--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এজন  যুৱকৰ ওপৰত চলা অকথ্য নিৰ্যাতনে চকু কপালত তুলিব আপোনাৰো৷মানৱতাক অপমৃত্যুকে প্ৰমাণিত কৰিলে যুৱকজনৰ সৈতে হোৱা ঘটনাই৷অবৰ্ণনীয় অত্যাচাৰ সহ্য কৰিও ভাগ্যৰ বলত কোনোমতে  স্ব-গৃহত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে এই সকলো ঘটনা৷  

যুৱকজনৰ নাম সুৰেশ মাঝী৷ সুৰেশ মাঝী উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা৷ বয়স ত্ৰিশ বছৰ৷ 
যুৱকজন চাকৰি বিচাৰি দুৰ্বিপাকত ভিখাৰী গেঙৰ কবলত পৰিছিল। এই ভিখাৰীক লৈ ব্যৱসায় চলাই অহা গেঙটোৰ কবলত পৰাৰ পিছতেই যুৱকজনৰ ওপৰত শুনিলে বুকু কঁপি উঠা কিছুমান অত্যাচাৰ আৰম্ভ হয়৷ অঙ্গক্ষত কৰি ভিখাৰীৰ ৰূপ দিবলৈকে যুৱকজনৰ ওপৰত এনে অত্যাচাৰ চলোৱা হৈছিল৷ 

মাত্ৰ ৭০ হাজাৰ টকাৰ বিনিময়ত সুৰেশৰ সমস্যাৰ সুযোগ লৈ ভিখাৰী গেঙৰ হাতত বিক্ৰী কৰি দিছিল বিজয় নামৰ লোক এজনে৷ 

 সুৰেশৰ দুয়োটা চকুত কেমিকেল ঢালি অন্ধ কৰি দিয়া হৈছিল৷ আনকি কোবাই কোবাই ভৰি ভাঙি দিয়া হৈছিল সুৰেশৰ৷ শৰীৰৰ বিভিন্ন স্থানত কৰা হৈছিল আঘাত৷ এনে যমৰ যাতনাৰ ফলত মৃতপ্ৰায় অৱস্থাত আন ঠাইলৈ লৈ যোৱা হৈছিল সুৰেশক৷ 

ইয়াৰ কিছুদিন পিছতেই ভিক্ষা মাগিবলৈ বাধ্য কৰা হৈছিল সুৰেশক।ভিক্ষা হিচাপে পোৱা টকাও লৈ গৈছিল ভিখাৰী গেঙৰ মুৰব্বীয়ে৷  

আনফালে বহু বিচাৰ-খোচাৰ কৰিও  সুৰেশৰ সন্ধান পোৱা নাছিল পৰিয়ালৰ লোকে৷অৱশেষত ভাগ্য বলত নিজ গৃহত উপস্থিত হয় সুৰেশ৷ সুৰেশক এনে অৱস্থাত দেখি বাৰুকৈয়ে আচৰিত হৈ পৰিছে পৰিয়ালৰ লোকসকল৷ তেওঁলোকে সমস্ত ঘটনা ইতিমধ্যে আৰক্ষীৰ ওচৰত ব্যক্ত কৰিছে৷বৰ্তমান দোষীক কাৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement