--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলত এইবাৰ নতুন প্ৰশিক্ষকৰ চৰিত্ৰত ৰিংকু সিং! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ খেলৰ পূৰ্বে দলৰ ক্ৰিকেটাৰসকলক শিকাইছে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেনজনে। ৰিংকুৱে কি শিকাইছে? শীতল মস্তিষ্কৰে মেচ কেনেকৈ জিকিব লাগে সেই বিষয়ে শিকাইছে ৰিংকুৱে।

ৰিংকুৰ পৰা শিকাৰ কথা মুকলিকৈ কয় তিলক বৰ্মাই। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে কয়- ''আমি ৰিংকুৰ পৰা শিকিছো যে খেলখন কেনেকৈ শেষ কৰিব পাৰি। তেওঁ এই কামটো ধাৰাবাহিকভাৱে কৰি আছে। আমিও পৰৱৰ্তী মেচত সেইটো কৰিব বিচাৰো যদিহে আমি সুযোগ পাওঁ।’’

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰি দললৈ উভতি আহিছে ৰিংকুৱে। শেষৰ অভাৰত ইটোৰ পিছত সিটোকৈ উইকেট যোৱাৰ পাছতো তেওঁ শান্ত হৈ থাকিল। শেষৰ বলৰ পৰা ১ ৰানৰ প্ৰয়োজন হৈছিল। ৰিংকুৱে ছয় মাৰিলে। কিন্তু সেই বলটো ন’ বল হোৱাৰ বাবে তেওঁ ৰান নাপালে। অৱশ্যে কোনো সমস্যা নাছিল। দল জয় হ’ল।

যোৱাবাৰ আই পি এলত কে কে আৰৰ হৈ এই কাম ধাৰাবাহিকভাৱে কৰিছিল ৰিংকুৱে। গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষৰ পাঁচটা বলত ৫টা ছয় মাৰি কলকাতা জয় কৰে। ৰিংকুৱে ১৪খন মেচত ১৪৯.৫৩ ষ্ট্ৰাইক ৰেটত ৪৭৪ ৰান সংগ্ৰহ কৰে। আই পি এলত ভাল খেলি ভাৰতৰ টি-২০ দলত সুযোগ পালে। বাওঁহাতৰ বেটছমেনে তাত একে কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক