--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ ৰিটাৰ্ণ দাখিলৰ প্ৰক্ৰিয়া দেশত পূৰ্ণ গতিত চলি আছে। এতিয়া ইয়াৰ সময়সীমাও অতি ওচৰ চাপিছে। বহুতে নিশ্চয় এতিয়ালৈকে আয়কৰ ৰিটাৰ্ণ পূৰণ কৰিছে, নহ’লে পূৰণ কৰিবলৈ ওলাইছে। 

ৰিটাৰ্ণ দাখিলৰ সময়ত হয়তো আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে দেশৰ ভিতৰতে সৰ্বাধিক আয়কৰ কোনে দিয়ে? এইটো যথেষ্ট সম্ভৱ যে আপুনি নিজেই এই প্ৰশ্নৰ উত্তৰ দিছে আৰু ভাবিছে যে আম্বানী-আদানী অথবা টাটা-বিৰলা আদি এওলোকৰ মাজতে এজন ভাৰতৰ আটাইতকৈ ডাঙৰ কৰদাতা হ’ব। যদি আপুনিও এনেকৈ ভাবিছে, তেন্তে আপুনি একেবাৰে ভুল ভাবিছে।

আয়কৰ বিভাগে দিয়া তথ্য অনুসৰি যোৱা বছৰৰ ভিতৰত অৰ্থাৎ ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত অক্ষয় কুমাৰ ভাৰতৰ সৰ্বাধিক কৰদাতা আছিল। চলচ্চিত্ৰ অভিনেতা অক্ষয় কুমাৰে ২০২২ চনত ২৯.৫ কোটি টকা আয়কৰ জমা দিছিল। তেওঁৰ বছৰটোৰ উপাৰ্জন ৪৮৬ কোটি টকা বুলি ঘোষণা কৰিছিল।

অক্ষয় কুমাৰৰ উপাৰ্জনৰ এই পৰিসংখ্যাই বৰ বিশেষ আচৰিতো নকৰে।কাৰণ তেওঁ বলীউডৰ ডাঙৰ তাৰকাৰ ভিতৰত গণ্য কৰা হয় আৰু সৰ্বাধিক দৰমহা পোৱা অভিনেতাসকলৰ ভিতৰত অন্যতম। তাৰ ওপৰত এবছৰত বহু ছবি সম্পূৰ্ণ কৰাৰ ক্ষমতা তেওঁৰ আছে। ইয়াৰ উপৰিও অক্ষয় কুমাৰে নিজাকৈ প্ৰডাকচন হাউচ আৰু ক্ৰীড়া দল চলায়। বিভিন্ন ব্ৰেণ্ডৰ এণ্ডৰ্ছমেণ্টৰ পৰাও তেওঁ বহুত উপাৰ্জন কৰে।

এই কাৰণেই তেওঁৰ উপাৰ্জন শক্তিশালী আৰু ব্যক্তিগত আয়কৰ দাখিলৰ ক্ষেত্ৰত ভাৰতত তেওঁ নম্বৰ-১। ২০২২ চনৰ পূর্বেও আয়কৰ পৰিশোধৰ ক্ষেত্রত ১ নম্বৰ স্থানত আছে অক্ষয় কুমাৰ৷ ২০২১ চনত অৰ্থাৎ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে তেওঁ ২৫.৫ কোটি টকা আয়কৰ জমা কৰিছিল। সেই বছৰ তেওঁ দেশৰ সৰ্ববৃহৎ ব্যক্তিগত আয়কৰদাতাও আছিল। তাৰ বাবে অক্ষয় কুমাৰক ‘সন্মান পাত্ৰ’ বঁটা দিয়া হৈছিল।

চলিত বৰ্ষৰ কথা ক’বলৈ গ’লে যিহেতু এতিয়া কৰ পৰিশোধ কৰা হৈছে, গতিকে আয়কৰ বিভাগে আটাইতকৈ ডাঙৰ কৰদাতাৰ কথা কোৱা নাই। অৱশ্যে বৰ্তমান উপলব্ধ পৰিসংখ্যা অনুসৰি এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে যেন প্ৰথম স্থান লাভ কৰিব। মহেন্দ্ৰ সিং ধোনীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত ৩৮ কোটি টকাৰ বৃহৎ অগ্ৰিম আয়কৰ জমা কৰিছে। বিগত কেইবাবছৰ ধৰি ধোনী ঝাৰখণ্ডৰ সৰ্ববৃহৎ আয়কৰদাতা হৈ আছে। এতিয়া যেন এইবাৰ তেওঁ দেশৰ ভিতৰতো ১ নম্বৰ হ’বলৈ গৈ আছে।


এতিয়া প্ৰশ্ন উত্থাপন হব পাৰে যে সৰ্বোচ্চ কৰ দিয়াৰ ক্ষেত্ৰত অাম্বানী-আদানী বা টাটা-বিৰলা কিয় আগুৱাই নাযায়? গতিকে উত্তৰটো হ’ল বেছিভাগ ব্যৱসায়ীৰ ব্যক্তিগত সম্পত্তি নাই কিন্তু তেওঁলোকৰ কোম্পানীৰ নামত সম্পত্তি আছে। এনে পৰিস্থিতিত উপাৰ্জন তেওঁলোকৰ কোম্পানীসমূহৰ অংশলৈও যায়, যাৰ বিনিময়ত কৰ্পৰেট আয়কৰ আদায় দিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে