--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলত এইবাৰ নতুন প্ৰশিক্ষকৰ চৰিত্ৰত ৰিংকু সিং! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ খেলৰ পূৰ্বে দলৰ ক্ৰিকেটাৰসকলক শিকাইছে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেনজনে। ৰিংকুৱে কি শিকাইছে? শীতল মস্তিষ্কৰে মেচ কেনেকৈ জিকিব লাগে সেই বিষয়ে শিকাইছে ৰিংকুৱে।

ৰিংকুৰ পৰা শিকাৰ কথা মুকলিকৈ কয় তিলক বৰ্মাই। ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে কয়- ''আমি ৰিংকুৰ পৰা শিকিছো যে খেলখন কেনেকৈ শেষ কৰিব পাৰি। তেওঁ এই কামটো ধাৰাবাহিকভাৱে কৰি আছে। আমিও পৰৱৰ্তী মেচত সেইটো কৰিব বিচাৰো যদিহে আমি সুযোগ পাওঁ।’’

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰি দললৈ উভতি আহিছে ৰিংকুৱে। শেষৰ অভাৰত ইটোৰ পিছত সিটোকৈ উইকেট যোৱাৰ পাছতো তেওঁ শান্ত হৈ থাকিল। শেষৰ বলৰ পৰা ১ ৰানৰ প্ৰয়োজন হৈছিল। ৰিংকুৱে ছয় মাৰিলে। কিন্তু সেই বলটো ন’ বল হোৱাৰ বাবে তেওঁ ৰান নাপালে। অৱশ্যে কোনো সমস্যা নাছিল। দল জয় হ’ল।

যোৱাবাৰ আই পি এলত কে কে আৰৰ হৈ এই কাম ধাৰাবাহিকভাৱে কৰিছিল ৰিংকুৱে। গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষৰ পাঁচটা বলত ৫টা ছয় মাৰি কলকাতা জয় কৰে। ৰিংকুৱে ১৪খন মেচত ১৪৯.৫৩ ষ্ট্ৰাইক ৰেটত ৪৭৪ ৰান সংগ্ৰহ কৰে। আই পি এলত ভাল খেলি ভাৰতৰ টি-২০ দলত সুযোগ পালে। বাওঁহাতৰ বেটছমেনে তাত একে কাম কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক