--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দেশৰ অগ্ৰণী ঔদ্যোগিক প্ৰতিষ্ঠান টাটা ষ্টীলৰ এক কাৰখানাত। উৰিষ্যাৰ ধেংকনাল জিলাৰ টাটা ষ্টীলৰ মেৰামণ্ডলী কাৰখানাত ভাপ নিৰ্গত হোৱাৰ ফলত প্ৰায় ১৯ গৰাকী লোক আহত হয়।

ভাপত গুৰুতৰভাৱে দগ্ধ হোৱা কৰ্মচাৰীসকলক লগে লগে কটকৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত টাটা ষ্টীলে এক বিবৃতি প্ৰকাশ কৰিছে।বিবৃতিত প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে, শ্ৰমিক তথা কৰ্মচাৰীসকলে কাৰখানাৰ ব্লাষ্ট ফাৰ্নেচ পৰিদৰ্শন কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

আহতসকলক তাৎক্ষণিকভাৱে উদ্যোগ চৌহদৰ ভিতৰৰ অকুপেচনেল হেল্থ চেণ্টাৰলৈ নিয়া হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে কটকলৈ লৈ যোৱা হয় বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে। টাটা ষ্টীলে লগতে দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হৈছে বুলি বিবৃতিটোত জানিবলৈ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস