--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত-অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেল খেললৈ এদিন বাকী। এফালে ভাৰতে দ্বিতীয়বাৰৰ বাবে দেশৰ মাটিত ট্ৰফী জয় কৰাৰ সপোন দেখিছে, আনফালে অষ্ট্ৰেলিয়াই ছবাৰকৈ বিশ্ব চেম্পিয়ন হোৱাৰ সুযোগ পাইছে। এনে পৰিস্থিতিত কোন দলে বিশ্বকাপ জয় কৰিব সেয়া খেলৰ ২৪ ঘন্টা আগতেই গম পোৱা গ’ল।

জ্যোতিষীসকলে ভাৰত আৰু অষ্ট্ৰেলিয়া উভয়ৰে ক্ৰিকেটাৰসকলৰ ভাগ্য নিৰ্ণয় কৰি ভাৰতৰ জয়ৰ সম্ভাৱনা অধিক বুলি কৈছে। কাৰণ ভাৰতীয় ক্ৰিকেটাৰৰ গ্ৰহৰ স্থান অতি শক্তিশালী। ভাৰতক সৰ্বাধিক সুবিধা দিছে অধিনায়ক ৰোহিত শৰ্মাই। তেওঁৰ গ্ৰহৰ অৱস্থান ২০১১ চনৰ বিশ্বকাপত মহেন্দ্ৰ সিং ধোনিৰ দৰেই। অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ট্ৰফী উত্তোলন কৰাৰ সম্ভাৱনা বহু বেছি।

শুবমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, লোকেশ ৰাহুল, মহম্মদ ছামি আৰু জস্প্ৰিত বুমৰহৰ শুক্ৰ, ইউৰেনাছ আৰু নেপচুন আদিৰ স্থান অতি ভাল। ভাৰতীয় দলৰ অধিকাংশ ক্ৰিকেটাৰৰহে মংগল গ্ৰহৰ প্লেচমেণ্টৰ ক্ষেত্ৰত অলপ সমস্যা আছে। ফলত ক্ৰিকেটাৰসকলে নিজৰ ফিটনেছৰ ওপৰত চকু ৰাখিব লগা হয়। 

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ গ্ৰহীয় স্থানো শক্তিশালী। কিন্তু ৰোহিততকৈ কম। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলৰ ভিতৰত ট্ৰেভিছ হেড, মিচেল মাৰ্ছ, এডাম জাম্পা, মিচেল ষ্টাৰক আৰু মাৰ্নেছ লাবুচেনে ভাৰতক অশান্তি দিব পাৰে। মেচখনৰ যিকোনো পৰিস্থিতিত ভাৰত হেঁচাত পৰিব পাৰে। কিন্তু ৰোহিতে তেওঁলোকক সকলো পৰিস্থিতিৰ পৰা উলিয়াই আনিব। জ্যোতিষীসকলৰ মতে ভাৰতীয় অধিনায়কৰ ভাগ্যই দলটোক জয়ী কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক