--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি থকাৰ সময়তে  ফ্ৰান্সৰ সৰ্ববৃহৎ বিমানবন্দৰত একাংশ মুছলমানলোকে সমূহীয়াভাবে নামাজ পঢ়াৰ কথাই দেশ খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ফ্ৰান্স চৰকাৰে একাংশ মুছলমান যাত্ৰীয়ে কিদৰে বিমান বন্দৰত নামাজ পঢ়িবলৈ পালে সেই বিষয়ত উদ্বেগ ব্যক্ত কৰিছে। এই ঘটনাৰ পিছতে চৰকাৰে  বিমানবন্দৰত কঠোৰ নিয়ম বলবৎ কৰাৰ প্ৰতিশ্ৰুতি দিছে। 

উল্লেখ্য  শেহতীয়া বছৰবোৰত ইউৰোপীয় দেশসমূহকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মৰ অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। ফ্ৰান্সত অৱস্থিত পেৰিছৰ এটা  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নামাজ পঢ়াৰ কথাটোৱে বহুতকে অসন্তুষ্ট কৰি তুলিছে।  পেৰিছৰ চাৰ্লছ ডি গল বিমানবন্দৰৰ বৰ্ডিং এলেকাত বহু ইছলামধৰ্মী লোকে নামাজ পঢ়িছিল। পেৰিছৰ চাৰ্লছ ডি গল বিমানবন্দৰত প্ৰাৰ্থনাত উপস্থিত থকা মুছলমান যাত্ৰীসকলৰ ফটোয়ে বিতৰ্কৰ সৃষ্টি কৰিছে।ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহত পেৰিছৰ চাৰ্লছ ডি গল বিমানবন্দৰৰ বৰ্ডিং এলেকাত ডজন ডজন মুছলমান যাত্ৰীয়ে জৰ্ডান অভিমুখী বিমানত প্ৰাৰ্থনা কৰা দেখা গৈছিল।

 হামাছ আৰু ইজৰাইলৰ মাজত সংঘৰ্ষৰ বাবে ফ্ৰান্সত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ঘটা এনে ঘটনাই ফ্ৰান্সৰ চৰকাৰক বিব্ৰত কৰি তুলিছে।  ফ্ৰান্সৰ সৰ্ববৃহৎ বিমানবন্দৰৰ টাৰ্মিনেল ২বিত প্ৰায় ৩০ জন মুছলমান যাত্ৰীয়ে ১০ মিনিটৰ বাবে প্ৰাৰ্থনা কৰিছিল।  আনহাতে বিমানবন্দৰত এনে ধৰণৰ প্ৰাৰ্থনাৰ বাবে আন নিৰ্ধাৰিত   ঠাই আছে। এৰোপোৰ্টছ ডি পেৰিছৰ অপাৰেটৰ (এডিপি)ৰ মুখ্য কাৰ্যবাহী আগষ্টিন ডি ৰোমানানেটে এক্সত লিখিছে যে এয়া  দুখজনক কথা। ফ্ৰান্স এখন সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ দেশ আৰু বিমানবন্দৰকে ধৰি বিদ্যালয় আৰু ৰাজহুৱা ভৱনৰ দৰে ৰাজহুৱা স্থানত ধৰ্মীয় বিশ্বাস প্ৰদৰ্শনৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে।সেয়া যাত্ৰীসকলে জানিব লাগিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত