--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পোহৰলৈ আহিছে উদ্বেগজনক তথ্য৷ আৰ.টি.আই. অনলাইন পৰ্টেলৰ পৰা হেৰাইছে তথ্য জানিবলৈ বিচাৰি কৰা আবেদন৷ যিটো অনলাইন পৰ্টেলৰ পৰা আৰ. টি. আই আবেদন হেৰাইছে, সেই পৰ্টেলটোৱে নাগৰিকসকলক কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজহুৱা তথ্য লাভ কৰাৰ বাবে আবেদন কৰিবলৈ অনুমতি দিয়ে। 

কিন্তু, শেহতীয়াকৈ আবেদন নাইকিয়া হোৱা বিষয়টো পোহৰলৈ আনিছে দেশৰ এখন প্ৰখ্যাত সংবাদপত্ৰই৷ সংবাদ প্ৰতিষ্ঠানটোৱে দুজন আৰটিআই কৰ্মীৰ পৰা আবেদনৰ আৰ্হিবোৰ চাইছিল আৰু প্ৰমাণিত কৰিছিল, যাৰ এজনৰ সমগ্ৰ একাউণ্টৰ পৰা ২০২২ চনৰ পূৰ্বৰ তথ্য বিলুপ্ত কৰা হৈছিল। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে,, যি আৰ.টি.আই. পৰ্টেল পৰিচালনা কৰে আৰু চৰকাৰী বিষয়াসকলে কেনেদৰে আৰ.টি.আই. আবেদনসমূহ চম্ভালিব লাগে তাৰ বাবে প্ৰশিক্ষণ আৰু মান সম্পৰ্কে প্ৰচাৰ কৰে, সেই বিভাগটোৱেই এতিয়া হেৰুওৱা তথ্য সম্পৰ্কে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে৷

মধ্য প্ৰদেশৰ এজন আৰ.টি.আই. কৰ্মী চন্দ্ৰশেখৰ গৌৰে কৈছিল যে তেওঁৰ একাউণ্টত সমস্যাৰ সৃষ্টি হৈছে৷ ইয়াৰ উপৰি সংবাদপত্ৰ ‘দ্য হিন্দু’ৰ দ্বাৰা ব্যৱহৃত দুটা একাউণ্টত বহু বছৰ ধৰি আবেদন আৰু সেইবোৰৰ উত্তৰ নাই।

আৰ.টি.আই. অনলাইন পৰ্টেলটোৱে নাগৰিকসকলৰ বাবে আৰ.টি.আই. আবেদন দাখিলৰ বাবে ১০ টকাৰ মাচুল দাখিল কৰিবলৈ একাধিক ডিজিটেল পৰিশোধ বিকল্পৰ অনুমতি দিয়ে।

ডিজিটেল অধিকাৰ কৰ্মী আৰু ‘দ্য ৱায়াৰ’ৰ স্তম্ভলেখক শ্ৰীনিবাস কোদালীয়েও পৰ্টেলৰ পৰা হেৰুওৱা তথ্য নিশ্চিত কৰিছে।

তেওঁ কয়, আৰ.টি.আই. অনলাইন পৰ্টেলটো যোৱা কেইমাহমান ধৰি চৰকাৰে ব্যৱহাৰৰ অযোগ্য কৰি তুলিছে আৰু নতুন পঞ্জীয়ন বন্ধ কৰি ৰাখিছে৷ আনকি ব্যৱহাৰ নকৰা একাউণ্টবোৰ বিলুপ্ত কৰিবলৈও সতৰ্কবাণী দিয়া হৈছে। ২০১৯ৰ আগতে দাখিল কৰা সকলো আৰ.টি.আই. আবেদন এতিয়া চাৰ্ভাৰৰ পৰা বিলুপ্ত কৰা হৈছে। 

তথ্য অনুসৰি, আৰ.টি.আই. অনলাইন পৰ্টেলটোৱে ২০১৩ৰ পৰা (যেতিয়া ইয়াক মুকলি কৰা হৈছিল) ২০২২ চনলৈকে ৫৮.৩ লাখতকৈও অধিক আবেদন প্ৰক্ৰিয়া কৰিছে। দাখিল কৰা আবেদনৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে। ২০২২ চনত ১২.৬ লাখতকৈও অধিক আবেদন দাখিল কৰা হৈছিল।


প্ৰতিবেদন অনুসৰি, যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে 'গধুৰ বোজা'ৰ সমস্যাৰ কথা উল্লেখ কৰি আৰ.টি.আই. পৰ্টেলত একাউণ্ট সৃষ্টি কৰাৰ সুবিধা আঁতৰাই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান