--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে নিশা ভাল খবৰটো দিলে ইলিয়ানা ডি ক্ৰুজে। ১ আগষ্টত সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে। নাম দিয়া হৈছে কোয়া ফিনিক্স ডোলান।

উল্লেখ্য যে ইলিয়ানাই গৰ্ভাৱস্থাত গৰ্ভস্থ সন্তানৰ পিতৃত্ব গোপন কৰি ৰাখিছিল। বহুতে ভাবিছিল যে তাই নিজৰ সন্তানক অকলশৰীয়া মাতৃ হিচাপে ডাঙৰ-দীঘল কৰিব। কিন্তু পুত্ৰ জন্মৰ পিছত সকলো স্পষ্ট হৈ পৰে।

দেউতাকৰ উপাধিটোয়ে পুত্ৰক দিলে ইলিয়ানাই। দৰাচলতে গৰ্ভধাৰণৰ খবৰ ঘোষণা কৰাৰ দুসপ্তাহ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰীগৰাকীয়ে। যদিও গোটেই কথাটো বৰ নিৰৱে ঘটিছিল। কিন্তু আৰু এতিয়া লুকাই থকা নাই, এইবাৰ পোহৰলৈ আহিল অভিনেত্ৰীগৰাকীৰ বিয়াৰ তাৰিখ আৰু স্বামীৰ পৰিচয়।

গৰ্ভৱতী হোৱাৰ পিছৰে পৰা ইলিয়ানাই শিশুটিৰ দেউতাকক গোপন কৰি ৰাখিছিল। অভিনেত্ৰীগৰাকীৰ সন্তানৰ পিতৃত্বক লৈ বহুতে উত্তেজিত হৈ পৰিছিল।

অৱশেষত গৰ্ভাৱস্থাৰ শেষ পৰ্যায়ত স্বামীক জনসাধাৰণৰ মাজলৈ লৈ আহিছিল। যদিও তেতিয়া তেওঁৰ পৰিচয় আছিল ইলিয়ানাৰ প্ৰেমিক। চলিত বৰ্ষৰ ১৩ মে’ত বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰীগৰাকীৰ।

অভিনেত্ৰীগৰাকীৰ স্বামীৰ নাম হৈছে মাইকেল ডোলান। সূত্ৰৰ পৰা জানিব পৰা মতে, খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয়। কিন্তু তেওঁলোকৰ বিবাহ ক’ত হৈছিল, অভিনেত্ৰীগৰাকীৰ স্বামীয়ে কি কৰে - ইলিয়ানাই এতিয়া সকলো কথা প্ৰকাশ কৰিবলৈ অনিচ্ছুক।

সন্তান জন্ম দিয়াৰ অৱস্থাতো ইলিয়ানা কেইবাবাৰো বিৰোধীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে কোনো ধৰণৰ কটুক্তি প্ৰত্যুত্তৰ দিয়া নাছিল। অৱশেষত শনিবাৰে নিশা তেওঁ ভাল খবৰটো দিলে, ইলিয়ানাৰ বিয়াৰ তাৰিখ প্ৰকাশ হ’ল।

পুত্ৰ কোয়াই ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত লিখিছে, ‘কোনো শব্দই আমাৰ আনন্দৰ বৰ্ণনা কৰিব নোৱাৰে। পৃথিৱীলৈ স্বাগতম ল’ৰা।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?