--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ আগষ্ট দেশৰ বাবে আছিল এক ঐতিহাসিক দিন। এই দিনটো ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থাকিব। কাৰণ এই দিনটোতে ভাৰতে চন্দ্ৰত ভৰি দিলে। মিছন চন্দ্ৰযান ৩ৰ সফলতাত দেশৰ প্ৰতিজন ব্যক্তিৰ হৃদয় গৌৰৱত উথলি উঠিছে। এই কঠিন প্ৰত্যাহ্বান সম্পূৰ্ণ কৰাত ইছৰো আৰু তেওঁৰ দলৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছিল। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা ২০ কিলোমিটাৰ নিলগত অৱস্থিত খুঁটিৰ সোহন নামৰ বিজ্ঞানীজনো এই দলৰ অংশ আছিল।

সোহনৰ শৈশৱ দৰিদ্ৰতাত পাৰ হৈছিল। কিন্তু সোহনে কেতিয়াও দৰিদ্ৰতা নিজৰ সপোনৰ মাজত সোমাবলৈ নিদিলে। সৰুৰে পৰাই বিজ্ঞানী হোৱাৰ সপোন আছিল সোহনৰ। কিন্তু এই যাত্ৰা তেওঁৰ বাবে ইমান সহজ নাছিল কাৰণ তেওঁৰ পিতৃ ট্ৰাক চালক আৰু মাক এগৰাকী গৃহিনী। সোহানে প্ৰাথমিক শিক্ষা খুঁটিৰ ডি এ ভি স্কুলৰ পৰা কৰিছিল আৰু তাৰ পিছত নবোদয় বিদ্যালয়ৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। তাৰ পিছত আই আই টিৰ পৰা এৰ’স্পেচত ইঞ্জিনিয়াৰিং কৰি ইছৰোৰ বিজ্ঞানী হ’ল।

সোহনৰ মাতৃ দেৱকী দেৱীয়ে কয় যে ''সোহান সৰুৰে পৰা পঢ়া-শুনাত অতি মেধাৱী আছিল। সদায় ক্লাছত শীৰ্ষ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল। সৰুৰে পৰা বিজ্ঞানী হোৱাটো তেওঁৰ সপোন আছিল। ঘৰৰ আৰ্থিক অৱস্থা বৰ বেয়া আছিল। কাৰণ মোৰ স্বামী ট্ৰাক চালক আৰু তেওঁৰ মাহিলী দৰমহা আছিল ৩০০০ টকা। তাৰে ভিতৰত আমি ২৫০০ টকা খৰচ কৰিছিলোঁ কেৱল সোহানৰ শিক্ষাৰ বাবে। আগতে আমি ঘৰৰ অত্যাৱশ্যকীয় বস্তুবোৰো কমকৈ কিনিছিলো। যাতে সোহানৰ পঢ়া-শুনা বন্ধ নহয়, কাৰণ সোহানৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা দেখাৰ পিছত আমাৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ভৱিষ্যতে তেওঁ কেৱল আমাৰ বাবেই নহয় দেশলৈও গৌৰৱ কঢ়িয়াই আনিব।'' দেৱকী দেৱীয়ে আৰু কয় যে ''আজি সোহান বিজ্ঞানী হোৱাৰ পিছত ঘৰৰ অৰ্থনৈতিক অৱস্থা বহুখিনি উন্নত হৈছে। আজি ঘৰত প্ৰয়োজনীয় সকলো বস্তু থকাৰ লগতে সময়ৰ লগে লগে সোহানৰ কৃপাত পৰিস্থিতি ভাল হৈ আহিছে।'' সোহনৰ ভনীয়েক মমতা দেৱীয়ে কয় যে ''আমাৰ ঘৰৰ অৱস্থা বৰ বেয়া আছিল। কিন্তু আজি আমি সকলোৱে সোহানৰ বাবেই ভাল জীৱন যাপন কৰিছোঁ।''

চাৰিজন ভাতৃ-ভগ্নীৰ ভিতৰত তৃতীয় সন্তান সোহানৰ ইছৰ’ত প্ৰৱেশ ২১ বছৰ বয়সতে হৈছিল। মাতৃ দেৱকীয়ে কয় যে ''সোহানে আই আই টি পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তাৰ পিছত ইছৰোত বিজ্ঞানী হৈছিল। চন্দ্ৰযান-২তো সোহানে অৰিহণা যোগাইছে। কিন্তু এই অভিযান বিফল হৈছিল। চন্দ্ৰযান-২ অৱতৰণৰ সময়ত মই উপবাস ৰাখিছিলো। যদিও, তেওঁ সফল হ’ব নোৱাৰিলে, কিন্তু কঠোৰ পৰিশ্ৰম কেতিয়াও অসাৰ নহয়। এইবাৰ চন্দ্ৰযান-৩ অৱতৰণলৈকে ব্ৰত ৰাখিলোঁ। অৱতৰণ কৰাৰ পিছতহে কিবা এটা খালো। ইয়াৰ লগতে মই তীৰ্থস্থানলৈ গৈ সোহন আৰু দলৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনালো।''






FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement