--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত সংঘটিত হোৱা কৃষক হত্যাকাণ্ডৰ দৰেই পুনৰাবৃত্তি ঘটিছে যোগী ৰাজ্যৰে কাণপুৰত। উত্তৰ প্ৰদেশৰে কাণপুৰত পি ডব্লিউ ডি বিভাগৰ এখন বাহনে তিনিগৰাকী কৃষকক মহতিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাথমিক তদন্ত অনুসৰি সেই সময়ত গাড়ীখনত আছিল এগৰাকী কনিষ্ঠ অভিযন্তা। অৱশ্যে গাড়ীখন চলাইছিল তেওঁৰ গাড়ী চালক অজিতকুমাৰ পাণ্ডেই।

গাড়ীখন চলোৱাৰ সময়ত চালক পাণ্ডেই মদ্যপান কৰা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, কাণপুৰৰ চিকন্দৰাত অভিযন্তাৰ পৰিয়ালক নমাই অযোধ্যা অভিমুখে গৈ আছিল গাড়ীখন। সেই সময়ত পথাৰৰ কাষত ৰাস্তাত থিয় হৈ আছিল তিনিগৰাকী বৰ্ষীয়ান খেতিয়ক।

তেনে মুহূৰ্ততে গাড়ীখনে খেতিয়ক তিনিগৰাকীক মহতিয়াই নিয়ে। ইয়াৰ পৰিণতিত থিতাতে নিহত হয় সুৰেন্দ্ৰ সিং, অহিব্ৰন সিং আৰু ঘাসী যাদৱ নামৰ তিনিওগৰাকী কৃষকৰ। ইফালে ঘটনাৰ পাছতে বাহনখন ঘটনাস্থলীতে থৈ পলায়ন কৰে চালকগৰাকীয়ে। পিছত অৱশ্যে চালকগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰি গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ সময়ত চালক পাণ্ডেই মদ্যপান কৰি আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস