--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগ্ৰাৰ তাজমহলৰ নাম সলনি কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন হৈছে। আগ্ৰাৰ বিজেপিৰ কাউন্সিলাৰে এই দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত আজি আগ্ৰা পৌৰ নিগমত উত্থাপন হব এই প্ৰস্তাৱ। বিজেপিৰ কাউন্সিলাৰ শোভাৰাম ৰাথোৰে তাজমহলৰ নাম সলনি কৰি তেজো মহালয়া কৰাৰ কথা ব্যক্ত কৰিছে। কাউন্সিলাৰে কয় যে তেওঁৰ এই প্ৰস্তাৱত সন্দৰ্ভত বহু তথ্য সংগ্ৰহ কৰা হৈছে, যাৰ ভিত্তিত সদনত প্ৰস্তাৱ দাখিল কৰা হ’ব।

বিজেপিৰ কাউন্সিলাৰ শোভৰাম ৰাথোৰে যুক্তি আগবঢ়াইছে যে যোৱা চাৰে চাৰি বছৰত প্ৰায় ৮০টা পথ আৰু ছেক্সনৰ নাম সলনি কৰা হৈছে। এনে অৱস্থাত দীৰ্ঘদিন ধৰি তাজমহলৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈ আহিছে। কেৱল এয়াই নহয়, শোভাৰাম ৰাথোৰ তাজগঞ্জৰ এজন কাউন্সিলাৰষ তেওঁ কয় যে তাজমহলৰ দেৱালত পদুম আকৃতিৰ দৰে হিন্দু সভ্যতাৰ বহু লেখ পোৱা গৈছে। এনে অৱস্থাত তাজমহলৰ নাম সলনি কৰিব লাগে।

বিগত সময়তো তাজমহলৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈ আহিছে। এই সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন হৈছে। একাংশ লোকে দাবী কৰে যে তাজমহলৰ স্থানত পূৰ্বতে শিৱ মন্দিৰ আছিল। ১২১২ খ্ৰীষ্টাব্দত পৰমদেৱে তেজো মহালয় নিৰ্মাণ কৰিছিল। তাজমহলৰ ২২টা কোঠাত মন্দিৰৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ বাহিৰেও তাজমহলৰ আশে-পাশে হিন্দু স্থাপত্য আছে বুলি দাবী কৰা হৈছে। ‘তাজ’ আৰু ‘মহল’ দুয়োটা সংস্কৃত শব্দ। মাৰ্বলৰ জালিত ১০৮ টা কলহৰ আকৃতিও আছে।

নাম সলনিৰ প্ৰস্তাৱ আজি পৌৰ নিগমৰ বৈঠকত দাখিল কৰা হ’ব। আজি সদনত এই প্ৰস্তাৱ পঢ়া হ’ব আৰু সকলো দিশ বিবেচনা কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু