--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰুবী খান নামৰ এগৰাকী এইচ আৰ পেছাদাৰীয়ে মুম্বাইৰ তাজমহল হোটেলৰ সৈতে জড়িত এটা সুন্দৰ কাহিনী শ্বেয়াৰ কৰিছে। তাজমহল হোটেলত থকাৰ সময়ছোৱাত হোটেলৰ প্ৰৱেশদ্বাৰত এটা কুকুৰ শান্তিৰে শুই থকা দেখি তেওঁ আচৰিত হৈছিল। 

কুকুৰটোৰ উপস্থিতিয়ে ৰুবী খানৰ কৌতুহল জগাই তুলিলে। ষ্টাফৰ পৰা এই বিষয়ে সোধাত তেওঁক কোৱা হৈছিল যে কুকুৰটো জন্মৰ পৰাই হোটেলৰ চৌহদত বাস কৰি আহিছে। কৰ্মচাৰীসকলে জনোৱা মতে, হোটেল চৌহদত প্ৰৱেশ কৰা জীৱ-জন্তুৰ সৈতে ভাল আচৰণ কৰিবলৈ ৰতন টাটাই কঠোৰ নিৰ্দেশ দিছে।

লিংকডইনৰ এটা পোষ্টত খানে লিখিছে, "...এই ঠাইখনে (তাজমহল হোটেল) ৰাজনৈতিক বিশিষ্ট ব্যক্তিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটিলৈকে ইমানবোৰ অতিথি আতিথ্য প্ৰদান কৰে, ইয়াৰ দেৱালৰ ভিতৰতে সকলোৰে মূল্য দিয়া হয়। এনে এটা সন্মানীয় প্ৰতিষ্ঠানৰ প্ৰৱেশদ্বাৰ অতি গুৰুত্বপূৰ্ণ আৰু তাত তেওঁ (এটা কুকুৰ) শান্তিৰে শুই আছিল, সম্ভৱতঃ কোনো অতিথিৰ চকুত পৰা নাছিল।" 

ৰতন টাটাক উদ্দেশ্য কৰি কয় যে "আপুনি আটাইতকৈ সফল উদ্যোগী। সকলোকে সন্মান দিয়া আৰু আকোৱালি লোৱা এই যাত্ৰা কেতিয়াও বন্ধ নহওক।"

পোষ্টটো শ্বেয়াৰ কৰাৰ পিছত ভাইৰেল হৈ পৰে। এই বিষয়ত হোটেলখনেও মন্তব্য কৰে। তাজ হোটেলে খানৰ পোষ্টটোৰ ওপৰত মন্তব্য কৰি লিখিছে, "হাই ৰুবী, এই কাহিনীটো শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ। তাজত আমি দয়া আৰু সহানুভূতিক মূল্য দিওঁ, প্ৰতিজন অতিথিয়ে যাতে ঘৰত থকাৰ দৰে অনুভৱ কৰে "আপোনাৰ অভিজ্ঞতা সঁচাকৈয়ে আমাৰ মূল মূল্যবোধৰ সৈতে মিল খাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু