--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ দিন ধৰি হেংঅভাৰ! মদ্যপান কৰাৰ পাছত চেতনা ঘূৰাই পোৱা নাছিল এজন ৩৪ বছৰীয়া যুৱকে। তেওঁ হেংগ অভাৰৰ অভিলেখ গঢ়িছিল। ২৮ দিন পূৰ্বে যুৱকজনে প্ৰায় ৩৪ লিটাৰ বিয়েৰ সেৱন কৰিছিল। ইমান বিয়েৰ সেৱনৰ ফলত স্বাভাৱিকতে তেওঁ অচেতন হৈ পৰিল। ইয়াৰ লগতে গোটেই শৰীৰত বিষ, মূৰ ঘূৰোৱা, ঠাণ্ডা, দৃষ্টিশক্তি ম্লান হোৱা আদি লক্ষণো দেখা দিছিল।

প্ৰথম দুদিন তেওঁ আক্ষৰিক অৰ্থত অচেতন হৈ আছিল। তাৰ পিছত চেতনা আহিল যদিও বাকী সমস্যাবোৰ তাতেই আছিল। লৰচৰ কৰাৰ শক্তিও হেৰুৱাই পেলালে। ডেকাজনে ভাবিলে কিছু সময় দিলেই ভাল হ’ব। কিন্তু ২০ দিনৰ পিছতো শাৰীৰিক অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়, ডাক্তৰৰ ওচৰলৈ যায়।

ডাক্তৰে চিটি স্কেন কৰিলে। কোনো অস্বাভাৱিকতা ধৰা নপৰাৰ বাবে দ্বিতীয়বাৰৰ বাবে চিটি স্কেন কৰা হ’ল। দ্বিতীয়টো চিটি স্কেনৰ ৰিপৰ্টত মূৰত তেজ জমা হোৱা দেখা গৈছিল। এন্টিব’ডিয়ে শৰীৰৰ বিভিন্ন কোষক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ফলত শাৰীৰিক দুৰ্বলতা দেখা যায়। স্নায়ুৰ মাজত ৰক্তক্ষৰণৰ বাবেও দৃষ্টিশক্তি ম্লান হৈ পৰে। এতিয়াৰ বাবে যুৱকজন চিকিৎসাধীন হৈ আছে।

অত্যধিক মদ্যপানে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি চিকিৎসকে কয়। নিয়মীয়াকৈ মদ্যপান কৰিলে একেলগে বৃহৎ পৰিমাণে সেৱন কৰাৰ দৰে অসুবিধা নহয়। কেতিয়াবা মৃত্যুৰ আশংকাও থাকে। গতিকে চিকিৎসকে এবাৰতে অধিক মদ খোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। কাৰোবাৰ অন্য ৰোগ হ’লে জটিলতা বেছি হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক