--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগ্ৰাৰ হিন্দু ধৰ্মীয় সংগঠনে মহা-শিৱৰাত্ৰি উৎসৱত তাজমহলত পূজা সন্দৰ্ভত আৱেদন দাখিল কৰিছে। এই আবেদন আগ্ৰাৰ দেৱানী আদালতত দাখিল কৰা হৈছে। দাখিল কৰা আবেদনখনত তাজমহলৰ মূল স্মৃতিসৌধত দুগ্দুগী অভিষেকৰ দাবী উত্থাপন হৈছে। এই আবেদন যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ বিষয়াসকলে দাখিল কৰিছে।


আবেদন দাখিল কৰা হিন্দু সংগঠনটোৱে দাবী কৰিছে যে তাজমহলৰ মূল স্মৃতিসৌধৰ তলৰ অংশতত এটা শিৱলিংগ আছে।উল্লেখ্য যে, মহা-শিৱৰাত্ৰিৰ উৎসৱ ৮ মাৰ্চত। আজিৰ দিনটোত হিন্দু সংগঠনটোৱে তাজমহলত পূজা কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰিছে। ইয়াৰ বাবে সংগঠনটোৱে আদালতত আবেদন দাখিল কৰিছে।


যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ ৰাজ্যিক সভাপতি কুঁৱৰ অজয় ​​টোমাৰে শিৱৰাত্ৰি উৎসৱত পূজা কৰিবলৈ আদালতত আবেদন দাখিল কৰিছে। অজয় টোমাৰে কয় যে তাজমহল থকা ঠাইত ৰজা পৰম দেৱে ১২১২ চনত শিৱলিংগ নিৰ্মাণ কৰিছিল। এই ঠাইখনৰ নাম আছিল তেজো মহালয়া।অজয়ে কয় যে মোগলে তেজো মহালয়া শিৱ মন্দিৰ ভাঙি ইয়াত তাজমহল নিৰ্মাণ কৰিছিল। হিন্দু পূজা বন্ধ কৰিবলৈ মোগল শাসকে তাজমহলত কৃত্ৰিম সমাধি নিৰ্মাণ কৰিছিল। সংগঠনটোৱে কয় যে ১৬৩১ চনত মমতাজৰ মৃত্যু হৈছিল, আৰু মমতাজক মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ তাপ্তী নদীৰ পাৰত সমাধিস্থ কৰা হৈছিল। আনহাতে তাজমহল নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৬৩২ চনত।


আবেদন দাখিল কৰা অধিবক্তাজনে কয় যে মূল কীৰ্তিচিহ্নটোৰ ওপৰত তাজমহল শিৱ মন্দিৰ হোৱাৰ বহু প্ৰমাণ পোৱা গৈছে। তেওঁৰ দাবী, সনাতনী সংস্কৃতি অনুসৰি যমুনাৰ পাৰত মন্দিৰ নিৰ্মাণ কৰা হয়। তেজো মহালয়াও যমুনা নদীৰ পাৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ’ল অযোধ্যা, কাশী, মথুৰা। ইয়াৰ বাহিৰেও সনাতন সংস্কৃতিৰ চিন স্বৰূপ তাজমহলৰ মূল স্মৃতিসৌধত ত্ৰিশূল, কলহ আৰু চন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তাজমহলৰ সমীপৰ বাৰীখনত আম গছ ৰোপণ কৰা হৈছে। অধিবক্তাগৰাকীয়ে কয় যে তাজমহলত মুছলমানক নামাজ আৰু উৰুছ দিবলৈ অনুমতি দিয়াৰ বিপৰীতে হিন্দুসকলৰ বিৰুদ্ধে বৈষম্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু