--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খানাপাৰা, গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত শুকুৰবাৰে অসম ৰাইজিং বঁটা  প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ বৃহৎ অনুষ্ঠানত পুৱাৰ ভাগত অনুষ্ঠিত কৰা হয় য়ুথ কনক্লেভ। যুৱ সন্মিলনখন পুৱা ১০ বজাত উদ্বোধন কৰা হয়। সন্মিলনৰ বিষয় হৈছে - ৰাষ্ট্ৰ নিৰ্মাণত  যুৱসকলৰ ভূমিকা ।  দুপৰীয়া ১২  বজাত প্ৰথম প্ৰশ্ন উত্তৰ অধিৱেশন অনুষ্ঠিত হয়। দুপৰীয়া ১২:১৫ বজাত অনুষ্ঠিত হয় যুৱ  সন্মিলনৰ দ্বিতীয় অধিৱেশন। সন্মিলনৰ বিষয় আছিল দক্ষতা আৰু উদ্যোগ - কৰ্পোৰেট খণ্ডৰ সামাজিক দায়বদ্ধতা। 

দিনৰ ১-৪৫  বজাত-প্ৰশ্ন উত্তৰ অধিৱেশন অনুষ্ঠিত হয় আৰু দিনৰ ২  বজাত-মধ্যাহ্ন ভোজন বিৰতি। আবেলি ৩ বজাত অনুষ্ঠিত হয় সন্মিলনৰ তৃতীয় অংশ। সন্মিলনৰ বিষয় আছিল অসমত বাল্য বিবাহে মাতি অনা  বিপদ। আবেলি ৪-৩০  বজাত-প্ৰশ্ন উত্তৰ অধিৱেশন অনুষ্ঠিত হয়। সন্ধিয়া ৫-৩০  বজাত-অসম ৰাইজিং বঁটা আৰু সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত হয় । অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই  চতুৰ্দশ অসম ৰাইজিং য়ুথ কনক্লেভৰ সামৰণি অধিৱেশন আৰু আলোক প্ৰভনজন  ৱেলফেয়াৰ চ'চাইটিৰ বঁটা তথা  সম্বৰ্ধনা প্ৰদান  কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি  কাটাৰিয়াই কয়, "ভাৰত এখন যুৱ ৰাষ্ট্ৰ আৰু আমি বিশ্বৰ সৰ্ববৃহৎ যুৱ শক্তি লাভ কৰিবলৈ পাই সৌভাগ্যৱান। 

আমি এই যুৱ শক্তিক সঠিকভাৱে পৰিচালনা কৰিব লাগিব। গুণগত শিক্ষাৰ জৰিয়তে তেওঁলোকক দক্ষ  কৰি তুলিব  লাগিব। আমি যুৱসকলক ৰাষ্ট্ৰীয় মনোভাৱৰে অনুপ্ৰাণিত কৰাৰ বাবেও কাম কৰিব লাগিব, তেতিয়াহে আমি যুৱসকলক উন্নত ভাৰত গঢ়ি তোলাৰ দিশত আগুৱাই নিয়াত সফল হ'ম।" কাটাৰিয়াই লগতে কয় যে দেশত সংঘটিত হোৱা সকলো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কেৱল যুৱসকলৰ শক্তিশালী ইচ্ছাশক্তিৰ বাবেহে সম্ভৱ হৈছে আৰু তেওঁলোকক সঠিক দিশত অনুপ্ৰাণিত কৰা প্ৰয়োজন। যদিও তেওঁলোকৰ উৎসাহ আছে আৰু  তথাপি তেওঁলোকক সফলতাৰ শীৰ্ষত উপনীত হোৱাত সহায় কৰিবলৈ তেওঁলোকৰ শক্তিক সঠিক দিশেৰে পৰিচালিব কৰিব লাগিব। আমাৰ দেশৰ ভৱিষ্যত যুৱসকলৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। কাটাৰিয়াই লগতে কয় যে প্ৰধানমন্ত্ৰী  মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগনীতিৰ জৰিয়তে অভূতপূৰ্ব উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰখন দ্ৰুতগতিত আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। সেয়েহে, ষ্টাৰ্টআপ, উদ্যোগ আৰু দক্ষতা বিকাশৰ দৰে পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ কয় ।ৰাজ্যপালগৰাকীয়ে কয়  "আজি অপেক্ষা কৰাৰ আৰু চৰকাৰী চাকৰি বিচৰা সময় নহয়, নিজৰ উদ্যোগ স্থাপন কৰা আৰু আনক নিযুক্তি প্ৰদান কৰাৰ সময়," । এই অনুষ্ঠানতে  বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক 'দৈনন্দিন বাৰ্তা' বঁটা প্ৰদান কৰা হয় । ৰাজ্যপালে কাটাৰিয়াই  এই বঁটা প্ৰদান কৰি বিশিষ্ট সাংবাদিক বেজবৰুৱাক   প্ৰশংসা কৰে।


অনুষ্ঠানত উপস্থিত থাকি অসমৰ প্ৰাক্তন ডিজিপি তথা প্ৰাক্তন তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই তেওঁৰ শৈশৱৰ কথা ৰোমন্থন কৰে। তেওঁ কয় যে তেওঁ এনে এখন বিদ্যালয়ত অধ্যয়ন কৰিছিল যি খন বিদ্যালয় বালিকা বিদ্যালয় আছিল। আলোকপ্ৰভনজন ৱেলফেয়াৰ ছ’চাইটিয়ে যুৱক-যুৱতীসকলৰ বাবে আয়োজন কৰা য়ুথ কনক্লেভে ৰাজ্যৰ যুৱক-যুৱতীসকলক আত্ম সংস্থাপনৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান দিব পাৰিব বুলি মহন্তই আশা প্ৰকাশ কৰে। অনুষ্ঠানত ব্যস্ততাৰ মাজতো উপস্থিত হৈ অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা বাবে দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোঁহাইক প্ৰশংসা কৰে। নিজৰ ভাষণত মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্য খনৰ প্ৰায় ১৭ হাজাৰ আত্মসহায়ক গোটক চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব। একেদৰে ৰাজ্যৰ কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে বহু হাজাৰ পাৱাৰ টিলাৰো যোগান ধৰা হ’ব বুলি তেওঁ কয়। কৃষি খণ্ডৰ উন্নয়নৰ বাবে শিক্ষিত যুৱক-যুৱতীসকল এই খণ্ডৰ সৈতে জড়িত হ’ব লাগিব বুলিও মন্ত্ৰী বৰাই কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement