--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰলৈ আজিও উভতি অহা নাই শান্তি৷ ইমানৰ পিছতো মণিপুৰৰ প্ৰসংগত এতিয়ালৈকে সংসদত কোনো মন্তব্য কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোদীৰ মৌনতাৰ মাজতে বিৰোধী দলৰ সাংসদসকলে মণিপুৰ ভ্ৰমণ কৰিবলৈ সাজু হৈছে৷  বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলৰ এটা প্ৰতিনিধিৰ দলে চলিত  সপ্তাহতে  মণিপুৰ ভ্ৰমণ কৰিব। ইণ্ডিয়াৰ সাংসদসকলে ২৯ আৰু ৩০ জুলাইত দুদিনৰ বাবে মণিপুৰ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। 

অৱশ্যে প্ৰতিনিধি  দলটোত কোন থাকিব তাৰ সম্পূৰ্ণ তালিকা এতিয়াও জানিব পৰা  হোৱা নাই। হিংসাপীড়িত মণিপুৰলৈ ইতিমধ্যে   টিএমচি আৰু কংগ্ৰেছৰ কেইবাগৰাকীও  নেতা আহিছে৷  এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে  মণিপুৰ ভ্ৰমণ কৰিব।

মণিপুৰত গোষ্ঠী  সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও  বিৰোধী নেতাই মণিপুৰ ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰিছে। টিএমচিৰ পাঁচগৰাকী নেতাই  মণিপুৰ ভ্ৰমণ কৰিছে৷ ৰাহুল গান্ধীয়েও মণিপুৰ ভ্ৰমণ কৰি   কেইবাটাও সাহায্য শিবিৰলৈ গৈছে আৰু দুৰ্দশাগ্ৰস্ত লোকসকলৰ সৈতে কথা পাতিছে।  
 বিৰোধীয়ে সংসদৰ বৰ্ষাকালীন  অধিৱেশনৰ আৰম্ভণিৰে পৰা মণিপুৰৰ বিষয়ত মাত মাতি আহিছে। অধিৱেশন আৰম্ভ হোৱাৰ আগতে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটৰ এখন বৈঠকত মণিপুৰৰ বিষয়কলৈ  দীঘলীয়াকৈ আলোচনা কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধিৰ  এটা দলে মণিপুৰ ভ্ৰমণ কৰিব। বেনাৰ্জীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷

বিৰোধী দলৰ সূত্ৰই  প্ৰকাশ কৰা মতে  বিৰোধী দলৰ  সাংসদসকলে প্ৰথমে  মণিপুৰলৈ যাব। সাংসদসকল ২৯ জুলাইত মণিপুৰত উপস্থিত হ'ব। তেওঁলোক দুদিনৰ বাবে ৰাজ্যখনত থাকিব।জানিব পৰা মতে সুস্মিতা দেৱে টিএমচিৰ হৈ  মণিপুৰলৈ যোৱাৰ সম্ভাৱনা আছে। ইণ্ডিয়া  মিত্ৰজোঁটত মুঠ ২৬ টা বিৰোধী দল আছে। সকলো দলৰে  সাংসদক  মণিপুৰ ভ্ৰমণ কৰিবলগীয়া  দলটোত অন্তৰ্ভুক্ত কৰাৰ  আশা আছে । আনহাতে, বিৰোধীয়ে মণিপুৰ ভ্ৰমণৰ তাৰিখ ঘোষণা কৰাৰ দিনাই ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে।ৰাহুল গান্ধীয়ে কয়  "দৰাচলতে, মোদী আৰ এছ এছৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী। মণিপুৰক লৈ তেওঁৰ কোনো চিন্তা কৰিবলগীয়া  নাই। গতিকে তেওঁ ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ত নীৰৱ হৈ আছে।  "










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস