--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰুবী খান নামৰ এগৰাকী এইচ আৰ পেছাদাৰীয়ে মুম্বাইৰ তাজমহল হোটেলৰ সৈতে জড়িত এটা সুন্দৰ কাহিনী শ্বেয়াৰ কৰিছে। তাজমহল হোটেলত থকাৰ সময়ছোৱাত হোটেলৰ প্ৰৱেশদ্বাৰত এটা কুকুৰ শান্তিৰে শুই থকা দেখি তেওঁ আচৰিত হৈছিল। 

কুকুৰটোৰ উপস্থিতিয়ে ৰুবী খানৰ কৌতুহল জগাই তুলিলে। ষ্টাফৰ পৰা এই বিষয়ে সোধাত তেওঁক কোৱা হৈছিল যে কুকুৰটো জন্মৰ পৰাই হোটেলৰ চৌহদত বাস কৰি আহিছে। কৰ্মচাৰীসকলে জনোৱা মতে, হোটেল চৌহদত প্ৰৱেশ কৰা জীৱ-জন্তুৰ সৈতে ভাল আচৰণ কৰিবলৈ ৰতন টাটাই কঠোৰ নিৰ্দেশ দিছে।

লিংকডইনৰ এটা পোষ্টত খানে লিখিছে, "...এই ঠাইখনে (তাজমহল হোটেল) ৰাজনৈতিক বিশিষ্ট ব্যক্তিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেলিব্ৰিটিলৈকে ইমানবোৰ অতিথি আতিথ্য প্ৰদান কৰে, ইয়াৰ দেৱালৰ ভিতৰতে সকলোৰে মূল্য দিয়া হয়। এনে এটা সন্মানীয় প্ৰতিষ্ঠানৰ প্ৰৱেশদ্বাৰ অতি গুৰুত্বপূৰ্ণ আৰু তাত তেওঁ (এটা কুকুৰ) শান্তিৰে শুই আছিল, সম্ভৱতঃ কোনো অতিথিৰ চকুত পৰা নাছিল।" 

ৰতন টাটাক উদ্দেশ্য কৰি কয় যে "আপুনি আটাইতকৈ সফল উদ্যোগী। সকলোকে সন্মান দিয়া আৰু আকোৱালি লোৱা এই যাত্ৰা কেতিয়াও বন্ধ নহওক।"

পোষ্টটো শ্বেয়াৰ কৰাৰ পিছত ভাইৰেল হৈ পৰে। এই বিষয়ত হোটেলখনেও মন্তব্য কৰে। তাজ হোটেলে খানৰ পোষ্টটোৰ ওপৰত মন্তব্য কৰি লিখিছে, "হাই ৰুবী, এই কাহিনীটো শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ। তাজত আমি দয়া আৰু সহানুভূতিক মূল্য দিওঁ, প্ৰতিজন অতিথিয়ে যাতে ঘৰত থকাৰ দৰে অনুভৱ কৰে "আপোনাৰ অভিজ্ঞতা সঁচাকৈয়ে আমাৰ মূল মূল্যবোধৰ সৈতে মিল খাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ