--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি থকাৰ সময়তে  ফ্ৰান্সৰ সৰ্ববৃহৎ বিমানবন্দৰত একাংশ মুছলমানলোকে সমূহীয়াভাবে নামাজ পঢ়াৰ কথাই দেশ খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ফ্ৰান্স চৰকাৰে একাংশ মুছলমান যাত্ৰীয়ে কিদৰে বিমান বন্দৰত নামাজ পঢ়িবলৈ পালে সেই বিষয়ত উদ্বেগ ব্যক্ত কৰিছে। এই ঘটনাৰ পিছতে চৰকাৰে  বিমানবন্দৰত কঠোৰ নিয়ম বলবৎ কৰাৰ প্ৰতিশ্ৰুতি দিছে। 

উল্লেখ্য  শেহতীয়া বছৰবোৰত ইউৰোপীয় দেশসমূহকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মৰ অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। ফ্ৰান্সত অৱস্থিত পেৰিছৰ এটা  আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নামাজ পঢ়াৰ কথাটোৱে বহুতকে অসন্তুষ্ট কৰি তুলিছে।  পেৰিছৰ চাৰ্লছ ডি গল বিমানবন্দৰৰ বৰ্ডিং এলেকাত বহু ইছলামধৰ্মী লোকে নামাজ পঢ়িছিল। পেৰিছৰ চাৰ্লছ ডি গল বিমানবন্দৰত প্ৰাৰ্থনাত উপস্থিত থকা মুছলমান যাত্ৰীসকলৰ ফটোয়ে বিতৰ্কৰ সৃষ্টি কৰিছে।ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহত পেৰিছৰ চাৰ্লছ ডি গল বিমানবন্দৰৰ বৰ্ডিং এলেকাত ডজন ডজন মুছলমান যাত্ৰীয়ে জৰ্ডান অভিমুখী বিমানত প্ৰাৰ্থনা কৰা দেখা গৈছিল।

 হামাছ আৰু ইজৰাইলৰ মাজত সংঘৰ্ষৰ বাবে ফ্ৰান্সত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে ঘটা এনে ঘটনাই ফ্ৰান্সৰ চৰকাৰক বিব্ৰত কৰি তুলিছে।  ফ্ৰান্সৰ সৰ্ববৃহৎ বিমানবন্দৰৰ টাৰ্মিনেল ২বিত প্ৰায় ৩০ জন মুছলমান যাত্ৰীয়ে ১০ মিনিটৰ বাবে প্ৰাৰ্থনা কৰিছিল।  আনহাতে বিমানবন্দৰত এনে ধৰণৰ প্ৰাৰ্থনাৰ বাবে আন নিৰ্ধাৰিত   ঠাই আছে। এৰোপোৰ্টছ ডি পেৰিছৰ অপাৰেটৰ (এডিপি)ৰ মুখ্য কাৰ্যবাহী আগষ্টিন ডি ৰোমানানেটে এক্সত লিখিছে যে এয়া  দুখজনক কথা। ফ্ৰান্স এখন সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ দেশ আৰু বিমানবন্দৰকে ধৰি বিদ্যালয় আৰু ৰাজহুৱা ভৱনৰ দৰে ৰাজহুৱা স্থানত ধৰ্মীয় বিশ্বাস প্ৰদৰ্শনৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে।সেয়া যাত্ৰীসকলে জানিব লাগিছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ