--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিজেপি শাসিত ৰাজ্যত আম আদমী পাৰ্টিয়ে ক্ৰমাৎ খোপনি মজবুত কৰিবলৈ সক্ষম হোৱাৰ সময়তে ৰাজ্য খনত আপৰ নেতা কৰ্মীসকল এতিয়া বিভিন্ন ভয় ভাবুকি তথা আক্ৰমণৰ বলি হ’বলগীয়া হৈছে।

শেহতীয়াকৈ  গুজৰাটৰ ছুৰাটৰ চিমাণ্ডা নাকাৰ ওচৰত আম আদমী পাৰ্টিৰ নেতা মনোজ ছোৰাথিয়াক আক্ৰমণ কৰা হৈছে। আপৰ নেতাগৰাকীয়ে  অভিযোগ কৰিছে যে গণেশ চতুৰ্থী উদযাপনৰ আগতে প্ৰস্তুতিৰ বুজ লোৱাৰ সময়ত বিজেপি কৰ্মীসকলে তেওঁক আক্ৰমণ কৰিছে। আপৰ মতে, মনোজ ছোৰাথিয়া চুৰাটৰ দলীয় কাৰ্যালয়ৰ ওচৰতথকাৰ সময়তে  দুৰ্বৃত্তই নেতাজনক আক্ৰমণ কৰি আহত কৰে। আপে ছোৰাথিয়াৰ ওপৰত হোৱা এনে আক্ৰমণৰ আঁৰত   বিজেপিৰ হাত থকা বুলি স্পষ্ট অভিযোগ কৰিছে।

আপে অভিযোগ কৰা মতে  গেৰুৱা দলটোৱে গুজৰাটত আপৰ বৰ্ধিত জনপ্ৰিয়তাক লৈ শংকিত হৈ পৰিছে। উল্লেখ্য  নিৰ্বাচনমুখী গুজৰাটত দলটোৰ  ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে জনতাক প্ৰতিশ্ৰুতি দিয়া গেৰাণ্টিৰ বিষয়ে সদৰী কৰিবলৈ গুজৰাটত ঘৰে ঘৰে প্ৰচাৰ চলাব। কেজৰিৱালে ২ ছেপ্টেম্বৰৰ পৰা  মাহজোৰা প্ৰচাৰ অভিযানত  যোগদান কৰাৰ সম্ভাৱনা আছে৷ 

গুজৰাটলৈ আহিও  কেজৰিৱালে পূৰ্বে  দিল্লীৰ শিক্ষা আৰ্হিৰ বিষয়ে  আলোকপাত কৰিছিল আৰু  বিনামূলীয়া বিদ্যুৎ, নিবনুৱা ভাট্টা সহ "গেৰাণ্টি"ৰ প্ৰতিশ্ৰুতি দিছিল৷  গুৰাটত শাসনলৈ আহিলে ১০ লাখ চাকৰি, বিনামূলীয়া স্বাস্থ্য তথা শিক্ষা আৰু মহিলাসকলক  ১,০০০ টকাৰ ভাট্টা দিয়া হ’ব বুলিও কেজৰিৱালে ঘোষণা কৰিছিল। গেৰাণ্টি পঞ্জীয়ন প্ৰচাৰৰ অংশ হিচাপে আপ কৰ্মীসকলে ভোটাৰৰ নামৰ লগতে গাওঁ, ৱাৰ্ডৰ নাম , ম'বাইল ফোন নম্বৰ আৰু অন্যান্য বিৱৰণ আদি পঞ্জীয়ন কৰিব।

গুজৰাটত আপ  ক্ষমতালৈ অহাৰ পিছত আপে কাৰ্যকৰী কৰিব লগা প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰি জনতাক  গেৰাণ্টি কাৰ্ড প্ৰদান কৰিব। এনেবোৰ কথাতে এতিয়া মোদীৰ ৰাজ্যত বিজেপি শংকিত হোৱা বুলি বহুতে আলোচনা কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু