--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মোদী চৰকাৰৰ শোষণৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ এতিয়া পূৰ্ণ গতিত চলিছে কংগ্ৰেছৰ ভাৰত জুড়ো অভিযান৷এই অভিযানৰ অংশ হিচাপে ৰাহুল গান্ধী তামিলনাডুত উপস্থিত হোৱাৰ সময়তেই ঘটিল এক আমোদজনক ঘটনা৷ ভাৰত জুড়ো যাত্ৰাৰ যাত্ৰাৰ তৃতীয় দিনা তামিলনাডুত উপস্থিত থকাৰ সময়ত এগৰাকী স্থানীয় মহিলা কৰ্মীয়ে তামিল যুৱতীৰ পাণি গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিয়ে ৰাহুল গান্ধীক৷ 

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে শনিবাৰে আবেলি কন্যাকুমাৰীৰ মৰ্থন্দমত এম জি এনৰেগাৰ  মহিলা  কৰ্মী সকলৰ  সৈতে সাক্ষাৎ কৰে।সেই সাক্ষাৎতৰ সময়ত এগৰাকী মহিলাই ৰাহুল গান্ধীক উদ্দেশ্যি মন্তব্য কৰে  যে , তেওঁলোকে জানে যে ৰাহুল গান্ধীয়ে  তামিলনাডুক ভাল পায়৷ আনকি তেওঁক এগৰাকী তামিল যুৱতীকো বিয়া কৰাবলৈ সাজু৷” মহিলা গৰাকীৰ এই আকস্মিক মন্তব্যই বিবুদ্ধিত পেলোৱা যেন দেখা গৈছিল কংগ্ৰেছ নেতাজনক৷ লগতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সেই সময়খিনিক  'হাস্যকৰ মুহূৰ্ত' বুলিও টুইটাৰত উল্লেখ  কৰিছে।


উল্লেখযোগ্য যে কংগ্ৰেছ দলেৰ এই  'ভাৰত জুড়ো যাত্ৰা' অনাগত  পাঁচ মাহলৈ অব্যাহত থাকিব৷লগতে  কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ব্যাপ্ত হ’ব এই যাত্ৰা৷যোৱা  বুধবাৰে ৰাহুল গান্ধীয়ে 'ভাৰত জুড়ো যাত্ৰা'ৰ শুভাৰম্ভ কৰিছিল আৰু বৃহস্পতিবাৰৰ  ৰাতিপুৱা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল।লগতে ,বৃহস্পতিবাৰে, কংগ্ৰেছ নেতাজনে বিজেপি,আৰ এছ এছৰ বিৰুদ্ধে  দেশক ধৰ্মীয় ৰেখাত বিভক্ত কৰাৰ  অভিযোগ উত্থাপন কৰে ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু