--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত সংঘটিত হোৱা কৃষক হত্যাকাণ্ডৰ দৰেই পুনৰাবৃত্তি ঘটিছে যোগী ৰাজ্যৰে কাণপুৰত। উত্তৰ প্ৰদেশৰে কাণপুৰত পি ডব্লিউ ডি বিভাগৰ এখন বাহনে তিনিগৰাকী কৃষকক মহতিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাথমিক তদন্ত অনুসৰি সেই সময়ত গাড়ীখনত আছিল এগৰাকী কনিষ্ঠ অভিযন্তা। অৱশ্যে গাড়ীখন চলাইছিল তেওঁৰ গাড়ী চালক অজিতকুমাৰ পাণ্ডেই।

গাড়ীখন চলোৱাৰ সময়ত চালক পাণ্ডেই মদ্যপান কৰা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, কাণপুৰৰ চিকন্দৰাত অভিযন্তাৰ পৰিয়ালক নমাই অযোধ্যা অভিমুখে গৈ আছিল গাড়ীখন। সেই সময়ত পথাৰৰ কাষত ৰাস্তাত থিয় হৈ আছিল তিনিগৰাকী বৰ্ষীয়ান খেতিয়ক।

তেনে মুহূৰ্ততে গাড়ীখনে খেতিয়ক তিনিগৰাকীক মহতিয়াই নিয়ে। ইয়াৰ পৰিণতিত থিতাতে নিহত হয় সুৰেন্দ্ৰ সিং, অহিব্ৰন সিং আৰু ঘাসী যাদৱ নামৰ তিনিওগৰাকী কৃষকৰ। ইফালে ঘটনাৰ পাছতে বাহনখন ঘটনাস্থলীতে থৈ পলায়ন কৰে চালকগৰাকীয়ে। পিছত অৱশ্যে চালকগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰি গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ সময়ত চালক পাণ্ডেই মদ্যপান কৰি আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা