--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগ্ৰাৰ তাজমহলৰ নাম সলনি কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন হৈছে। আগ্ৰাৰ বিজেপিৰ কাউন্সিলাৰে এই দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত আজি আগ্ৰা পৌৰ নিগমত উত্থাপন হব এই প্ৰস্তাৱ। বিজেপিৰ কাউন্সিলাৰ শোভাৰাম ৰাথোৰে তাজমহলৰ নাম সলনি কৰি তেজো মহালয়া কৰাৰ কথা ব্যক্ত কৰিছে। কাউন্সিলাৰে কয় যে তেওঁৰ এই প্ৰস্তাৱত সন্দৰ্ভত বহু তথ্য সংগ্ৰহ কৰা হৈছে, যাৰ ভিত্তিত সদনত প্ৰস্তাৱ দাখিল কৰা হ’ব।

বিজেপিৰ কাউন্সিলাৰ শোভৰাম ৰাথোৰে যুক্তি আগবঢ়াইছে যে যোৱা চাৰে চাৰি বছৰত প্ৰায় ৮০টা পথ আৰু ছেক্সনৰ নাম সলনি কৰা হৈছে। এনে অৱস্থাত দীৰ্ঘদিন ধৰি তাজমহলৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈ আহিছে। কেৱল এয়াই নহয়, শোভাৰাম ৰাথোৰ তাজগঞ্জৰ এজন কাউন্সিলাৰষ তেওঁ কয় যে তাজমহলৰ দেৱালত পদুম আকৃতিৰ দৰে হিন্দু সভ্যতাৰ বহু লেখ পোৱা গৈছে। এনে অৱস্থাত তাজমহলৰ নাম সলনি কৰিব লাগে।

বিগত সময়তো তাজমহলৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈ আহিছে। এই সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন হৈছে। একাংশ লোকে দাবী কৰে যে তাজমহলৰ স্থানত পূৰ্বতে শিৱ মন্দিৰ আছিল। ১২১২ খ্ৰীষ্টাব্দত পৰমদেৱে তেজো মহালয় নিৰ্মাণ কৰিছিল। তাজমহলৰ ২২টা কোঠাত মন্দিৰৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ বাহিৰেও তাজমহলৰ আশে-পাশে হিন্দু স্থাপত্য আছে বুলি দাবী কৰা হৈছে। ‘তাজ’ আৰু ‘মহল’ দুয়োটা সংস্কৃত শব্দ। মাৰ্বলৰ জালিত ১০৮ টা কলহৰ আকৃতিও আছে।

নাম সলনিৰ প্ৰস্তাৱ আজি পৌৰ নিগমৰ বৈঠকত দাখিল কৰা হ’ব। আজি সদনত এই প্ৰস্তাৱ পঢ়া হ’ব আৰু সকলো দিশ বিবেচনা কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী