--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ তিলজালা অঞ্চলত দেওবাৰে সন্ধিয়া চুবুৰীয়াৰ ৭ বছৰীয়া নাবালিকা সন্তানক তান্ত্ৰিকে কথামতেই এজন লোকে নৃশংসভাবে হত্যা কৰে।

গৰ্ভৱতী পত্নীয়ে সুস্থ সন্তান প্ৰসৱ কৰাটো নিশ্চিত কৰিবলৈ অভিযুক্তক এটা সন্তান বলি দিবলৈ কোৱা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখ্য যে, যি অট্টালিকাৰ পৰা নাবালিকাগৰাকীক পূর্বে অপহৰণ কৰা হৈছিল, সেই অট্টালিকাটোৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰে নাবালিকাগৰাকীৰ মৃতদেহ। শিশুটিক যৌন নিৰ্যাতন কৰা হৈছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কিশোৰীগৰাকীৰ  মৃতদেহ একাধিক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে দেওবাৰে নিশা স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত আলোক কুমাৰক পিতৃ হোৱাৰ স্বাৰ্থত এটি সন্তানক বলি দিবলৈ পৰামৰ্শ দিয়ে তান্ত্ৰিকে। আৰক্ষী সূত্ৰই জনোৱা মতে, পত্নীয়ে তিনিবাৰকৈ গৰ্ভপাতৰ সন্মুখীন হোৱাৰ পিছতে মানুহজন হতাশ হৈ পৰিছিল। তাই যেতিয়া পুনৰ গৰ্ভধাৰণ কৰিলে, মানুহজনে তান্ত্ৰিকৰ সহায় লৈ অন্ধভাৱে তেওঁৰ নিৰ্দেশ মানি চলিল। আৰক্ষীয়ে লগতে কয় যে অপৰাধীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰিছে।

অভিযুক্ত আলোক কুমাৰৰ ঘৰ  বিহাৰৰ যদিও মৃত শিশুটিৰ পৰিয়ালৰ সৈতে কলকাতাত একেটা অট্টালিকা চৌহদতে বাস কৰিছিল৷

আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তদন্ত চলাই আছে বুলি আৰক্ষী কৰ্তৃপক্ষই জানিবলৈ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ