--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'টাইটানিক'ৰ জনপ্ৰিয় অভিনেতা  বাৰ্ণাৰ্ড হিল আৰু নাই। টাইটানিক' আৰু 'দ্য লৰ্ড অফ দ্য ৰিংছ' ত্ৰিলজীৰ দৰে বহু কালজয়ী ছবিত কৰা অপূৰ্ব অভিনয়েৰে দৰ্শকৰ হৃদয়ত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ব্ৰিটিছ অভিনেতাগৰাকীৰ মৃত্যুত বিশ্বজুৰি শোকৰ ছাঁ পৰিছে। সোমবাৰে পুৱা অভিনেতাজনৰ মৃত্যুৰ খবৰ  ৰাজহুৱা কৰা হয়।

স্কটিছ লোক সংগীতজ্ঞ বাৰবাৰা ডিক্সনে এক্স হেণ্ডেলত বাৰ্ণাৰ্ডৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে। বাৰবাৰা ডিক্সনে লিখিছে "অতি দুখৰ সৈতে আমি ঘোষণা কৰিছো যে বাৰ্ণাৰ্ড হিলৰ মৃত্যু হৈছে।  আমি একেলগে 'জন পল জৰ্জ ৰিঙ্গো এণ্ড বাৰ্ট' কৰিছিলো, 'দ্য উইলি ৰাছেল মাৰ্ভেলচ শ্ব' কৰিছিলো। সঁচাকৈয়ে এজন অনবদ্য অভিনেতা আছিল তেওঁ। তেওঁক লগ পোৱাটো সঁচাকৈয়ে আনন্দদায়ক কথা আছিল। শান্তিত থাকক, বেনি, বাৰ্ণাৰ্ড হিল। "

মৃত্যুৰ সময়ত বাৰ্ণাৰ্ড হিলৰ বয়স আছিল ৭৯ বছৰ।  বাৰ্ণাৰ্ড হিলৰ জন্ম ইংলেণ্ডৰ মানচেষ্টাৰত হৈছিল। বিবিচি টিভিৰ জনপ্ৰিয় নাটক 'বয়জ ফ্ৰম দ্য ব্লেকষ্টাফ'ত ইয়োচাৰ হিউজেছৰ চৰিত্ৰত অভিনয় কৰাৰ পিছৰে পৰা পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল তেওঁ । ১৯৯৭ চনত তেওঁ জেমছ কেমেৰুনৰ টাইটানিকত কেপ্টেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰত অভিনয় কৰে। কেপ্টেইন হিচাপে কৰা তেওঁৰ অভিনয়ে সেই ঐতিহাসিক চৰিত্ৰটোত এক বেলেগ মাত্ৰা প্ৰদান  কৰিছিল। একেদৰে বাৰ্ণাৰ্ড হিলে পিটাৰ জেকচনৰ 'দ্য লৰ্ড অফ দ্য ৰিংছ' ত্ৰিলজীত অভিনয় কৰিছিল। হিলক ৰোহনৰ ৰজা থিওডেনৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। বাৰ্ণাৰ্ড হিলে তেওঁৰ দীঘলীয়া কেৰিয়াৰত অতি দক্ষতাৰে বিভিন্ন ধৰণৰ ছবিত অভিনয় কৰিছে। তেওঁৰ মৃত্যুৱে হলিউডৰ লগতে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী