--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ গ্ৰীষ্ম প্ৰবাহে দহিব ভাৰত আৰু পাকিস্তানক! বিশ্বই যোৱা কেইটামান দশক ধৰি গোলকীয় উষ্ণতাৰ আটাইতকৈ ভয়ংকৰ  ৰূপৰ সাক্ষী হ’বলগীয়া হৈছে। শক্তিশালী  ঘূৰ্ণীবতাহ, বানপানী, বৰফৰ গলন, খৰাঙৰ সন্মুখীন হৈছে বিশ্বৰ মানৱ। এক শেহতীয়া প্ৰতিবেদনত পৰিৱেশ বিজ্ঞানীসকলে কৈছে  যে অহা কেইটামান দশকত ভাৰতৰ বহু ঠাইক  তীব্ৰ গ্ৰীষ্ম প্ৰবাহে চুই যাব। পাকিস্তানৰ বৃহৎ অংশতো একেই ঘটনা  ঘটিব।

প্ৰতিবেদনত দাবী কৰা হৈছে যে তাপমাত্ৰাই প্ৰাণীৰ  সহনশীলতাৰ স্তৰ অতিক্ৰম কৰিব। দুয়োখন দেশৰ প্ৰায় ২২০ কোটি  লোক এই গ্ৰীষ্ম প্ৰবাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব। পশ্চিমীয়া কেইবাখনো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে যুগুত কৰা প্ৰতিবেদন অনুসৰি মানৱ শৰীৰে কেৱল এক নিৰ্দিষ্ট তাপ সহ্য কৰিব পাৰে। পৰৱৰ্তী কেইটামান দশকত বতৰৰ আমূল পৰিৱৰ্তন হ'ব। তাপমাত্ৰাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। যিটো মানৱ শৰীৰৰ সহনশীলতাৰ বাহিৰত হ’ব। ফলস্বৰূপে  হিট  ষ্ট্ৰোক আৰু হৃদ ৰোগৰ আক্ৰমণ অভাৱনীয়ভাবে বৃদ্ধি  পাব । ইয়াৰ উপৰি  বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পাব।

ভাৰত আৰু পাকিস্তানৰ বহু অঞ্চলত খৰাং হ'ব। বিজ্ঞানীসকলে কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বাবেই এনে দুৰ্যোগ নামি আহিব।  নগৰীয়া সভ্যতাই সৃষ্টি কৰা  প্ৰদূষণ, গছ-গছনিৰ অবাধ ধ্বংস,   অত্যধিক তেজস্ক্ৰিয় পদাৰ্থৰ বিকিৰণে তাপ প্ৰবাহ বৃদ্ধি কৰিব।  বিজ্ঞানীসকলে বিশ্বাস কৰে যে এল নিনো  ২০২৪ চনত পুনৰ হোৱাৰ আশংকা আছে। সামগ্ৰিকভাৱে  উষ্ণতা কল্পনাৰ বাহিৰলৈ গুচি যাব। মাটি ফাটি যাব, পুখুৰী-নদী-নলা শুকাই যাব। পৃথিৱীৰ এটা ডাঙৰ অংশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।


বিজ্ঞানীসকলৰ মতে, প্ৰশান্ত মহাসাগৰৰ দাঁতিকাষৰীয়া  চিলি আৰু পেৰুৰ উপকূলত আৰু মহাসাগৰৰ কেন্দ্ৰীয় অংশত সৃষ্টি হোৱা 'এলনিনো 'য়ে ভাৰতৰ বৰ্ষা ঋতুত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বৰষুণৰ পৰিমাণ হ্ৰাস হ'ব পাৰে। তেনে ক্ষেত্ৰত মানুহৰ বাবে তাপ প্ৰবাহৰ সৈতে খাপ খোৱাটো কঠিন হৈ পৰিব। যদি বিশ্বৰ গড় তাপমাত্ৰা ২ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰে, তেন্তে ভাৰত, পাকিস্তান আৰু চীনত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ  হ'ব পাৰে। দুয়োখন দেশৰ প্ৰায় ২২০ কোটি   লোক এই তাপ প্ৰবাহৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু