--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকচিকিয়া ক’লা ৰং। চেপেটা চেহাৰা। এই ৰূপত আত্মপ্ৰকাশ কৰিছে বিশ্বৰ নতুন ছুপাৰকাৰ ‘চিমুৰ্গ’-এ। কিন্তু যিখন দেশৰ পৰা এই গাড়ীখনৰ উৎপত্তি হৈছে, সেইখন দেশ অধিক আকৰ্ষণীয়।

তালিবান শাসিত দেশ আফগানিস্তানে চিমুৰ্গ নিৰ্মাণ কৰিছে। আফগানিস্তানৰ প্ৰতি বিশ্বৰ ধাৰণা সলনি কৰিবলৈ উঠিপৰি লাগিছে তালিবানৰ নেতৃত্ব। ইয়াৰ অন্যতম পদক্ষেপ হিচাপে তালিবান চৰকাৰে নিৰ্মাণ কৰিছে এই নতুন অত্যাধুনিক ছুপাৰকাৰখন। সেই দেশত প্ৰথমবাৰৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি এখন ছুপাৰকাৰ নিৰ্মাণ কৰা হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে আফগানিস্তানৰ তালিবান চৰকাৰে এখন অত্যাধুনিক ছুপাৰকাৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। এই গাড়ীখন ধৰি তালিবানে নিজৰ বিকাশৰ আভাস বিশ্ববাসীৰ ওপৰত এৰি দিব বিচাৰে।

কিন্তু আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ পূৰ্বে আফগানিস্তানৰ এটা কোম্পানীয়ে এই ছুপাৰকাৰ নিৰ্মাণৰ কামত জড়িত আছিল। তাৰেই ফচল চিমুৰ্গ।

শেহতীয়াকৈ উন্মোচন কৰা হৈছে এই অত্যাধুনিক ফ্লেছি গাড়ীখন। কাটাৰৰ দোহাত অনুষ্ঠিত এক প্ৰদৰ্শনীত এই ছুপাৰকাৰখনে আত্মপ্ৰকাশ কৰে। যাৰ ৰূপ আৰু গুণে জগতৰ মানুহৰ চকু কপালত তুলিছে।





গাড়ীখন এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলিও নিৰ্মাতা কোম্পানীটোৱে জনাইছে। গাড়ীখনৰ কাম এতিয়াও বিভিন্ন পৰ্যায়ত আছে। লগতে শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলিও কয়।

ছিমুৰ্গ নিৰ্মাতা এণ্টপৰ চিইঅ’ মহম্মদ ৰেজা আহমদীয়ে কয় যে পাৰ্চী পৌৰাণিক চৰাই চিমুৰ্গৰ নামেৰে এই ছুপাৰকাৰৰ নামকৰণ কৰা হৈছে। কিংবদন্তি অনুসৰি চিমুৰ্গ চৰাইৰ মূৰটো কুকুৰৰ দৰে, পাখি আৰু ঠেং সিংহৰ দৰে। ইয়াৰ ডেউকাও বিশাল।

আহমদীয়ে লগতে কয় যে ৩০ জনীয়া এটা দলে পাঁচ বছৰৰ ভিতৰত চিমুৰ্গ গাড়ীখন নিৰ্মাণ কৰিছিল। তেওঁ নিজেই এই ছুপাৰকাৰৰ মুখ্য অভিযন্তা আৰু ডিজাইনাৰ।

২০২১ চনত তালিবানে আফগানিস্তানৰ দখল লয়। সেই সময়ত মহামাৰী আৰু আফগানিস্তানৰ অৰ্থনীতিৰ পতনৰ বাবে গাড়ীখনৰ উৎপাদন কেইবাদিনো বন্ধ হৈ পৰে। কিন্তু অতি সোনকালেই কোম্পানীটোৱে পুনৰ গাড়ী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।

চাৰি চিলিণ্ডাৰ ইঞ্জিনযুক্ত গাড়ীখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল চলিত বৰ্ষৰ জানুৱাৰী মাহত। প্ৰথম অৱস্থাত গাড়ীখনৰ নাম আছিল ‘মাডা-৯’। পিছলৈ নামটো সলনি কৰি চিমুৰ্গ কৰা হয়। চিমুৰ্গ হৈছে এখন ‘মিড ইঞ্জিন ছুপাৰকাৰ’। ইয়াত টয়োটা ক’ৰ’লা ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। এই ধৰণৰ ইঞ্জিন তীব্ৰ গতিৰ বাবে নিৰ্মাণ কৰা হয়।

ছুপাৰকাৰৰ চেছিছ (গাড়ীৰ তলৰ গঠন) টিউব আকৃতিৰ। চেছিছটো বেছি গধুৰ নহয়। গাড়ীখন নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সকলো উপাদান লঘু। ছুপাৰকাৰৰ গঠন ফৰ্মুলা-১ ৰেচ গাড়ীৰ টিউব্যুলাৰ চেছিছৰ দৰেই।

এনটপৰ দাবী, চিমুৰ্গ পাহাৰীয়া অঞ্চলতো চলিব। আফগানিস্তানৰ পাহাৰীয়া অঞ্চলত এই ছুপাৰকাৰখন পৰীক্ষা কৰা হৈছে। অভিযন্তাসকলে গাড়ীখন পৰীক্ষা কৰিছে।

আফগানিস্তানৰ প্ৰথমখন ছুপাৰকাৰৰ দাম আকাশলংঘী। ভাৰতীয় মুদ্ৰাত চিমুৰঘৰ দাম ২-৪ কোটি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ