--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আচৰিত ঘটনা। এগৰাকী মহিলাৰ পেটৰ পৰা ওলাল আঢ়ৈ কেজি চুলি। চিকিৎসকে অস্ত্ৰোপচাৰ কৰি মহিলাগৰাকীৰ পেটৰ পৰা বাহিৰ কৰে আঢ়ৈ কেজি চুলি। উত্তৰ প্ৰদেশৰ মহোবা জিলাত বাস কৰা ২৫ বছৰীয়া এগৰাকী মহিলা চুলি খোৱাৰ প্ৰতি আসক্ত হৈ পৰিছিল। যাৰ পৰিণতিত তেওঁৰ পেটত জমা হ'ল আঢ়ৈ কেজি চুলি। 

মহিলাগৰাকীয়ে পুনৰ গৰ্ভৱতী হোৱাৰ সময়তে চুলি খোৱাৰ এই অদ্ভুত নিচা গঢ় লৈ উঠিছিল। অৱশ্যে পিছত তেওঁ চুলি খোৱা বন্ধ কৰি দিলে। কিন্তু তেওঁৰ পেটৰ বিষ হ’বলৈ ধৰিলে। এই বিষ যেতিয়া সীমাৰ বাহিৰত বাঢ়ি গ’ল, তেতিয়া মহিলাগৰাকী ডাক্তৰৰ ওচৰলৈ গ’ল। চিকিৎসকে যেতিয়া আল্ট্ৰাছাউণ্ড, চিটি স্কেন আদি চেকআপ কৰিছিল তেতিয়া তেওঁলোকে থতমত খাইছিল। কাৰণ, তদন্তৰ সময়ত দেখা গ’ল যে মহিলাগৰাকীৰ পেটত প্ৰায় আঢ়ৈ কিলোগ্ৰাম ওজনৰ চুলিৰ গোট এটা আছে।
डॉक्टर ने ऑपरेशन कर पेट से निकाले ढाई किलो बाल
পৰিয়ালৰ লোকে জনোৱা মতে, নিজৰ চুলিৰ বাহিৰেও মহিলাগৰাকীয়ে আনৰ চুলিও খাইছিল। প্ৰসৱৰ পাছত তেওঁ চুলি খোৱা বন্ধ কৰি দিছিল। কিন্তু তেওঁৰ পেটৰ বিষ হ’বলৈ ধৰিলে। পেটৰ বিষত আক্ৰান্ত মহিলাগৰাকীক তেওঁৰ পৰিয়ালে চিকিৎসাৰ বাবে বান্দা জিলাৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। তাত ডাক্তৰৰ পৰামৰ্শ লৈ আল্ট্ৰাছাউণ্ড আদিও কৰিলে। ঔষধৰ পৰা ৰোগীয়ে কোনো ধৰণৰ সকাহ নাপালে।

এনে পৰিস্থিতিত পৰিয়ালটোৱে অহৰহ পেটৰ বিষত ভুগি থকা মহিলাগৰাকীক চিত্ৰকূটৰ বিখ্যাত জানকী কুণ্ড চিকিৎসালয়লৈ লৈ যায়, য’ত জ্যেষ্ঠ অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ নিৰ্মলা গেহানীয়ে যেতিয়া পৰীক্ষা-নিৰীক্ষা কৰে তেতিয়া তেওঁ এটা আচৰিত কথা আৱিষ্কাৰ কৰে। চিটি স্কেনৰ সময়ত ডাক্তৰৰ চকু দুটা ডাঙৰ হৈ পৰিছিল কাৰণ মহিলাগৰাকীৰ পেটত এটা ডাঙৰ চুলিৰ গোট আছিল, যিটোৱেই আছিল পেটৰ বিষৰ আচল কাৰণ।

চুলি খোৱাৰ অভ্যাসৰ বাবে মহিলাগৰাকীৰ পেট সম্পূৰ্ণ চুলিৰে ভৰি পৰিছিল আৰু ই পেটত অতন্ত্য বিষৰ সৃষ্টি কৰিছিল, যাৰ বাবে মহিলাগৰাকীয়ে অবিৰতভাৱে বমি কৰি আছিল আৰু খাদ্যও খাব পৰা নাছিল।

ডাঃ নিৰ্মলা গেহানীৰ মতে এনে পৰিস্থিতিত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। প্ৰায় ৪৫ মিনিটৰ অপাৰেচনৰ অন্তত মহিলাগৰাকীৰ পেটৰ পৰা প্ৰায় আঢ়ৈ কিলো ওজনৰ চুলিৰ থোপা এটা আঁতৰাই দিয়া হয়, তেতিয়াহে মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰে।

এই গোচৰৰ তথ্য দি ডাঃ নিৰ্মলা গেহানীয়ে কয় যে এনে ক্ষেত্ৰত মহিলাই চুলি খোৱা কামটোক চিকিৎসা ভাষাত ট্ৰাইকোমেজৰ বুলি কোৱা হয়।সাধাৰণতে এই ধৰণৰ ৰোগী অতি বিৰল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ