--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ী দুৰ্ঘটনাৰ কবলত পৰিল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবীণ কুমাৰ। মঙলবাৰে নিশা উত্তৰ প্ৰদেশৰ মীৰাটত সন্মুখৰ পৰা অহা এখন ট্ৰাকে তেওঁৰ গাড়ীত খুন্দা মাৰে। সেই সময়ত তেওঁৰ পুত্ৰও গাড়ীত আছিল। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ট্ৰাক চালকজনক।

মীৰুটৰ আৰক্ষী আয়ুক্তৰ বাংলোৰ সমীপত সংঘটিত হৈছে এই ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন অতি জোৰেৰে আহি আছিল। প্ৰবীণৰ গাড়ীখন ঠিক তাতেই আছিল। ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰবীণৰ গাড়ীত খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বহু স্থানীয় লোক তালৈ যায়। প্ৰবীণ আৰু তেওঁৰ পুত্ৰক গাড়ীৰ পৰা উলিয়াই আনিলে। জানিব পৰা মতে, দুৰ্ঘটনাটোৰ পিছতো তেওঁলোকে বিশেষ আঘাত পোৱা নাছিল।

স্থানীয় ৰাইজেই প্ৰথমে কৰায়ত্ত কৰে ট্ৰাক চালকজনক। কিছু সময়ৰ পাছত আৰক্ষীয়ে তাত উপস্থিত হোৱাৰ লগে লগে ট্ৰাক চালকজনক আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে ট্ৰাক চালকজনক লৈ থানালৈ লৈ যায়। পিছত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈ যায়।

উল্লেখ্য যে এইটো প্ৰথম নহয়, প্ৰবীণৰ আগতেও গাড়ী দুৰ্ঘটনা হৈছিল। ২০০৭ চনত ভাৰতৰ এদিনীয়া দলত সুযোগ পোৱাৰ পিছত তেওঁক ঘৰুৱা চহৰ মীৰাটত আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হৈছিল। তেনেতে চলন্ত হুডযুক্ত জীপৰ পৰা পৰিছিল প্ৰবীণ। তেওঁ আঘাতো পাইছিল।

২০০৭ চনত ভাৰতৰ এদিনীয়া দলত অভিষেক ঘটাইছিল প্ৰবীণে। প্ৰবীনে উইকেটৰ দুয়োফালে বল চুইং কৰিব পাৰিছিল। অৱশ্যে বহুদিন খেলিব নোৱাৰিলে। শেষবাৰৰ বাবে ২০১২ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল। ভাৰতৰ হৈ ৬৮খন এদিনীয়াত প্ৰবীনে ৭৭টা উইকেট দখল কৰে। দেশৰ হৈ মাত্ৰ ৬ খন টেষ্ট খেলি লাভ কৰিছিল ২৭ টা উইকেট।

২০০৮ চনৰ পৰা ২০১৭ চনলৈকে আই পি এলতো খেলিছিল প্ৰবীনে। তেওঁ আৰ চি বি, পাঞ্জাব কিংছ, মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট লায়ন্সৰ হৈ খেলিছিল। ২০১৮ চনলৈকে ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশৰ হৈও খেলিছিল তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement