--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগ্ৰাৰ হিন্দু ধৰ্মীয় সংগঠনে মহা-শিৱৰাত্ৰি উৎসৱত তাজমহলত পূজা সন্দৰ্ভত আৱেদন দাখিল কৰিছে। এই আবেদন আগ্ৰাৰ দেৱানী আদালতত দাখিল কৰা হৈছে। দাখিল কৰা আবেদনখনত তাজমহলৰ মূল স্মৃতিসৌধত দুগ্দুগী অভিষেকৰ দাবী উত্থাপন হৈছে। এই আবেদন যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ বিষয়াসকলে দাখিল কৰিছে।


আবেদন দাখিল কৰা হিন্দু সংগঠনটোৱে দাবী কৰিছে যে তাজমহলৰ মূল স্মৃতিসৌধৰ তলৰ অংশতত এটা শিৱলিংগ আছে।উল্লেখ্য যে, মহা-শিৱৰাত্ৰিৰ উৎসৱ ৮ মাৰ্চত। আজিৰ দিনটোত হিন্দু সংগঠনটোৱে তাজমহলত পূজা কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰিছে। ইয়াৰ বাবে সংগঠনটোৱে আদালতত আবেদন দাখিল কৰিছে।


যোগী যুৱ ব্ৰিগেড ধৰ্ম সুৰক্ষা ট্ৰাষ্টৰ ৰাজ্যিক সভাপতি কুঁৱৰ অজয় ​​টোমাৰে শিৱৰাত্ৰি উৎসৱত পূজা কৰিবলৈ আদালতত আবেদন দাখিল কৰিছে। অজয় টোমাৰে কয় যে তাজমহল থকা ঠাইত ৰজা পৰম দেৱে ১২১২ চনত শিৱলিংগ নিৰ্মাণ কৰিছিল। এই ঠাইখনৰ নাম আছিল তেজো মহালয়া।অজয়ে কয় যে মোগলে তেজো মহালয়া শিৱ মন্দিৰ ভাঙি ইয়াত তাজমহল নিৰ্মাণ কৰিছিল। হিন্দু পূজা বন্ধ কৰিবলৈ মোগল শাসকে তাজমহলত কৃত্ৰিম সমাধি নিৰ্মাণ কৰিছিল। সংগঠনটোৱে কয় যে ১৬৩১ চনত মমতাজৰ মৃত্যু হৈছিল, আৰু মমতাজক মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ তাপ্তী নদীৰ পাৰত সমাধিস্থ কৰা হৈছিল। আনহাতে তাজমহল নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১৬৩২ চনত।


আবেদন দাখিল কৰা অধিবক্তাজনে কয় যে মূল কীৰ্তিচিহ্নটোৰ ওপৰত তাজমহল শিৱ মন্দিৰ হোৱাৰ বহু প্ৰমাণ পোৱা গৈছে। তেওঁৰ দাবী, সনাতনী সংস্কৃতি অনুসৰি যমুনাৰ পাৰত মন্দিৰ নিৰ্মাণ কৰা হয়। তেজো মহালয়াও যমুনা নদীৰ পাৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ’ল অযোধ্যা, কাশী, মথুৰা। ইয়াৰ বাহিৰেও সনাতন সংস্কৃতিৰ চিন স্বৰূপ তাজমহলৰ মূল স্মৃতিসৌধত ত্ৰিশূল, কলহ আৰু চন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তাজমহলৰ সমীপৰ বাৰীখনত আম গছ ৰোপণ কৰা হৈছে। অধিবক্তাগৰাকীয়ে কয় যে তাজমহলত মুছলমানক নামাজ আৰু উৰুছ দিবলৈ অনুমতি দিয়াৰ বিপৰীতে হিন্দুসকলৰ বিৰুদ্ধে বৈষম্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক