৰবাৰে পুৱা ৪ বজাত ঘৰটোত ৰখা ফ্ৰীজটো হঠাতে বিস্ফোৰণ ঘটি গোটেই ঘৰটো ধোঁৱাৰে ভৰি পৰে। কোৱা হয় যে ফ্ৰীজৰ তাঁৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈছিল। ঘটনাৰ সময়ত ঘৰত ভিতৰৰ পৰা তলা লগোৱা আছিল আৰু ঘৰৰ ধোঁৱাই ভৰি পৰাৰ বাবে ঘৰৰ সদস্যসকলে দুৱাৰখন খুলিব পৰা নাছিল। বিস্ফোৰণৰ শব্দ শুনি তেওঁৰ ওচৰ-চুবুৰীয়াই তেওঁৰ ঘৰত উপস্থিত হৈ দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ধোঁৱাখিনি ইমানেই বিষাক্ত হৈ পৰিছিল যে ঘৰৰ মানুহবোৰ অজ্ঞান হৈ পৰিছিল। পৰিযলটিৰ গিৰিজা, ৰাধা আৰু ৰাজকুমাৰৰ থিতাতে মৃত্যু হয়।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি গুডুভাঞ্চেৰী আৰক্ষী আৰু মৰাইমলাইনগৰৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যায়। ঘৰৰ আন সদস্য ভাৰ্গৱী আৰু আৰাধনাক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁলোকক চিকিৎসাৰ বাবে ক্ৰম্পেট চৰকাৰী হাস্পতাল কলেজত ভৰ্তি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু