--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খানাপাৰা, গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত শুকুৰবাৰে অসম ৰাইজিং বঁটা  প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ বৃহৎ অনুষ্ঠানত পুৱাৰ ভাগত অনুষ্ঠিত কৰা হয় য়ুথ কনক্লেভ। যুৱ সন্মিলনখন পুৱা ১০ বজাত উদ্বোধন কৰা হয়। সন্মিলনৰ বিষয় হৈছে - ৰাষ্ট্ৰ নিৰ্মাণত  যুৱসকলৰ ভূমিকা ।  দুপৰীয়া ১২  বজাত প্ৰথম প্ৰশ্ন উত্তৰ অধিৱেশন অনুষ্ঠিত হয়। দুপৰীয়া ১২:১৫ বজাত অনুষ্ঠিত হয় যুৱ  সন্মিলনৰ দ্বিতীয় অধিৱেশন। সন্মিলনৰ বিষয় আছিল দক্ষতা আৰু উদ্যোগ - কৰ্পোৰেট খণ্ডৰ সামাজিক দায়বদ্ধতা। 

দিনৰ ১-৪৫  বজাত-প্ৰশ্ন উত্তৰ অধিৱেশন অনুষ্ঠিত হয় আৰু দিনৰ ২  বজাত-মধ্যাহ্ন ভোজন বিৰতি। আবেলি ৩ বজাত অনুষ্ঠিত হয় সন্মিলনৰ তৃতীয় অংশ। সন্মিলনৰ বিষয় আছিল অসমত বাল্য বিবাহে মাতি অনা  বিপদ। আবেলি ৪-৩০  বজাত-প্ৰশ্ন উত্তৰ অধিৱেশন অনুষ্ঠিত হয়। সন্ধিয়া ৫-৩০  বজাত-অসম ৰাইজিং বঁটা আৰু সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত হয় । অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই  চতুৰ্দশ অসম ৰাইজিং য়ুথ কনক্লেভৰ সামৰণি অধিৱেশন আৰু আলোক প্ৰভনজন  ৱেলফেয়াৰ চ'চাইটিৰ বঁটা তথা  সম্বৰ্ধনা প্ৰদান  কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি  কাটাৰিয়াই কয়, "ভাৰত এখন যুৱ ৰাষ্ট্ৰ আৰু আমি বিশ্বৰ সৰ্ববৃহৎ যুৱ শক্তি লাভ কৰিবলৈ পাই সৌভাগ্যৱান। 

আমি এই যুৱ শক্তিক সঠিকভাৱে পৰিচালনা কৰিব লাগিব। গুণগত শিক্ষাৰ জৰিয়তে তেওঁলোকক দক্ষ  কৰি তুলিব  লাগিব। আমি যুৱসকলক ৰাষ্ট্ৰীয় মনোভাৱৰে অনুপ্ৰাণিত কৰাৰ বাবেও কাম কৰিব লাগিব, তেতিয়াহে আমি যুৱসকলক উন্নত ভাৰত গঢ়ি তোলাৰ দিশত আগুৱাই নিয়াত সফল হ'ম।" কাটাৰিয়াই লগতে কয় যে দেশত সংঘটিত হোৱা সকলো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কেৱল যুৱসকলৰ শক্তিশালী ইচ্ছাশক্তিৰ বাবেহে সম্ভৱ হৈছে আৰু তেওঁলোকক সঠিক দিশত অনুপ্ৰাণিত কৰা প্ৰয়োজন। যদিও তেওঁলোকৰ উৎসাহ আছে আৰু  তথাপি তেওঁলোকক সফলতাৰ শীৰ্ষত উপনীত হোৱাত সহায় কৰিবলৈ তেওঁলোকৰ শক্তিক সঠিক দিশেৰে পৰিচালিব কৰিব লাগিব। আমাৰ দেশৰ ভৱিষ্যত যুৱসকলৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। কাটাৰিয়াই লগতে কয় যে প্ৰধানমন্ত্ৰী  মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগনীতিৰ জৰিয়তে অভূতপূৰ্ব উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰখন দ্ৰুতগতিত আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। সেয়েহে, ষ্টাৰ্টআপ, উদ্যোগ আৰু দক্ষতা বিকাশৰ দৰে পদক্ষেপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ কয় ।ৰাজ্যপালগৰাকীয়ে কয়  "আজি অপেক্ষা কৰাৰ আৰু চৰকাৰী চাকৰি বিচৰা সময় নহয়, নিজৰ উদ্যোগ স্থাপন কৰা আৰু আনক নিযুক্তি প্ৰদান কৰাৰ সময়," । এই অনুষ্ঠানতে  বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক 'দৈনন্দিন বাৰ্তা' বঁটা প্ৰদান কৰা হয় । ৰাজ্যপালে কাটাৰিয়াই  এই বঁটা প্ৰদান কৰি বিশিষ্ট সাংবাদিক বেজবৰুৱাক   প্ৰশংসা কৰে।


অনুষ্ঠানত উপস্থিত থাকি অসমৰ প্ৰাক্তন ডিজিপি তথা প্ৰাক্তন তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই তেওঁৰ শৈশৱৰ কথা ৰোমন্থন কৰে। তেওঁ কয় যে তেওঁ এনে এখন বিদ্যালয়ত অধ্যয়ন কৰিছিল যি খন বিদ্যালয় বালিকা বিদ্যালয় আছিল। আলোকপ্ৰভনজন ৱেলফেয়াৰ ছ’চাইটিয়ে যুৱক-যুৱতীসকলৰ বাবে আয়োজন কৰা য়ুথ কনক্লেভে ৰাজ্যৰ যুৱক-যুৱতীসকলক আত্ম সংস্থাপনৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান দিব পাৰিব বুলি মহন্তই আশা প্ৰকাশ কৰে। অনুষ্ঠানত ব্যস্ততাৰ মাজতো উপস্থিত হৈ অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা বাবে দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক শংকৰ গোঁহাইক প্ৰশংসা কৰে। নিজৰ ভাষণত মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্য খনৰ প্ৰায় ১৭ হাজাৰ আত্মসহায়ক গোটক চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব। একেদৰে ৰাজ্যৰ কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে বহু হাজাৰ পাৱাৰ টিলাৰো যোগান ধৰা হ’ব বুলি তেওঁ কয়। কৃষি খণ্ডৰ উন্নয়নৰ বাবে শিক্ষিত যুৱক-যুৱতীসকল এই খণ্ডৰ সৈতে জড়িত হ’ব লাগিব বুলিও মন্ত্ৰী বৰাই কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু