--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ী দুৰ্ঘটনাৰ কবলত পৰিল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবীণ কুমাৰ। মঙলবাৰে নিশা উত্তৰ প্ৰদেশৰ মীৰাটত সন্মুখৰ পৰা অহা এখন ট্ৰাকে তেওঁৰ গাড়ীত খুন্দা মাৰে। সেই সময়ত তেওঁৰ পুত্ৰও গাড়ীত আছিল। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ট্ৰাক চালকজনক।

মীৰুটৰ আৰক্ষী আয়ুক্তৰ বাংলোৰ সমীপত সংঘটিত হৈছে এই ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন অতি জোৰেৰে আহি আছিল। প্ৰবীণৰ গাড়ীখন ঠিক তাতেই আছিল। ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰবীণৰ গাড়ীত খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বহু স্থানীয় লোক তালৈ যায়। প্ৰবীণ আৰু তেওঁৰ পুত্ৰক গাড়ীৰ পৰা উলিয়াই আনিলে। জানিব পৰা মতে, দুৰ্ঘটনাটোৰ পিছতো তেওঁলোকে বিশেষ আঘাত পোৱা নাছিল।

স্থানীয় ৰাইজেই প্ৰথমে কৰায়ত্ত কৰে ট্ৰাক চালকজনক। কিছু সময়ৰ পাছত আৰক্ষীয়ে তাত উপস্থিত হোৱাৰ লগে লগে ট্ৰাক চালকজনক আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে ট্ৰাক চালকজনক লৈ থানালৈ লৈ যায়। পিছত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈ যায়।

উল্লেখ্য যে এইটো প্ৰথম নহয়, প্ৰবীণৰ আগতেও গাড়ী দুৰ্ঘটনা হৈছিল। ২০০৭ চনত ভাৰতৰ এদিনীয়া দলত সুযোগ পোৱাৰ পিছত তেওঁক ঘৰুৱা চহৰ মীৰাটত আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হৈছিল। তেনেতে চলন্ত হুডযুক্ত জীপৰ পৰা পৰিছিল প্ৰবীণ। তেওঁ আঘাতো পাইছিল।

২০০৭ চনত ভাৰতৰ এদিনীয়া দলত অভিষেক ঘটাইছিল প্ৰবীণে। প্ৰবীনে উইকেটৰ দুয়োফালে বল চুইং কৰিব পাৰিছিল। অৱশ্যে বহুদিন খেলিব নোৱাৰিলে। শেষবাৰৰ বাবে ২০১২ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল। ভাৰতৰ হৈ ৬৮খন এদিনীয়াত প্ৰবীনে ৭৭টা উইকেট দখল কৰে। দেশৰ হৈ মাত্ৰ ৬ খন টেষ্ট খেলি লাভ কৰিছিল ২৭ টা উইকেট।

২০০৮ চনৰ পৰা ২০১৭ চনলৈকে আই পি এলতো খেলিছিল প্ৰবীনে। তেওঁ আৰ চি বি, পাঞ্জাব কিংছ, মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট লায়ন্সৰ হৈ খেলিছিল। ২০১৮ চনলৈকে ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশৰ হৈও খেলিছিল তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু