--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মোদী চৰকাৰৰ শোষণৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ এতিয়া পূৰ্ণ গতিত চলিছে কংগ্ৰেছৰ ভাৰত জুড়ো অভিযান৷এই অভিযানৰ অংশ হিচাপে ৰাহুল গান্ধী তামিলনাডুত উপস্থিত হোৱাৰ সময়তেই ঘটিল এক আমোদজনক ঘটনা৷ ভাৰত জুড়ো যাত্ৰাৰ যাত্ৰাৰ তৃতীয় দিনা তামিলনাডুত উপস্থিত থকাৰ সময়ত এগৰাকী স্থানীয় মহিলা কৰ্মীয়ে তামিল যুৱতীৰ পাণি গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিয়ে ৰাহুল গান্ধীক৷ 

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে শনিবাৰে আবেলি কন্যাকুমাৰীৰ মৰ্থন্দমত এম জি এনৰেগাৰ  মহিলা  কৰ্মী সকলৰ  সৈতে সাক্ষাৎ কৰে।সেই সাক্ষাৎতৰ সময়ত এগৰাকী মহিলাই ৰাহুল গান্ধীক উদ্দেশ্যি মন্তব্য কৰে  যে , তেওঁলোকে জানে যে ৰাহুল গান্ধীয়ে  তামিলনাডুক ভাল পায়৷ আনকি তেওঁক এগৰাকী তামিল যুৱতীকো বিয়া কৰাবলৈ সাজু৷” মহিলা গৰাকীৰ এই আকস্মিক মন্তব্যই বিবুদ্ধিত পেলোৱা যেন দেখা গৈছিল কংগ্ৰেছ নেতাজনক৷ লগতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সেই সময়খিনিক  'হাস্যকৰ মুহূৰ্ত' বুলিও টুইটাৰত উল্লেখ  কৰিছে।


উল্লেখযোগ্য যে কংগ্ৰেছ দলেৰ এই  'ভাৰত জুড়ো যাত্ৰা' অনাগত  পাঁচ মাহলৈ অব্যাহত থাকিব৷লগতে  কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ব্যাপ্ত হ’ব এই যাত্ৰা৷যোৱা  বুধবাৰে ৰাহুল গান্ধীয়ে 'ভাৰত জুড়ো যাত্ৰা'ৰ শুভাৰম্ভ কৰিছিল আৰু বৃহস্পতিবাৰৰ  ৰাতিপুৱা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল।লগতে ,বৃহস্পতিবাৰে, কংগ্ৰেছ নেতাজনে বিজেপি,আৰ এছ এছৰ বিৰুদ্ধে  দেশক ধৰ্মীয় ৰেখাত বিভক্ত কৰাৰ  অভিযোগ উত্থাপন কৰে ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ