--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ ৰিটাৰ্ণ দাখিলৰ প্ৰক্ৰিয়া দেশত পূৰ্ণ গতিত চলি আছে। এতিয়া ইয়াৰ সময়সীমাও অতি ওচৰ চাপিছে। বহুতে নিশ্চয় এতিয়ালৈকে আয়কৰ ৰিটাৰ্ণ পূৰণ কৰিছে, নহ’লে পূৰণ কৰিবলৈ ওলাইছে। 

ৰিটাৰ্ণ দাখিলৰ সময়ত হয়তো আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে দেশৰ ভিতৰতে সৰ্বাধিক আয়কৰ কোনে দিয়ে? এইটো যথেষ্ট সম্ভৱ যে আপুনি নিজেই এই প্ৰশ্নৰ উত্তৰ দিছে আৰু ভাবিছে যে আম্বানী-আদানী অথবা টাটা-বিৰলা আদি এওলোকৰ মাজতে এজন ভাৰতৰ আটাইতকৈ ডাঙৰ কৰদাতা হ’ব। যদি আপুনিও এনেকৈ ভাবিছে, তেন্তে আপুনি একেবাৰে ভুল ভাবিছে।

আয়কৰ বিভাগে দিয়া তথ্য অনুসৰি যোৱা বছৰৰ ভিতৰত অৰ্থাৎ ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত অক্ষয় কুমাৰ ভাৰতৰ সৰ্বাধিক কৰদাতা আছিল। চলচ্চিত্ৰ অভিনেতা অক্ষয় কুমাৰে ২০২২ চনত ২৯.৫ কোটি টকা আয়কৰ জমা দিছিল। তেওঁৰ বছৰটোৰ উপাৰ্জন ৪৮৬ কোটি টকা বুলি ঘোষণা কৰিছিল।

অক্ষয় কুমাৰৰ উপাৰ্জনৰ এই পৰিসংখ্যাই বৰ বিশেষ আচৰিতো নকৰে।কাৰণ তেওঁ বলীউডৰ ডাঙৰ তাৰকাৰ ভিতৰত গণ্য কৰা হয় আৰু সৰ্বাধিক দৰমহা পোৱা অভিনেতাসকলৰ ভিতৰত অন্যতম। তাৰ ওপৰত এবছৰত বহু ছবি সম্পূৰ্ণ কৰাৰ ক্ষমতা তেওঁৰ আছে। ইয়াৰ উপৰিও অক্ষয় কুমাৰে নিজাকৈ প্ৰডাকচন হাউচ আৰু ক্ৰীড়া দল চলায়। বিভিন্ন ব্ৰেণ্ডৰ এণ্ডৰ্ছমেণ্টৰ পৰাও তেওঁ বহুত উপাৰ্জন কৰে।

এই কাৰণেই তেওঁৰ উপাৰ্জন শক্তিশালী আৰু ব্যক্তিগত আয়কৰ দাখিলৰ ক্ষেত্ৰত ভাৰতত তেওঁ নম্বৰ-১। ২০২২ চনৰ পূর্বেও আয়কৰ পৰিশোধৰ ক্ষেত্রত ১ নম্বৰ স্থানত আছে অক্ষয় কুমাৰ৷ ২০২১ চনত অৰ্থাৎ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে তেওঁ ২৫.৫ কোটি টকা আয়কৰ জমা কৰিছিল। সেই বছৰ তেওঁ দেশৰ সৰ্ববৃহৎ ব্যক্তিগত আয়কৰদাতাও আছিল। তাৰ বাবে অক্ষয় কুমাৰক ‘সন্মান পাত্ৰ’ বঁটা দিয়া হৈছিল।

চলিত বৰ্ষৰ কথা ক’বলৈ গ’লে যিহেতু এতিয়া কৰ পৰিশোধ কৰা হৈছে, গতিকে আয়কৰ বিভাগে আটাইতকৈ ডাঙৰ কৰদাতাৰ কথা কোৱা নাই। অৱশ্যে বৰ্তমান উপলব্ধ পৰিসংখ্যা অনুসৰি এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে যেন প্ৰথম স্থান লাভ কৰিব। মহেন্দ্ৰ সিং ধোনীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষত ৩৮ কোটি টকাৰ বৃহৎ অগ্ৰিম আয়কৰ জমা কৰিছে। বিগত কেইবাবছৰ ধৰি ধোনী ঝাৰখণ্ডৰ সৰ্ববৃহৎ আয়কৰদাতা হৈ আছে। এতিয়া যেন এইবাৰ তেওঁ দেশৰ ভিতৰতো ১ নম্বৰ হ’বলৈ গৈ আছে।


এতিয়া প্ৰশ্ন উত্থাপন হব পাৰে যে সৰ্বোচ্চ কৰ দিয়াৰ ক্ষেত্ৰত অাম্বানী-আদানী বা টাটা-বিৰলা কিয় আগুৱাই নাযায়? গতিকে উত্তৰটো হ’ল বেছিভাগ ব্যৱসায়ীৰ ব্যক্তিগত সম্পত্তি নাই কিন্তু তেওঁলোকৰ কোম্পানীৰ নামত সম্পত্তি আছে। এনে পৰিস্থিতিত উপাৰ্জন তেওঁলোকৰ কোম্পানীসমূহৰ অংশলৈও যায়, যাৰ বিনিময়ত কৰ্পৰেট আয়কৰ আদায় দিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ