--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ পৰৱৰ্তী প্ৰশিক্ষক বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ব’ৰ্ডে। ৱেবছাইটত বিজ্ঞাপনৰ জৰিয়তে আবেদন পত্ৰ বিচৰা হয়। কিছুমান যোগ্যতাৰ মাপকাঠী পূৰণ কৰিলেহে প্ৰশিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু সেই বিজ্ঞাপনটোক লৈ বিমোৰত পৰিছে ব’ৰ্ড। সাধাৰণ সমৰ্থকসকলেও আবেদন কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰশিক্ষক পদৰ বিজ্ঞাপন ‘গুগল ফৰ্ম’ৰ জৰিয়তে আবেদন কৰিব পাৰিব। যিকোনো ব্যক্তিয়ে নিজৰ ইমেইল আইডি ব্যৱহাৰ কৰি আবেদন কৰিব পাৰিব। সেইটোৱেই সমস্যাৰ কাৰণ। ইজনৰ পিছত সিজন সমৰ্থকে সেই প্ৰ-পত্ৰ পূৰণ কৰি আৱেদন আৰম্ভ কৰিছে। ব’ৰ্ডে ইয়াক চম্ভালিবলৈ সংগ্ৰাম কৰি আছে।

ব’ৰ্ডৰ কোনেও এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো কথা কোৱা নাই। কিন্তু সমৰ্থকসকলে নিজেই উদ্যোগ লৈ আবেদনখনৰ প্ৰচাৰ আৰম্ভ কৰিছে। এক্স হেণ্ডেলত (পূৰ্বৰ টুইটাৰ) বিজ্ঞাপন দিয়া পোষ্টটোত সমৰ্থকসকলে ক’বলৈ ওলাইছে যে তেওঁলোকে আবেদন কৰিব বিচাৰে।

জনী ব্ৰাভো নামৰ এজন অনুৰাগীয়ে লিখিছে, ‘ভাৰতীয় প্ৰশিক্ষকৰ পদৰ বাবে আবেদন কৰিছিল। আশাকৰোঁ মোৰ বিশেষজ্ঞ প্ৰশিক্ষক আৰু পৰামৰ্শৰ সহায়ত ভাৰতে ২০২৭ চনত দক্ষিণ আফ্ৰিকালৈ গৈ বিশ্বকাপ জয় কৰিব।” সোহামে লিখিছে, ভাৰতৰ প্ৰশিক্ষক হ’বলৈ মই ৰৈ থাকিব নোৱাৰো। অধ্যাপক চাহাব নামৰ এজন ব্যক্তিয়ে লিখিছে, "অনুগ্ৰহ কৰি মোৰ আবেদন বিবেচনা কৰক।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু