--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ তিলজালা অঞ্চলত দেওবাৰে সন্ধিয়া চুবুৰীয়াৰ ৭ বছৰীয়া নাবালিকা সন্তানক তান্ত্ৰিকে কথামতেই এজন লোকে নৃশংসভাবে হত্যা কৰে।

গৰ্ভৱতী পত্নীয়ে সুস্থ সন্তান প্ৰসৱ কৰাটো নিশ্চিত কৰিবলৈ অভিযুক্তক এটা সন্তান বলি দিবলৈ কোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখ্য যে, যি অট্টালিকাৰ পৰা নাবালিকাগৰাকীক পূর্বে অপহৰণ কৰা হৈছিল, সেই অট্টালিকাটোৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰে নাবালিকাগৰাকীৰ মৃতদেহ। শিশুটিক যৌন নিৰ্যাতন কৰা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কিশোৰীগৰাকীৰ  মৃতদেহ একাধিক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে দেওবাৰে নিশা স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত আলোক কুমাৰক পিতৃ হোৱাৰ স্বাৰ্থত এটি সন্তানক বলি দিবলৈ পৰামৰ্শ দিয়ে তান্ত্ৰিকে। আৰক্ষী সূত্ৰই জনোৱা মতে, পত্নীয়ে তিনিবাৰকৈ গৰ্ভপাতৰ সন্মুখীন হোৱাৰ পিছতে মানুহজন হতাশ হৈ পৰিছিল। তাই যেতিয়া পুনৰ গৰ্ভধাৰণ কৰিলে, মানুহজনে তান্ত্ৰিকৰ সহায় লৈ অন্ধভাৱে তেওঁৰ নিৰ্দেশ মানি চলিল। আৰক্ষীয়ে লগতে কয় যে অপৰাধীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰিছে।

অভিযুক্ত আলোক কুমাৰৰ ঘৰ  বিহাৰৰ যদিও মৃত শিশুটিৰ পৰিয়ালৰ সৈতে কলকাতাত একেটা অট্টালিকা চৌহদতে বাস কৰিছিল৷

আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তদন্ত চলাই আছে বুলি আৰক্ষী কৰ্তৃপক্ষই জানিবলৈ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু