--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে নিশা ভাল খবৰটো দিলে ইলিয়ানা ডি ক্ৰুজে। ১ আগষ্টত সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে। নাম দিয়া হৈছে কোয়া ফিনিক্স ডোলান।

উল্লেখ্য যে ইলিয়ানাই গৰ্ভাৱস্থাত গৰ্ভস্থ সন্তানৰ পিতৃত্ব গোপন কৰি ৰাখিছিল। বহুতে ভাবিছিল যে তাই নিজৰ সন্তানক অকলশৰীয়া মাতৃ হিচাপে ডাঙৰ-দীঘল কৰিব। কিন্তু পুত্ৰ জন্মৰ পিছত সকলো স্পষ্ট হৈ পৰে।

দেউতাকৰ উপাধিটোয়ে পুত্ৰক দিলে ইলিয়ানাই। দৰাচলতে গৰ্ভধাৰণৰ খবৰ ঘোষণা কৰাৰ দুসপ্তাহ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীয়ে। যদিও গোটেই কথাটো বৰ নিৰৱে ঘটিছিল। কিন্তু আৰু এতিয়া লুকাই থকা নাই, এইবাৰ পোহৰলৈ আহিল অভিনেত্ৰীগৰাকীৰ বিয়াৰ তাৰিখ আৰু স্বামীৰ পৰিচয়।

গৰ্ভৱতী হোৱাৰ পিছৰে পৰা ইলিয়ানাই শিশুটিৰ দেউতাকক গোপন কৰি ৰাখিছিল। অভিনেত্ৰীগৰাকীৰ সন্তানৰ পিতৃত্বক লৈ বহুতে উত্তেজিত হৈ পৰিছিল।

অৱশেষত গৰ্ভাৱস্থাৰ শেষ পৰ্যায়ত স্বামীক জনসাধাৰণৰ মাজলৈ লৈ আহিছিল। যদিও তেতিয়া তেওঁৰ পৰিচয় আছিল ইলিয়ানাৰ প্ৰেমিক। চলিত বৰ্ষৰ ১৩ মে’ত বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰীগৰাকীৰ।

অভিনেত্ৰীগৰাকীৰ স্বামীৰ নাম হৈছে মাইকেল ডোলান। সূত্ৰৰ পৰা জানিব পৰা মতে, খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয়। কিন্তু তেওঁলোকৰ বিবাহ ক’ত হৈছিল, অভিনেত্ৰীগৰাকীৰ স্বামীয়ে কি কৰে - ইলিয়ানাই এতিয়া সকলো কথা প্ৰকাশ কৰিবলৈ অনিচ্ছুক।

সন্তান জন্ম দিয়াৰ অৱস্থাতো ইলিয়ানা কেইবাবাৰো বিৰোধীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে কোনো ধৰণৰ কটুক্তি প্ৰত্যুত্তৰ দিয়া নাছিল। অৱশেষত শনিবাৰে নিশা তেওঁ ভাল খবৰটো দিলে, ইলিয়ানাৰ বিয়াৰ তাৰিখ প্ৰকাশ হ’ল।

পুত্ৰ কোয়াই ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত লিখিছে, ‘কোনো শব্দই আমাৰ আনন্দৰ বৰ্ণনা কৰিব নোৱাৰে। পৃথিৱীলৈ স্বাগতম ল’ৰা।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ