--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত আইএছএছএফ শ্বুটিং বিশ্বকাপত বৃহস্পতিবাৰে কেইবাগৰাকীও শ্বুটাৰৰ চমৎকাৰ প্ৰদৰ্শনৰ সুবাদত পদকৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ভাৰতে মুঠ আঠটা পদক দখলেৰে প্ৰতিযোগিতাখনত অভিযান সমাপ্ত কৰিছে। আয়োজক কোৰিয়া আৰু ছাৰ্বিয়া দৰে শক্তিশালী দেশক পিছলৈ ঠেলি তিনিটা সোণ, চাৰিটা ৰূপ আৰু এটা ব্ৰঞ্জ পদকেৰে পদত তালিকাত শীৰ্ষস্থান দখল কৰে ভাৰতে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত আজিৰ দিনটো ভাৰতৰ বাবে এক সুৰক্ষিত অভিযানেৰেই আৰম্ভ হৈছিল। অৰ্জুন বাবুটা, শ্বাহু তুষাৰ মানে আৰু পাৰ্থ মাখিজাৰে গঠিত ভাৰতীয় দলটোৱে ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত কোৰিয়াক ১৭-১৫ ব্যৱধানত পৰাস্ত কৰি দেশৰ বাবে তৃতীয়টো সোণৰ পদক অৰ্জন কঢ়িয়াই আনে। বিশ্বকাপত অৰ্জুন আৰু শ্বাহুৰ এইয়া আছিল দ্বিতীয়টো স্বৰ্ণ।

ইয়াৰ পিছতে ৰূপৰ পদকৰ যোগেৰে দিনটোৰ দ্বিতীয়টো পদক দখল কৰিছিল ভাৰতে। ইলাভেনিল ভালাভিৰণ, মেহুলি ঘোষ আৰু ৰমিতাৰে গঠিত দলটোৱে কোৰিয়াৰ জিহিয়ন কেউম, ইউনচিঅ লী আৰু দায়ং গোৱানৰ দলক ১০-১৬ ত পৰাস্ত কৰি ৰূপৰ পদক লাভ কৰে।

আনহাতে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল দলৰ ইভেণ্টৰ ফাইনেলত ভাৰতীয় দলটোৱে ১৫-১৭ পৰাজয় সহিব লগীয়া হয় যদিও দেশৰ বাবে আন এটা ৰূপ নিশ্চিত কৰে।

ইফালে ১০ মিটাৰ এয়াৰ পিষ্টল দলৰ মহিলা প্ৰতিযোগিতাত ৰিদম চাংৱান, যুৱিকা তোমাৰ আৰু পালাকেৰে গঠিত নতুন দলটোৱে টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী কিম মিনজুঙ অন্তৰ্ভুক্ত থকা কোৰিয়ান দলটোৰ বিৰুদ্ধে ২-১০ ব্যৱধানত হাৰ মানে।

ফাইনেলত পৰাস্ত হোৱাৰ সূত্ৰে ভাৰতীয় দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মহিলাৰ দলীয় শাখাত লাভ কৰা এই পদকটো আছিল বৃহস্পতিবাৰে ভাৰতে প্ৰতিযোগিতাখনত লাভ কৰা তৃতীয়টো ৰূপৰ পদক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ