--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট্ৰেইন টিকট অবিহনে উঠাৰ বাবেই টিটিইৰ চৰ সন্মুখীন এজন যাত্ৰী৷ এই ঘটনাত জড়িত এজন ভাৰতীয় ৰে’লৱেৰ ট্ৰেভেলিং টিকট পৰীক্ষকক বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে নিলম্বন কৰা হয়৷

অভিযুক্ত টিটিইৰ বিৰুদ্ধে ৰে’ল বিভাগেও তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে।এই কাণ্ডৰ সৈতে জড়িত ভিডিঅ’টো এক্স, পূৰ্বতে টুইটাৰত ভাইৰেল হৈ পৰে, য’ত দেখা গৈছে যে অভিযুক্ত টিটিইজনে বাৰে বাৰে বাৰাউনি-লক্ষ্ণৌ এক্সপ্ৰেছ (১৫২০৩)ত যাত্ৰীগৰাকীক চৰ মাৰিছিল। ভিডিঅ’টোত যাত্ৰীগৰাকীয়ে অভিযুক্ত টিটিইক আক্ৰমণৰ কাৰণো সুধি থকা দেখা গৈছে।

ভিডিঅ’টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, “এনে অসৎ আচৰণৰ বাবে শূন্য সহনশীলতা, টিটিইক ইতিমধ্যে নিলম্বন কৰা হৈছে”।ইয়াৰ পূৰ্বে লক্ষ্ণৌ সংমণ্ডলৰ বিভাগীয় ৰে’লৱে পৰিচালকে ভিডিঅ’টোৰ প্ৰতি লক্ষ্য ৰাখি কয় যে, “সংশ্লিষ্ট টিটিইৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে।”

উল্লেখ্য যে যোৱা বছৰৰ আৰম্ভণিতে একেধৰণৰ কাণ্ডত বেংগালুৰুৰ কৃষ্ণৰাজাপুৰম ৰে’লৱে ষ্টেচনৰ সমীপত এগৰাকী মহিলা যাত্ৰীক মদ্যপান কৰি হাৰাশাস্তি কৰাৰ অভিযোগত টিটিইক নিলম্বন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক