--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰলৈ আজিও উভতি অহা নাই শান্তি৷ ইমানৰ পিছতো মণিপুৰৰ প্ৰসংগত এতিয়ালৈকে সংসদত কোনো মন্তব্য কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোদীৰ মৌনতাৰ মাজতে বিৰোধী দলৰ সাংসদসকলে মণিপুৰ ভ্ৰমণ কৰিবলৈ সাজু হৈছে৷  বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলৰ এটা প্ৰতিনিধিৰ দলে চলিত  সপ্তাহতে  মণিপুৰ ভ্ৰমণ কৰিব। ইণ্ডিয়াৰ সাংসদসকলে ২৯ আৰু ৩০ জুলাইত দুদিনৰ বাবে মণিপুৰ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। 

অৱশ্যে প্ৰতিনিধি  দলটোত কোন থাকিব তাৰ সম্পূৰ্ণ তালিকা এতিয়াও জানিব পৰা  হোৱা নাই। হিংসাপীড়িত মণিপুৰলৈ ইতিমধ্যে   টিএমচি আৰু কংগ্ৰেছৰ কেইবাগৰাকীও  নেতা আহিছে৷  এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে  মণিপুৰ ভ্ৰমণ কৰিব।

মণিপুৰত গোষ্ঠী  সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও  বিৰোধী নেতাই মণিপুৰ ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰিছে। টিএমচিৰ পাঁচগৰাকী নেতাই  মণিপুৰ ভ্ৰমণ কৰিছে৷ ৰাহুল গান্ধীয়েও মণিপুৰ ভ্ৰমণ কৰি   কেইবাটাও সাহায্য শিবিৰলৈ গৈছে আৰু দুৰ্দশাগ্ৰস্ত লোকসকলৰ সৈতে কথা পাতিছে।  
 বিৰোধীয়ে সংসদৰ বৰ্ষাকালীন  অধিৱেশনৰ আৰম্ভণিৰে পৰা মণিপুৰৰ বিষয়ত মাত মাতি আহিছে। অধিৱেশন আৰম্ভ হোৱাৰ আগতে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটৰ এখন বৈঠকত মণিপুৰৰ বিষয়কলৈ  দীঘলীয়াকৈ আলোচনা কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধিৰ  এটা দলে মণিপুৰ ভ্ৰমণ কৰিব। বেনাৰ্জীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷

বিৰোধী দলৰ সূত্ৰই  প্ৰকাশ কৰা মতে  বিৰোধী দলৰ  সাংসদসকলে প্ৰথমে  মণিপুৰলৈ যাব। সাংসদসকল ২৯ জুলাইত মণিপুৰত উপস্থিত হ'ব। তেওঁলোক দুদিনৰ বাবে ৰাজ্যখনত থাকিব।জানিব পৰা মতে সুস্মিতা দেৱে টিএমচিৰ হৈ  মণিপুৰলৈ যোৱাৰ সম্ভাৱনা আছে। ইণ্ডিয়া  মিত্ৰজোঁটত মুঠ ২৬ টা বিৰোধী দল আছে। সকলো দলৰে  সাংসদক  মণিপুৰ ভ্ৰমণ কৰিবলগীয়া  দলটোত অন্তৰ্ভুক্ত কৰাৰ  আশা আছে । আনহাতে, বিৰোধীয়ে মণিপুৰ ভ্ৰমণৰ তাৰিখ ঘোষণা কৰাৰ দিনাই ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে।ৰাহুল গান্ধীয়ে কয়  "দৰাচলতে, মোদী আৰ এছ এছৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী। মণিপুৰক লৈ তেওঁৰ কোনো চিন্তা কৰিবলগীয়া  নাই। গতিকে তেওঁ ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ত নীৰৱ হৈ আছে।  "










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে