--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আচৰিত ঘটনা। এগৰাকী মহিলাৰ পেটৰ পৰা ওলাল আঢ়ৈ কেজি চুলি। চিকিৎসকে অস্ত্ৰোপচাৰ কৰি মহিলাগৰাকীৰ পেটৰ পৰা বাহিৰ কৰে আঢ়ৈ কেজি চুলি। উত্তৰ প্ৰদেশৰ মহোবা জিলাত বাস কৰা ২৫ বছৰীয়া এগৰাকী মহিলা চুলি খোৱাৰ প্ৰতি আসক্ত হৈ পৰিছিল। যাৰ পৰিণতিত তেওঁৰ পেটত জমা হ'ল আঢ়ৈ কেজি চুলি। 

মহিলাগৰাকীয়ে পুনৰ গৰ্ভৱতী হোৱাৰ সময়তে চুলি খোৱাৰ এই অদ্ভুত নিচা গঢ় লৈ উঠিছিল। অৱশ্যে পিছত তেওঁ চুলি খোৱা বন্ধ কৰি দিলে। কিন্তু তেওঁৰ পেটৰ বিষ হ’বলৈ ধৰিলে। এই বিষ যেতিয়া সীমাৰ বাহিৰত বাঢ়ি গ’ল, তেতিয়া মহিলাগৰাকী ডাক্তৰৰ ওচৰলৈ গ’ল। চিকিৎসকে যেতিয়া আল্ট্ৰাছাউণ্ড, চিটি স্কেন আদি চেকআপ কৰিছিল তেতিয়া তেওঁলোকে থতমত খাইছিল। কাৰণ, তদন্তৰ সময়ত দেখা গ’ল যে মহিলাগৰাকীৰ পেটত প্ৰায় আঢ়ৈ কিলোগ্ৰাম ওজনৰ চুলিৰ গোট এটা আছে।
डॉक्टर ने ऑपरेशन कर पेट से निकाले ढाई किलो बाल
পৰিয়ালৰ লোকে জনোৱা মতে, নিজৰ চুলিৰ বাহিৰেও মহিলাগৰাকীয়ে আনৰ চুলিও খাইছিল। প্ৰসৱৰ পাছত তেওঁ চুলি খোৱা বন্ধ কৰি দিছিল। কিন্তু তেওঁৰ পেটৰ বিষ হ’বলৈ ধৰিলে। পেটৰ বিষত আক্ৰান্ত মহিলাগৰাকীক তেওঁৰ পৰিয়ালে চিকিৎসাৰ বাবে বান্দা জিলাৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। তাত ডাক্তৰৰ পৰামৰ্শ লৈ আল্ট্ৰাছাউণ্ড আদিও কৰিলে। ঔষধৰ পৰা ৰোগীয়ে কোনো ধৰণৰ সকাহ নাপালে।

এনে পৰিস্থিতিত পৰিয়ালটোৱে অহৰহ পেটৰ বিষত ভুগি থকা মহিলাগৰাকীক চিত্ৰকূটৰ বিখ্যাত জানকী কুণ্ড চিকিৎসালয়লৈ লৈ যায়, য’ত জ্যেষ্ঠ অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ নিৰ্মলা গেহানীয়ে যেতিয়া পৰীক্ষা-নিৰীক্ষা কৰে তেতিয়া তেওঁ এটা আচৰিত কথা আৱিষ্কাৰ কৰে। চিটি স্কেনৰ সময়ত ডাক্তৰৰ চকু দুটা ডাঙৰ হৈ পৰিছিল কাৰণ মহিলাগৰাকীৰ পেটত এটা ডাঙৰ চুলিৰ গোট আছিল, যিটোৱেই আছিল পেটৰ বিষৰ আচল কাৰণ।

চুলি খোৱাৰ অভ্যাসৰ বাবে মহিলাগৰাকীৰ পেট সম্পূৰ্ণ চুলিৰে ভৰি পৰিছিল আৰু ই পেটত অতন্ত্য বিষৰ সৃষ্টি কৰিছিল, যাৰ বাবে মহিলাগৰাকীয়ে অবিৰতভাৱে বমি কৰি আছিল আৰু খাদ্যও খাব পৰা নাছিল।

ডাঃ নিৰ্মলা গেহানীৰ মতে এনে পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। প্ৰায় ৪৫ মিনিটৰ অপাৰেচনৰ অন্তত মহিলাগৰাকীৰ পেটৰ পৰা প্ৰায় আঢ়ৈ কিলো ওজনৰ চুলিৰ থোপা এটা আঁতৰাই দিয়া হয়, তেতিয়াহে মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰে।

এই গোচৰৰ তথ্য দি ডাঃ নিৰ্মলা গেহানীয়ে কয় যে এনে ক্ষেত্ৰত মহিলাই চুলি খোৱা কামটোক চিকিৎসা ভাষাত ট্ৰাইকোমেজৰ বুলি কোৱা হয়।সাধাৰণতে এই ধৰণৰ ৰোগী অতি বিৰল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু