--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাংলাদেশী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বিশ্ব বিখ্যাত টাইম আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছে। কেৱল সেয়াই নহয় টাইম আলোচনীৰ বেটুপাতত হাছিনাৰ মুখেৰে কোৱা হৈছে 'মই মোৰ লোকসকলৰ বাবে মৰিবলৈ সাজু'।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আমেৰিকাৰ বিখ্যাত আলোচনী টাইমৰ বেটুপাতত স্থান লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছে। তেওঁ টাইমক দিয়া এক সাক্ষাৎকাৰত কৈছে  যে গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে পৰিচালিত হৈ থকা  তেওঁৰ চৰকাৰক আঁতৰ কৰাটো কঠিন। উল্লেখ্য  প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন ২০২৪ চনৰ জানুৱাৰী মাহত বাংলাদেশত অনুষ্ঠিত হ'ব। এনে সময়তে হাছিনাৰ সাক্ষাৎকাৰটোৱে বেছ তাৎপৰ্য বহন কৰিছে। 

 টাইমক দিয়া  সাক্ষাৎকাৰটোত তেওঁ কয় - ’’মই নিশ্চিত যে মোৰ লোকসকল মোৰ সৈতে আছে। তেওঁলোকেই  মোৰ মুখ্য শক্তি। মোক আঁতৰ কৰাটো ইমান সহজ নহয়। মোক আঁতৰ কৰাৰ একমাত্ৰ উপায় হ'ল মোক একেবাৰে আঁতৰাই পেলোৱা । মই মোৰ মানুহৰ বাবে মৰিবলৈও সাজু।’’ উল্লেখ্য নিউয়ৰ্ক স্থিত বাতৰি প্ৰতিষ্ঠান টাইমে প্ৰকাশ কৰিছে যে হাছিনাই আলোচনীখনৰ ২০ নৱেম্বৰৰ সংস্কৰণৰ বেটুপাতত স্থান লাভ কৰিছে। এই সংস্কৰণটো ১০ নৱেম্বৰত বজাৰত  বিক্ৰীৰ বাবে উপলব্ধ হ'ব।

৭৬ বছৰ বয়সতো বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে  এক ৰাজনৈতিক দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰি আহিছে  যিয়ে ১৭০ নিযুত লোকৰ দেশখনক দ্ৰুত গতিত বিকশিত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিছে। টাইমৰ চাৰ্লি কেম্পবেলে কভাৰ ষ্ট'ৰীত এই কথাবোৰ উল্লেখ কৰিছে। সাক্ষাৎকাৰটোত কোৱা হৈছে যে  হৈছে বিশ্বৰ এখন দেশৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে সেৱা আগবঢ়োৱা মহিলা ৰাষ্ট্ৰপ্ৰধান, ১৯৯৬  চনৰ পৰা ২০০১  চনলৈ পূৰ্বৱৰ্তী কাৰ্যকালৰ পিছত ২০০৯ চনৰ পৰা এতিয়ালৈ তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰি আহিছে। 

টাইম আলোচনীত চাৰ্লি কেম্পবেলে উল্লেখ কৰিছে যে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত  ১৯ বাৰ হত্যাৰ চেষ্টাৰ বলি হৈছিল। শেহতীয়া মাহবোৰত প্ৰধান বিৰোধী বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)ৰ সমৰ্থকসকলে নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে।  ফলত শ শ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।  বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি) হৈছে এক উগ্ৰ ইছলামিক দল, যি পাকিস্তানৰ প্ৰতি অধিক আকৰ্ষিত।

আৰক্ষীৰ বাহন আৰু চৰকাৰী বাছত জুই লগাই দিয়া হৈছে।  বি এন পি সমৰ্থক আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষত কেইবাজনো লোক নিহত হৈছে। বি এন পিয়ে আনকি আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰো  হংকাৰ  দিছে। দলটোৱে ২০১৪ আৰু ২০১৮ চনতো তেনে আহ্বান দিছিল।  






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ