--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ গ্ৰীষ্ম প্ৰবাহে দহিব ভাৰত আৰু পাকিস্তানক! বিশ্বই যোৱা কেইটামান দশক ধৰি গোলকীয় উষ্ণতাৰ আটাইতকৈ ভয়ংকৰ  ৰূপৰ সাক্ষী হ’বলগীয়া হৈছে। শক্তিশালী  ঘূৰ্ণীবতাহ, বানপানী, বৰফৰ গলন, খৰাঙৰ সন্মুখীন হৈছে বিশ্বৰ মানৱ। এক শেহতীয়া প্ৰতিবেদনত পৰিৱেশ বিজ্ঞানীসকলে কৈছে  যে অহা কেইটামান দশকত ভাৰতৰ বহু ঠাইক  তীব্ৰ গ্ৰীষ্ম প্ৰবাহে চুই যাব। পাকিস্তানৰ বৃহৎ অংশতো একেই ঘটনা  ঘটিব।

প্ৰতিবেদনত দাবী কৰা হৈছে যে তাপমাত্ৰাই প্ৰাণীৰ  সহনশীলতাৰ স্তৰ অতিক্ৰম কৰিব। দুয়োখন দেশৰ প্ৰায় ২২০ কোটি  লোক এই গ্ৰীষ্ম প্ৰবাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব। পশ্চিমীয়া কেইবাখনো বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে যুগুত কৰা প্ৰতিবেদন অনুসৰি মানৱ শৰীৰে কেৱল এক নিৰ্দিষ্ট তাপ সহ্য কৰিব পাৰে। পৰৱৰ্তী কেইটামান দশকত বতৰৰ আমূল পৰিৱৰ্তন হ'ব। তাপমাত্ৰাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। যিটো মানৱ শৰীৰৰ সহনশীলতাৰ বাহিৰত হ’ব। ফলস্বৰূপে  হিট  ষ্ট্ৰোক আৰু হৃদ ৰোগৰ আক্ৰমণ অভাৱনীয়ভাবে বৃদ্ধি  পাব । ইয়াৰ উপৰি  বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পাব।

ভাৰত আৰু পাকিস্তানৰ বহু অঞ্চলত খৰাং হ'ব। বিজ্ঞানীসকলে কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বাবেই এনে দুৰ্যোগ নামি আহিব।  নগৰীয়া সভ্যতাই সৃষ্টি কৰা  প্ৰদূষণ, গছ-গছনিৰ অবাধ ধ্বংস,   অত্যধিক তেজস্ক্ৰিয় পদাৰ্থৰ বিকিৰণে তাপ প্ৰবাহ বৃদ্ধি কৰিব।  বিজ্ঞানীসকলে বিশ্বাস কৰে যে এল নিনো  ২০২৪ চনত পুনৰ হোৱাৰ আশংকা আছে। সামগ্ৰিকভাৱে  উষ্ণতা কল্পনাৰ বাহিৰলৈ গুচি যাব। মাটি ফাটি যাব, পুখুৰী-নদী-নলা শুকাই যাব। পৃথিৱীৰ এটা ডাঙৰ অংশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।


বিজ্ঞানীসকলৰ মতে, প্ৰশান্ত মহাসাগৰৰ দাঁতিকাষৰীয়া  চিলি আৰু পেৰুৰ উপকূলত আৰু মহাসাগৰৰ কেন্দ্ৰীয় অংশত সৃষ্টি হোৱা 'এলনিনো 'য়ে ভাৰতৰ বৰ্ষা ঋতুত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বৰষুণৰ পৰিমাণ হ্ৰাস হ'ব পাৰে। তেনে ক্ষেত্ৰত মানুহৰ বাবে তাপ প্ৰবাহৰ সৈতে খাপ খোৱাটো কঠিন হৈ পৰিব। যদি বিশ্বৰ গড় তাপমাত্ৰা ২ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰে, তেন্তে ভাৰত, পাকিস্তান আৰু চীনত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ  হ'ব পাৰে। দুয়োখন দেশৰ প্ৰায় ২২০ কোটি   লোক এই তাপ প্ৰবাহৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ