--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ দিন ধৰি হেংঅভাৰ! মদ্যপান কৰাৰ পাছত চেতনা ঘূৰাই পোৱা নাছিল এজন ৩৪ বছৰীয়া যুৱকে। তেওঁ হেংগ অভাৰৰ অভিলেখ গঢ়িছিল। ২৮ দিন পূৰ্বে যুৱকজনে প্ৰায় ৩৪ লিটাৰ বিয়েৰ সেৱন কৰিছিল। ইমান বিয়েৰ সেৱনৰ ফলত স্বাভাৱিকতে তেওঁ অচেতন হৈ পৰিল। ইয়াৰ লগতে গোটেই শৰীৰত বিষ, মূৰ ঘূৰোৱা, ঠাণ্ডা, দৃষ্টিশক্তি ম্লান হোৱা আদি লক্ষণো দেখা দিছিল।

প্ৰথম দুদিন তেওঁ আক্ষৰিক অৰ্থত অচেতন হৈ আছিল। তাৰ পিছত চেতনা আহিল যদিও বাকী সমস্যাবোৰ তাতেই আছিল। লৰচৰ কৰাৰ শক্তিও হেৰুৱাই পেলালে। ডেকাজনে ভাবিলে কিছু সময় দিলেই ভাল হ’ব। কিন্তু ২০ দিনৰ পিছতো শাৰীৰিক অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়, ডাক্তৰৰ ওচৰলৈ যায়।

ডাক্তৰে চিটি স্কেন কৰিলে। কোনো অস্বাভাৱিকতা ধৰা নপৰাৰ বাবে দ্বিতীয়বাৰৰ বাবে চিটি স্কেন কৰা হ’ল। দ্বিতীয়টো চিটি স্কেনৰ ৰিপৰ্টত মূৰত তেজ জমা হোৱা দেখা গৈছিল। এন্টিব’ডিয়ে শৰীৰৰ বিভিন্ন কোষক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ফলত শাৰীৰিক দুৰ্বলতা দেখা যায়। স্নায়ুৰ মাজত ৰক্তক্ষৰণৰ বাবেও দৃষ্টিশক্তি ম্লান হৈ পৰে। এতিয়াৰ বাবে যুৱকজন চিকিৎসাধীন হৈ আছে।

অত্যধিক মদ্যপানে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি চিকিৎসকে কয়। নিয়মীয়াকৈ মদ্যপান কৰিলে একেলগে বৃহৎ পৰিমাণে সেৱন কৰাৰ দৰে অসুবিধা নহয়। কেতিয়াবা মৃত্যুৰ আশংকাও থাকে। গতিকে চিকিৎসকে এবাৰতে অধিক মদ খোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। কাৰোবাৰ অন্য ৰোগ হ’লে জটিলতা বেছি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক