--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেল খেললৈ এদিন বাকী। এফালে ভাৰতে দ্বিতীয়বাৰৰ বাবে দেশৰ মাটিত ট্ৰফী জয় কৰাৰ সপোন দেখিছে, আনফালে অষ্ট্ৰেলিয়াই ছবাৰকৈ বিশ্ব চেম্পিয়ন হোৱাৰ সুযোগ পাইছে। এনে পৰিস্থিতিত কোন দলে বিশ্বকাপ জয় কৰিব সেয়া খেলৰ ২৪ ঘন্টা আগতেই গম পোৱা গ’ল।

জ্যোতিষীসকলে ভাৰত আৰু অষ্ট্ৰেলিয়া উভয়ৰে ক্ৰিকেটাৰসকলৰ ভাগ্য নিৰ্ণয় কৰি ভাৰতৰ জয়ৰ সম্ভাৱনা অধিক বুলি কৈছে। কাৰণ ভাৰতীয় ক্ৰিকেটাৰৰ গ্ৰহৰ স্থান অতি শক্তিশালী। ভাৰতক সৰ্বাধিক সুবিধা দিছে অধিনায়ক ৰোহিত শৰ্মাই। তেওঁৰ গ্ৰহৰ অৱস্থান ২০১১ চনৰ বিশ্বকাপত মহেন্দ্ৰ সিং ধোনিৰ দৰেই। অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ট্ৰফী উত্তোলন কৰাৰ সম্ভাৱনা বহু বেছি।

শুবমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, লোকেশ ৰাহুল, মহম্মদ ছামি আৰু জস্প্ৰিত বুমৰহৰ শুক্ৰ, ইউৰেনাছ আৰু নেপচুন আদিৰ স্থান অতি ভাল। ভাৰতীয় দলৰ অধিকাংশ ক্ৰিকেটাৰৰহে মংগল গ্ৰহৰ প্লেচমেণ্টৰ ক্ষেত্ৰত অলপ সমস্যা আছে। ফলত ক্ৰিকেটাৰসকলে নিজৰ ফিটনেছৰ ওপৰত চকু ৰাখিব লগা হয়। 

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ গ্ৰহীয় স্থানো শক্তিশালী। কিন্তু ৰোহিততকৈ কম। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ ভিতৰত ট্ৰেভিছ হেড, মিচেল মাৰ্ছ, এডাম জাম্পা, মিচেল ষ্টাৰক আৰু মাৰ্নেছ লাবুচেনে ভাৰতক অশান্তি দিব পাৰে। মেচখনৰ যিকোনো পৰিস্থিতিত ভাৰত হেঁচাত পৰিব পাৰে। কিন্তু ৰোহিতে তেওঁলোকক সকলো পৰিস্থিতিৰ পৰা উলিয়াই আনিব। জ্যোতিষীসকলৰ মতে ভাৰতীয় অধিনায়কৰ ভাগ্যই দলটোক জয়ী কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক