--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'টাইটানিক'ৰ জনপ্ৰিয় অভিনেতা  বাৰ্ণাৰ্ড হিল আৰু নাই। টাইটানিক' আৰু 'দ্য লৰ্ড অফ দ্য ৰিংছ' ত্ৰিলজীৰ দৰে বহু কালজয়ী ছবিত কৰা অপূৰ্ব অভিনয়েৰে দৰ্শকৰ হৃদয়ত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ব্ৰিটিছ অভিনেতাগৰাকীৰ মৃত্যুত বিশ্বজুৰি শোকৰ ছাঁ পৰিছে। সোমবাৰে পুৱা অভিনেতাজনৰ মৃত্যুৰ খবৰ  ৰাজহুৱা কৰা হয়।

স্কটিছ লোক সংগীতজ্ঞ বাৰবাৰা ডিক্সনে এক্স হেণ্ডেলত বাৰ্ণাৰ্ডৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে। বাৰবাৰা ডিক্সনে লিখিছে "অতি দুখৰ সৈতে আমি ঘোষণা কৰিছো যে বাৰ্ণাৰ্ড হিলৰ মৃত্যু হৈছে।  আমি একেলগে 'জন পল জৰ্জ ৰিঙ্গো এণ্ড বাৰ্ট' কৰিছিলো, 'দ্য উইলি ৰাছেল মাৰ্ভেলচ শ্ব' কৰিছিলো। সঁচাকৈয়ে এজন অনবদ্য অভিনেতা আছিল তেওঁ। তেওঁক লগ পোৱাটো সঁচাকৈয়ে আনন্দদায়ক কথা আছিল। শান্তিত থাকক, বেনি, বাৰ্ণাৰ্ড হিল। "

মৃত্যুৰ সময়ত বাৰ্ণাৰ্ড হিলৰ বয়স আছিল ৭৯ বছৰ।  বাৰ্ণাৰ্ড হিলৰ জন্ম ইংলেণ্ডৰ মানচেষ্টাৰত হৈছিল। বিবিচি টিভিৰ জনপ্ৰিয় নাটক 'বয়জ ফ্ৰম দ্য ব্লেকষ্টাফ'ত ইয়োচাৰ হিউজেছৰ চৰিত্ৰত অভিনয় কৰাৰ পিছৰে পৰা পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল তেওঁ । ১৯৯৭ চনত তেওঁ জেমছ কেমেৰুনৰ টাইটানিকত কেপ্টেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰত অভিনয় কৰে। কেপ্টেইন হিচাপে কৰা তেওঁৰ অভিনয়ে সেই ঐতিহাসিক চৰিত্ৰটোত এক বেলেগ মাত্ৰা প্ৰদান  কৰিছিল। একেদৰে বাৰ্ণাৰ্ড হিলে পিটাৰ জেকচনৰ 'দ্য লৰ্ড অফ দ্য ৰিংছ' ত্ৰিলজীত অভিনয় কৰিছিল। হিলক ৰোহনৰ ৰজা থিওডেনৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। বাৰ্ণাৰ্ড হিলে তেওঁৰ দীঘলীয়া কেৰিয়াৰত অতি দক্ষতাৰে বিভিন্ন ধৰণৰ ছবিত অভিনয় কৰিছে। তেওঁৰ মৃত্যুৱে হলিউডৰ লগতে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু