--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৮ চনৰ পৰা ভীমা কোৰেগাঁও গোচৰত কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত মানৱ অধিকাৰ কৰ্মী তথা লেখক সকলক নূন্যতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত কৰি বিপদৰ ফালে ঠেলি দিছে কাৰাগাৰ কৰ্তৃপক্ষই। কাৰাগাৰ কৰ্তৃপক্ষৰ এনে অৱহেলাৰ বাবে গোচৰটোৰ এগৰাকী অভিযুক্ত ভাৰ্নন গনজালভেজৰ অৱস্থা গুৰুতৰ হৈ পৰিছে। এই অভিযোগ উত্থাপন কৰিছে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ পৰিয়ালে। গনজালভেজক শেহতীয়াকৈ স্বাস্থ্যৰ শোচনীয় অৱস্থাৰ বাবে এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে গনজালভেজৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কাৰাগাৰতে গনজালভেজ ডেংগুত আক্ৰান্ত হৈছিল আৰু উশাহ-নিশাহত কষ্ট পাইছিল। চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগে লগে তেওঁক অক্সিজেন দিবলগীয়া হৈছিল।

ভীমা কোৰেগাঁও গোচৰৰ বাবে কাৰাবন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মীসকলৰ পৰিয়ালে শনিবাৰে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে। এই বিজ্ঞপ্তি যোগে তেওঁলোকে সকলো ৰাজনৈতিক বন্দীৰ সৈতে মানৱীয় আচৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষৰ কাম-কাজত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰে। গনজালভেজৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে কাৰগাৰ কৰ্তৃপক্ষক পোনপটীয়াকৈ দোষাৰোপ কৰি অভিযুক্তসকলৰ পৰিয়ালে তেওঁৰ চিকিৎসাত পলম হোৱা বুলি দাবী কৰে আৰু এয়া তালোজা কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ এক অপৰাধমূলক অৱহেলা বুলিও অভিযোগ কৰে।

পৰিয়ালৰ লোকসকলে দাবী কৰা মতে যোৱা ৩০ আগষ্টত ৬৫ বৰ্ষীয় গনজালভেজ তীব্ৰ জ্বৰত আক্ৰান্ত  হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি হৈ অহাৰ পাছতো তেওঁক প্ৰায় এসপ্তাহ ধৰি কাৰাগাৰত কেৱল পেৰাচিটামল আৰু এণ্টিবায়টিকৰ দ্বাৰা চিকিৎসা কৰা হৈছিল। অৱশেষত অধিবক্তা আৰু পৰিয়ালৰ নেৰানেপেৰা অনুৰোধৰ পিছত তেওঁক ৭ ছেপ্টেম্বৰত এখন স্থানীয় চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু অক্সিজেন দিয়া হৈছিল।

কিন্তু এনে গুৰুতৰ অৱস্থাৰ পাছতো তেওঁৰ চিকিৎসা অব্যাহত ৰখাৰ পৰিৱৰ্তে, অতি নিষ্ঠুৰ আৱৰণেৰে গনজালভেজক কাৰাগাৰলৈ ঘূৰাই অনা হৈছিল। কিন্তু কাৰাগাৰত তেওঁৰ অৱস্থাৰ অধিক অৱনতি ঘটাৰ পিছত পত্নী চুজান আব্ৰাহামে অধিবক্তাৰ জৰিয়তে আদালতৰ কাষ চাপে আৰু আদালতৰ নিৰ্দেশ পোৱাৰ পিছতহে কাৰাগাৰ কৰ্তৃপক্ষই অৱশেষত তেওঁক জেজে চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি ককে। 

এই প্ৰেছ বিজ্ঞপ্তিটোত শেহতীয়াকৈ একেটা গোচৰৰে অভিযুক্ত ফাদাৰ ষ্টেন স্বামীকে ধৰি কেইবাগৰাকীও বিচাৰাধীন ৰাজনৈতিক বন্দীৰ মৃত্যুৰ বিষয়েও উল্লেখ কৰা হৈছে আৰু এই অভিযুক্তসকলকো কাৰাগাৰ কৰ্তৃপক্ষই চিকিৎসাৰ পৰা বঞ্চিত কৰিছিল বুলি অভিযোগ তুলিছে। ক’ভিদত আক্ৰান্ত হোৱাৰ পিছত ফাদাৰ ষ্টেন স্বামীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছিল। তৎসত্বেও তেওঁক তাৎক্ষণিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত কৰাৰ ফলতে কাৰাগাৰতে তেওঁৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰেছ বিজ্ঞপ্তিটোত। 

একেদৰে শেহতীয়াকৈ নাগপুৰ কাৰাগাৰত মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত ইউ.এ.পি.এ - ৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰা ৩৩ বৰ্ষীয় আদিবাসী সমাজ কৰ্মী পাণ্ডু নাৰোটেৰ মৃত্যুৰ বিষয়েও উল্লেখ কৰা হৈছে বিজ্ঞপ্তিটোত। নাৰোটৰ অধিবক্তায়ো কাৰাগাৰ কৰ্তৃপক্ষৰ অৱহেলাৰ ফলতে নাৰোটৰ মৃত্যু হৈছিল বুলি অভিযোগ কৰিছিল।

একেদৰে ভীমা কোৰেগাঁও গোচৰৰ আন এগৰাকী মূল অভিযুক্ত কবি তথা মানৱ অধিকাৰ কৰ্মী ভাৰাভাৰা ৰাও কাৰাগাৰত অমানৱীয় আচৰণৰ সন্মুখীন হৈছিল বুলি অভিযোগ উত্থাপন কৰি বিজ্ঞপ্তিটোত কোৱা হৈছে যে ভাৰভাৰা ৰাওৰ বয়স আৰু বিভিন্ন গুৰুতৰ ৰোগ থকা স্বত্বেও তেওঁক সঠিক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত যোৱা মাহতহে তেওঁ চিকিৎসা জামিন লাভ কৰিছিল। একেদৰে গোচৰটোৰ আন অভিযুক্তসকলকো চিকিৎসাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰি তেওঁলোকৰ পৰিয়ালে ৰাজ্য চৰকাৰে কাৰাগাৰৰ কাম-কাজত তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি গৌতম নৱলাখা, ড০ হানি বাবু আদিৰ দৰে সকলো ৰাজনৈতিক বন্দীৰ স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰিব লাগে বুলি দাবী কৰিছে পৰিয়ালৰ লোকসকলে।

তেওঁলোকে লগতে বহু বছৰ ধৰি কাৰাগাৰত বন্দী হৈ থকা ৰাজনৈতিক বন্দীসকলক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰো দাবী জনায়। যদি ৰাজ্য চৰকাৰে কাৰাগাৰত অভিযুক্ত সুৰক্ষা আৰু নিৰাপত্তাৰ নিশ্চয়তা দিবলৈ সক্ষম নহয়, তেন্তে এই ৰাজনৈতিক বন্দীসকলক জীৱন ৰক্ষাৰ স্বাৰ্থত আদালতে হস্তক্ষেপ কৰি জামিন প্ৰদান কৰা উচিত বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰিছে ৰাজনৈতিক বন্দীসকলৰ পৰিয়ালৰ লোকে।

উল্লেখ্য যে ২০১৮ চনত ভীমা কোৰেগাঁও বা এলগাৰ পৰিষদ গোচৰত অভিযুক্ত কৰি বিজেপি চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল বহুকেইগৰাকী বুদ্ধিজীৱি, অধিবক্তা, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীক। ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত ২০১৭ চনৰ ৩১ ডিচেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উল্লেখ্য যে স্থানীয় দলিত লোকসকলে ভীমা কোৰেগাঁও যুঁদ্ধক ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে দলিতৰ বিজয়ৰ প্ৰতীক বুলি আখ্যা দিয়ে। 

ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়। 

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰে।

ইতিমধ্যে এই গোচৰত কাৰাবন্দী হৈ থকা সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ কাৰাগাৰৰ ভিতৰতে মৃত্যু হৈছে। আন এগৰাকী অভিযুক্ত অধিবক্তা সুধা ভৰদ্বাজে অৱশ্যে যোৱা বৰ্ষৰ শেষৰ ফালে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছে। এতিয়াও কাৰাবন্দী হৈ আছে এই গোচৰত অভিযুক্ত কেইবাগৰাকীও লোক। তেওঁলোকৰ অধিকাংশই কাৰাগাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ খবৰ প্ৰকাশ পাইছে।

উক্ত গোচৰতে অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা সাগৰ তাতিয়াৰাম গোৰাখেই শেহতীয়াকৈ মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিৰ্যাতন আৰু অমানৱীয় আচৰণৰ অভিযোগ উত্থাপন কৰি ২১ মে’ৰ পৰা অনিৰ্দিষ্টকালীন অনশনেৰে প্ৰতিবাদ গঢ়ি তুলিছিল। গোৰাখেই লগতে কৰ্তৃপক্ষৰ এনে নিৰ্যাতন আৰু দমনমূলক আচৰণৰ বাবেই ষ্টেন স্বামীৰ মৃত্যু হোৱা বুলি বিস্ফোৰক অভিযোগ তুলিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই