--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পোহৰলৈ আহিছে উদ্বেগজনক তথ্য৷ আৰ.টি.আই. অনলাইন পৰ্টেলৰ পৰা হেৰাইছে তথ্য জানিবলৈ বিচাৰি কৰা আবেদন৷ যিটো অনলাইন পৰ্টেলৰ পৰা আৰ. টি. আই আবেদন হেৰাইছে, সেই পৰ্টেলটোৱে নাগৰিকসকলক কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজহুৱা তথ্য লাভ কৰাৰ বাবে আবেদন কৰিবলৈ অনুমতি দিয়ে। 

কিন্তু, শেহতীয়াকৈ আবেদন নাইকিয়া হোৱা বিষয়টো পোহৰলৈ আনিছে দেশৰ এখন প্ৰখ্যাত সংবাদপত্ৰই৷ সংবাদ প্ৰতিষ্ঠানটোৱে দুজন আৰটিআই কৰ্মীৰ পৰা আবেদনৰ আৰ্হিবোৰ চাইছিল আৰু প্ৰমাণিত কৰিছিল, যাৰ এজনৰ সমগ্ৰ একাউণ্টৰ পৰা ২০২২ চনৰ পূৰ্বৰ তথ্য বিলুপ্ত কৰা হৈছিল। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে,, যি আৰ.টি.আই. পৰ্টেল পৰিচালনা কৰে আৰু চৰকাৰী বিষয়াসকলে কেনেদৰে আৰ.টি.আই. আবেদনসমূহ চম্ভালিব লাগে তাৰ বাবে প্ৰশিক্ষণ আৰু মান সম্পৰ্কে প্ৰচাৰ কৰে, সেই বিভাগটোৱেই এতিয়া হেৰুওৱা তথ্য সম্পৰ্কে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে৷

মধ্য প্ৰদেশৰ এজন আৰ.টি.আই. কৰ্মী চন্দ্ৰশেখৰ গৌৰে কৈছিল যে তেওঁৰ একাউণ্টত সমস্যাৰ সৃষ্টি হৈছে৷ ইয়াৰ উপৰি সংবাদপত্ৰ ‘দ্য হিন্দু’ৰ দ্বাৰা ব্যৱহৃত দুটা একাউণ্টত বহু বছৰ ধৰি আবেদন আৰু সেইবোৰৰ উত্তৰ নাই।

আৰ.টি.আই. অনলাইন পৰ্টেলটোৱে নাগৰিকসকলৰ বাবে আৰ.টি.আই. আবেদন দাখিলৰ বাবে ১০ টকাৰ মাচুল দাখিল কৰিবলৈ একাধিক ডিজিটেল পৰিশোধ বিকল্পৰ অনুমতি দিয়ে।

ডিজিটেল অধিকাৰ কৰ্মী আৰু ‘দ্য ৱায়াৰ’ৰ স্তম্ভলেখক শ্ৰীনিবাস কোদালীয়েও পৰ্টেলৰ পৰা হেৰুওৱা তথ্য নিশ্চিত কৰিছে।

তেওঁ কয়, আৰ.টি.আই. অনলাইন পৰ্টেলটো যোৱা কেইমাহমান ধৰি চৰকাৰে ব্যৱহাৰৰ অযোগ্য কৰি তুলিছে আৰু নতুন পঞ্জীয়ন বন্ধ কৰি ৰাখিছে৷ আনকি ব্যৱহাৰ নকৰা একাউণ্টবোৰ বিলুপ্ত কৰিবলৈও সতৰ্কবাণী দিয়া হৈছে। ২০১৯ৰ আগতে দাখিল কৰা সকলো আৰ.টি.আই. আবেদন এতিয়া চাৰ্ভাৰৰ পৰা বিলুপ্ত কৰা হৈছে। 

তথ্য অনুসৰি, আৰ.টি.আই. অনলাইন পৰ্টেলটোৱে ২০১৩ৰ পৰা (যেতিয়া ইয়াক মুকলি কৰা হৈছিল) ২০২২ চনলৈকে ৫৮.৩ লাখতকৈও অধিক আবেদন প্ৰক্ৰিয়া কৰিছে। দাখিল কৰা আবেদনৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে। ২০২২ চনত ১২.৬ লাখতকৈও অধিক আবেদন দাখিল কৰা হৈছিল।


প্ৰতিবেদন অনুসৰি, যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে 'গধুৰ বোজা'ৰ সমস্যাৰ কথা উল্লেখ কৰি আৰ.টি.আই. পৰ্টেলত একাউণ্ট সৃষ্টি কৰাৰ সুবিধা আঁতৰাই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস