--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকচিকিয়া ক’লা ৰং। চেপেটা চেহাৰা। এই ৰূপত আত্মপ্ৰকাশ কৰিছে বিশ্বৰ নতুন ছুপাৰকাৰ ‘চিমুৰ্গ’-এ। কিন্তু যিখন দেশৰ পৰা এই গাড়ীখনৰ উৎপত্তি হৈছে, সেইখন দেশ অধিক আকৰ্ষণীয়।

তালিবান শাসিত দেশ আফগানিস্তানে চিমুৰ্গ নিৰ্মাণ কৰিছে। আফগানিস্তানৰ প্ৰতি বিশ্বৰ ধাৰণা সলনি কৰিবলৈ উঠিপৰি লাগিছে তালিবানৰ নেতৃত্ব। ইয়াৰ অন্যতম পদক্ষেপ হিচাপে তালিবান চৰকাৰে নিৰ্মাণ কৰিছে এই নতুন অত্যাধুনিক ছুপাৰকাৰখন। সেই দেশত প্ৰথমবাৰৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি এখন ছুপাৰকাৰ নিৰ্মাণ কৰা হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে আফগানিস্তানৰ তালিবান চৰকাৰে এখন অত্যাধুনিক ছুপাৰকাৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। এই গাড়ীখন ধৰি তালিবানে নিজৰ বিকাশৰ আভাস বিশ্ববাসীৰ ওপৰত এৰি দিব বিচাৰে।

কিন্তু আফগানিস্তানত তালিবানৰ অভ্যুত্থানৰ পূৰ্বে আফগানিস্তানৰ এটা কোম্পানীয়ে এই ছুপাৰকাৰ নিৰ্মাণৰ কামত জড়িত আছিল। তাৰেই ফচল চিমুৰ্গ।

শেহতীয়াকৈ উন্মোচন কৰা হৈছে এই অত্যাধুনিক ফ্লেছি গাড়ীখন। কাটাৰৰ দোহাত অনুষ্ঠিত এক প্ৰদৰ্শনীত এই ছুপাৰকাৰখনে আত্মপ্ৰকাশ কৰে। যাৰ ৰূপ আৰু গুণে জগতৰ মানুহৰ চকু কপালত তুলিছে।





গাড়ীখন এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলিও নিৰ্মাতা কোম্পানীটোৱে জনাইছে। গাড়ীখনৰ কাম এতিয়াও বিভিন্ন পৰ্যায়ত আছে। লগতে শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলিও কয়।

ছিমুৰ্গ নিৰ্মাতা এণ্টপৰ চিইঅ’ মহম্মদ ৰেজা আহমদীয়ে কয় যে পাৰ্চী পৌৰাণিক চৰাই চিমুৰ্গৰ নামেৰে এই ছুপাৰকাৰৰ নামকৰণ কৰা হৈছে। কিংবদন্তি অনুসৰি চিমুৰ্গ চৰাইৰ মূৰটো কুকুৰৰ দৰে, পাখি আৰু ঠেং সিংহৰ দৰে। ইয়াৰ ডেউকাও বিশাল।

আহমদীয়ে লগতে কয় যে ৩০ জনীয়া এটা দলে পাঁচ বছৰৰ ভিতৰত চিমুৰ্গ গাড়ীখন নিৰ্মাণ কৰিছিল। তেওঁ নিজেই এই ছুপাৰকাৰৰ মুখ্য অভিযন্তা আৰু ডিজাইনাৰ।

২০২১ চনত তালিবানে আফগানিস্তানৰ দখল লয়। সেই সময়ত মহামাৰী আৰু আফগানিস্তানৰ অৰ্থনীতিৰ পতনৰ বাবে গাড়ীখনৰ উৎপাদন কেইবাদিনো বন্ধ হৈ পৰে। কিন্তু অতি সোনকালেই কোম্পানীটোৱে পুনৰ গাড়ী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।

চাৰি চিলিণ্ডাৰ ইঞ্জিনযুক্ত গাড়ীখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল চলিত বৰ্ষৰ জানুৱাৰী মাহত। প্ৰথম অৱস্থাত গাড়ীখনৰ নাম আছিল ‘মাডা-৯’। পিছলৈ নামটো সলনি কৰি চিমুৰ্গ কৰা হয়। চিমুৰ্গ হৈছে এখন ‘মিড ইঞ্জিন ছুপাৰকাৰ’। ইয়াত টয়োটা ক’ৰ’লা ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। এই ধৰণৰ ইঞ্জিন তীব্ৰ গতিৰ বাবে নিৰ্মাণ কৰা হয়।

ছুপাৰকাৰৰ চেছিছ (গাড়ীৰ তলৰ গঠন) টিউব আকৃতিৰ। চেছিছটো বেছি গধুৰ নহয়। গাড়ীখন নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সকলো উপাদান লঘু। ছুপাৰকাৰৰ গঠন ফৰ্মুলা-১ ৰেচ গাড়ীৰ টিউব্যুলাৰ চেছিছৰ দৰেই।

এনটপৰ দাবী, চিমুৰ্গ পাহাৰীয়া অঞ্চলতো চলিব। আফগানিস্তানৰ পাহাৰীয়া অঞ্চলত এই ছুপাৰকাৰখন পৰীক্ষা কৰা হৈছে। অভিযন্তাসকলে গাড়ীখন পৰীক্ষা কৰিছে।

আফগানিস্তানৰ প্ৰথমখন ছুপাৰকাৰৰ দাম আকাশলংঘী। ভাৰতীয় মুদ্ৰাত চিমুৰঘৰ দাম ২-৪ কোটি হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত