--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এজন  যুৱকৰ ওপৰত চলা অকথ্য নিৰ্যাতনে চকু কপালত তুলিব আপোনাৰো৷মানৱতাক অপমৃত্যুকে প্ৰমাণিত কৰিলে যুৱকজনৰ সৈতে হোৱা ঘটনাই৷অবৰ্ণনীয় অত্যাচাৰ সহ্য কৰিও ভাগ্যৰ বলত কোনোমতে  স্ব-গৃহত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে এই সকলো ঘটনা৷  

যুৱকজনৰ নাম সুৰেশ মাঝী৷ সুৰেশ মাঝী উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা৷ বয়স ত্ৰিশ বছৰ৷ 
যুৱকজন চাকৰি বিচাৰি দুৰ্বিপাকত ভিখাৰী গেঙৰ কবলত পৰিছিল। এই ভিখাৰীক লৈ ব্যৱসায় চলাই অহা গেঙটোৰ কবলত পৰাৰ পিছতেই যুৱকজনৰ ওপৰত শুনিলে বুকু কঁপি উঠা কিছুমান অত্যাচাৰ আৰম্ভ হয়৷ অঙ্গক্ষত কৰি ভিখাৰীৰ ৰূপ দিবলৈকে যুৱকজনৰ ওপৰত এনে অত্যাচাৰ চলোৱা হৈছিল৷ 

মাত্ৰ ৭০ হাজাৰ টকাৰ বিনিময়ত সুৰেশৰ সমস্যাৰ সুযোগ লৈ ভিখাৰী গেঙৰ হাতত বিক্ৰী কৰি দিছিল বিজয় নামৰ লোক এজনে৷ 

 সুৰেশৰ দুয়োটা চকুত কেমিকেল ঢালি অন্ধ কৰি দিয়া হৈছিল৷ আনকি কোবাই কোবাই ভৰি ভাঙি দিয়া হৈছিল সুৰেশৰ৷ শৰীৰৰ বিভিন্ন স্থানত কৰা হৈছিল আঘাত৷ এনে যমৰ যাতনাৰ ফলত মৃতপ্ৰায় অৱস্থাত আন ঠাইলৈ লৈ যোৱা হৈছিল সুৰেশক৷ 

ইয়াৰ কিছুদিন পিছতেই ভিক্ষা মাগিবলৈ বাধ্য কৰা হৈছিল সুৰেশক।ভিক্ষা হিচাপে পোৱা টকাও লৈ গৈছিল ভিখাৰী গেঙৰ মুৰব্বীয়ে৷  

আনফালে বহু বিচাৰ-খোচাৰ কৰিও  সুৰেশৰ সন্ধান পোৱা নাছিল পৰিয়ালৰ লোকে৷অৱশেষত ভাগ্য বলত নিজ গৃহত উপস্থিত হয় সুৰেশ৷ সুৰেশক এনে অৱস্থাত দেখি বাৰুকৈয়ে আচৰিত হৈ পৰিছে পৰিয়ালৰ লোকসকল৷ তেওঁলোকে সমস্ত ঘটনা ইতিমধ্যে আৰক্ষীৰ ওচৰত ব্যক্ত কৰিছে৷বৰ্তমান দোষীক কাৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু