--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত আইএছএছএফ শ্বুটিং বিশ্বকাপত বৃহস্পতিবাৰে কেইবাগৰাকীও শ্বুটাৰৰ চমৎকাৰ প্ৰদৰ্শনৰ সুবাদত পদকৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ভাৰতে মুঠ আঠটা পদক দখলেৰে প্ৰতিযোগিতাখনত অভিযান সমাপ্ত কৰিছে। আয়োজক কোৰিয়া আৰু ছাৰ্বিয়া দৰে শক্তিশালী দেশক পিছলৈ ঠেলি তিনিটা সোণ, চাৰিটা ৰূপ আৰু এটা ব্ৰঞ্জ পদকেৰে পদত তালিকাত শীৰ্ষস্থান দখল কৰে ভাৰতে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত আজিৰ দিনটো ভাৰতৰ বাবে এক সুৰক্ষিত অভিযানেৰেই আৰম্ভ হৈছিল। অৰ্জুন বাবুটা, শ্বাহু তুষাৰ মানে আৰু পাৰ্থ মাখিজাৰে গঠিত ভাৰতীয় দলটোৱে ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত কোৰিয়াক ১৭-১৫ ব্যৱধানত পৰাস্ত কৰি দেশৰ বাবে তৃতীয়টো সোণৰ পদক অৰ্জন কঢ়িয়াই আনে। বিশ্বকাপত অৰ্জুন আৰু শ্বাহুৰ এইয়া আছিল দ্বিতীয়টো স্বৰ্ণ।

ইয়াৰ পিছতে ৰূপৰ পদকৰ যোগেৰে দিনটোৰ দ্বিতীয়টো পদক দখল কৰিছিল ভাৰতে। ইলাভেনিল ভালাভিৰণ, মেহুলি ঘোষ আৰু ৰমিতাৰে গঠিত দলটোৱে কোৰিয়াৰ জিহিয়ন কেউম, ইউনচিঅ লী আৰু দায়ং গোৱানৰ দলক ১০-১৬ ত পৰাস্ত কৰি ৰূপৰ পদক লাভ কৰে।

আনহাতে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল দলৰ ইভেণ্টৰ ফাইনেলত ভাৰতীয় দলটোৱে ১৫-১৭ পৰাজয় সহিব লগীয়া হয় যদিও দেশৰ বাবে আন এটা ৰূপ নিশ্চিত কৰে।

ইফালে ১০ মিটাৰ এয়াৰ পিষ্টল দলৰ মহিলা প্ৰতিযোগিতাত ৰিদম চাংৱান, যুৱিকা তোমাৰ আৰু পালাকেৰে গঠিত নতুন দলটোৱে টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী কিম মিনজুঙ অন্তৰ্ভুক্ত থকা কোৰিয়ান দলটোৰ বিৰুদ্ধে ২-১০ ব্যৱধানত হাৰ মানে।

ফাইনেলত পৰাস্ত হোৱাৰ সূত্ৰে ভাৰতীয় দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মহিলাৰ দলীয় শাখাত লাভ কৰা এই পদকটো আছিল বৃহস্পতিবাৰে ভাৰতে প্ৰতিযোগিতাখনত লাভ কৰা তৃতীয়টো ৰূপৰ পদক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে